পাক-অধীকৃত কাশ্মীৰত পাকিস্তানৰ কোনো অধিকাৰ নাই : পাকিস্তান চৰকাৰৰ স্বীকাৰোক্তি

পাকিস্তানৰ অধীনত থকা ‘পাক-অধীকৃত কাশ্মীৰ’ক বিদেশী ভূমি বুলি স্বীকৃৰ কৰিছে পাকিস্তান চৰকাৰে। এই ভূমি ভাৰতৰ পৰা অবৈধভাবে দখল কৰা বুলি মন্তব্য প্ৰদান কৰিছে পাকিস্তান চৰকাৰে।

শুকুৰবাৰে ইছলামবাগ উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰে নিযুক্তি দিয়া অতিৰিক্ত এটৰ্নী জেনেৰেলে আদালতত কয় যে, কাশ্মীৰৰ যি অংশৰ পৰা আৰক্ষীয়ে কাশ্মীৰী কবি আৰু সাংবাদিক আহমেদ ফাৰহাদ শ্বাহক গ্ৰেপ্তাৰ কৰিছিল, সেয়া পাকিস্তানৰ অংশ নহয়। সেয়া বিদেশী ভূখণ্ড।”

উল্লেখ্য যে ১৯৪৮ চনত আক্ৰমণ কৰি পাকিস্তানে তেতিয়াৰ ৰাজ্য জম্মু-কাশ্মীৰৰ এটা অংশ অবৈধভাৱে দখল কৰিছিল। জম্মু-কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ লগত চামিল হোৱাৰ পিছত ভাৰতীয় সেনাই পাকিস্তানে দখল কৰা ভূখণ্ডৰ কিছু অংশ মুক্ত কৰে যদিও এক বিশাল খণ্ড পাকিস্তানৰ নিয়ন্ত্ৰণতে থাকি যায়। পাকিস্তান চৰকাৰৰ তত্বাৱধানত তাত এখন সুকীয়া বিধায়িনীও গঠন কৰা হয়।

এনে পৰিস্থিতিত পাক-অধীকৃত কাশ্মীৰত সাংবাদিক ফাৰহাদক গ্ৰেপ্তাৰ কৰাৰ গোচৰত ৰাজহুৱা অভিযুক্তৰ মন্তব্যক কেন্দ্ৰ কৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। ইছলামবাগ উচ্চ ন্যায়ালয়ত ফাৰহাদক হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ সময়ত অতিৰিক্ত এটৰ্নী জেনেৰেলে যুক্তি দিছিল যে যিহেতু পাকিস্তান দখল কৰা কাশ্মীৰ বিদেশী ভূখণ্ড, গতিকে গ্ৰেপ্তাৰ হোৱা ফাৰহাদক ইছলামবাগ উচ্চ ন্যায়ালয়ত হাজিৰ কৰিব নোৱাৰিব।

কিন্তু সেই উত্তৰত সন্তুষ্ট নহৈ আদালতে প্ৰশ্ন উত্থাপন কৰিলে “যদি বিদেশী ভূখণ্ড হয়, তেন্তে কি অধিকাৰত পাক সেনা আৰু ৰেঞ্জাৰসকলে তাত প্ৰৱেশ কৰি শিবিৰ সাজি লয়? কি অধিকাৰেৰে বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে?”

উল্লেখ্য যে কাৰাকোৰাম পৰ্বতমালাৰে আগুৰি থকা গিলগিট-বাল্টিস্তান পাক-অধীকৃত কাশ্মীৰৰ লগতে ব্ৰিটিছ শাসিত জম্মু-কাশ্মীৰ ৰাজ্যৰ অংশ আছিল। জম্মু-কাশ্মীৰ উপত্যকাৰ কিছু অংশৰ লগতে ১৯৪৮ চনত পাকিস্তানে এই অঞ্চল দখল কৰিছিল। কিন্তু পাকিস্তানে অধিগ্ৰহণ কৰা কাশ্মীৰৰ ৰাজধানী মুজাফ্ফৰাবাদৰ নিয়ন্ত্ৰণলৈ নিনিয়াকৈ গিলগিট-বাল্টিস্তানক ‘ফেডাৰেল প্ৰশাসিত উত্তৰ এলেকা’ নামেৰে প্ৰত্যক্ষ কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ অধীনলৈ অনা হ’ল। গিলগিট-বাল্টিস্তানে নাম সলনি কৰাৰ পিছত ২০০৯ চনত কেন্দ্ৰীয় নিয়ন্ত্ৰণত প্ৰথমবাৰৰ বাবে স্থানীয় বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰে।