NORTHEAST NOW (Assamese)

এছএফআই  আৰু ডিৱাইএফআইৰ যৌথ উদ্যোগত সাকোমঠা চাহ বাগিছাত ৭২ তম স্বাধীনতা দিৱস পালন

August 16, 2018 3:57 pm · কাজি জেইদুল ইছলাম 
Updated: August 16, 2018 3:58 pm

প্ৰতিবছৰৰ দৰে এইবাৰো ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)  আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI) ৰ সাধাৰু ইউনিট কমিটিৰ যৌথ উদ্যোগত সাকোমঠা চাহ বাগিছাৰ কছাৰী লাইন প্ৰাথমিক বিদ্যালয় খেলপথাৰত দিন জোৰা কাৰ্যসূচীৰ মাজেৰে দেশৰ ৭২ তম স্বাধীনতা দিৱস পালন কৰা হয়।

এই উদ্দেশ্য আগত ৰাখি ব্যতিক্ৰমী প্ৰয়াসেৰে বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাত বিগত বৰ্ষৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসুচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস। কাৰ্যসূচী অনুযায়ী ফুটবল প্ৰতিযোগিতাকে আদি কৰি বিভিন্ন খেল-ধেমালিৰ লগতে ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত তথা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত বাগিছা কৰ্তৃপক্ষৰ ওপৰিও সংগঠন দুটাৰ জিলা তথা আঞ্চলিক নেতৃবৃন্দৰ ওপৰিও বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News