• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাকিৰাৰ চমকৰ লগতে নোৰাৰ আকৰ্ষণীয় ভংগীমা! কেনেকুৱা হ’ব বিশ্বকাপৰ মুকলি অনুষ্ঠান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 5:43 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰম্ভ হৈছে বিশ্বকাপ। তিনিখন আয়োজক দেশ। ৯৬ বছৰীয়া বিশ্বকাপৰ ইতিহাসত এই প্ৰথমবাৰ তিনিখন দেশে আয়োজন কৰিছে। কেৱল সেয়াই নহয়, প্ৰতিখন আয়োজক দেশত একেলগে মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব। অৰ্থাৎ বিশ্বকাপৰ মুকলি অনুষ্ঠান আমেৰিকা, মেক্সিকো আৰু কানাডাত একে সময়তে অনুষ্ঠিত হ’ব। আৰু ইয়াৰ দ্বাৰাও ইতিহাসৰ সৃষ্টি হ’ব। ক’ত কেতিয়া হ’ব মুকলি অনুষ্ঠান? কোনে কোনে প্ৰদৰ্শন কৰিব? জানি লওক সবিশেষ –

মেক্সিকো চহৰত প্ৰথম মুকলি অনুষ্ঠান

Apply Now

মেক্সিকো চহৰৰ ঐতিহাসিক এজটেকা ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’ব এইবাৰৰ বিশ্বকাপৰ আনুষ্ঠানিক যাত্ৰা। ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত আয়োজক মেক্সিকো আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ’ব। মেচ আৰম্ভ হোৱাৰ প্ৰায় ৯০ মিনিট আগতে অৰ্থাৎ নিশা ১০:৩০ বজাৰ পৰা মুকলি অনুষ্ঠান আৰম্ভ হ’ব।

এই অনুষ্ঠানৰ মূল লক্ষ্য হ’ব মেক্সিকোৰ সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসক উজ্জ্বল কৰি তোলা। মেক্সিকোৰ স্থানীয় শিল্পী, লোকসংস্কৃতি আৰু বিখ্যাত ‘পেপেল পিকাডো’ শিল্পকলাৰ জৰিয়তে দেশখনৰ বৈচিত্ৰময় সাংস্কৃতিক পৰিচয় দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হ’ব।

এই অনুষ্ঠানৰ অন্যতম মূল আকৰ্ষণ হ’ব বিশ্ববিখ্যাত পপ তাৰকা ছাকিৰা। ২০১০ চনৰ বিশ্বকাপত নিজৰ ‘ৱাকা ৱাকা’ৰ জৰিয়তে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰা শিল্পীগৰাকীয়ে এইবাৰ ২০২৬ চনৰ বিশ্বকাপৰ অফিচিয়েল গান ‘ডাই ডাই (লেটছ গ’)’ গাব। তেওঁৰ সৈতে মঞ্চত উপস্থিত থাকিব নাইজেৰিয়াৰ তাৰকা বাৰ্না বয়।

ইয়াৰ উপৰিও বিশ্বকাপৰ অফিচিয়েল এলবামৰ কেইবাজনো শিল্পী—জে বালভিন, বেলিণ্ডা, আলেজান্দ্ৰ’ ফাৰ্নাণ্ডেজ, ডেনি অ’চেন, লিলা ডাউন্স, লছ এঞ্জেলছ এজুলছ, মানা আৰু দক্ষিণ আফ্ৰিকাৰ টাইলাই—এই অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিব।

বিশ্বকাপৰ আৰম্ভণিৰ লগে লগে মেক্সিকোত উৎসৱমুখৰ পৰিৱেশ। সেই দেশৰ চৰকাৰে মেক্সিকোত বন্ধ ঘোষণা কৰিছে।

কানাডাৰ টৰন্টোত উদযাপন

মেক্সিকোৰ পিছত কানাডা। আনখন আয়োজক কানাডাই টৰন্টো ষ্টেডিয়ামত বছনিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে খেলৰ জৰিয়তে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাৰ পৰা আৰম্ভ হ’ব মুকলি অনুষ্ঠান আৰু নিশা ১২:৩০ বজাৰ পৰা খেল আৰম্ভ হ’ব।

আলানিছ মৰিছেট, মাইকেল বুবলে, এলেছিয়া কাৰা, নোৰা ফাটেহি, উইলিয়াম প্ৰিন্স, ইলিয়ানা আদিয়ে মঞ্চত শোভা বঢ়াব।

লছ এঞ্জেলছত আমেৰিকাৰ জাকজমকীয়া অনুষ্ঠান

আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তৃতীয় আৰু অন্তিম মুকলি অনুষ্ঠান। শনিবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান আৰু পুৱা ৬:৩০ বজাত আমেৰিকাই পেৰাগুৱেৰ বিৰুদ্ধে খেলিব।

কেটি পেৰী, অনিটা, ফিউচাৰ, লিজা, ৰেমা আৰু টাইলাৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিব।

মুকলি অনুষ্ঠানৰ জনপ্ৰিয়তা, সৌজন্যত ছাকিৰা

এটা সময়ত ফুটবল অনুৰাগীৰ মাজত বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানক লৈ বিশেষ আগ্ৰহ নাছিল। কিন্তু ২০১০ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত বিশ্বকাপত ছাকিৰাৰ ‘ৱাকা ৱাকা’ প্ৰদৰ্শনে এই ধাৰা সলনি কৰি পেলালে। সেই অনুষ্ঠানক আজিও বিশ্বকাপৰ ইতিহাসৰ অন্যতম স্মৰণীয় মুহূৰ্ত বুলি গণ্য কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্সাৰৰ ঔষধক লৈ ডাঙৰ উদ্বেগ! মূল্য বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ, সংকটত কেমোথেৰাপি ৰোগী

কেন্সাৰৰ ঔষধক লৈ ডাঙৰ উদ্বেগ! মূল্য বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ, সংকটত কেমোথেৰাপি ৰোগী

June 11, 2026 6:56 pm
বিদ্যালয়ত গৰুৰ মাংস! হিন্দু বন্ধুক জোৰকৈ খুওৱাৰ চেষ্টা মুছলমান ছাত্ৰৰ, তাৰ পিছত…

বিদ্যালয়ত গৰুৰ মাংস! হিন্দু বন্ধুক জোৰকৈ খুওৱাৰ চেষ্টা মুছলমান ছাত্ৰৰ, তাৰ পিছত…

June 11, 2026 5:49 pm
ছাকিৰাৰ চমকৰ লগতে নোৰাৰ আকৰ্ষণীয় ভংগীমা! কেনেকুৱা হ’ব বিশ্বকাপৰ মুকলি অনুষ্ঠান?

ছাকিৰাৰ চমকৰ লগতে নোৰাৰ আকৰ্ষণীয় ভংগীমা! কেনেকুৱা হ’ব বিশ্বকাপৰ মুকলি অনুষ্ঠান?

June 11, 2026 5:43 pm
ওমানৰ সাগৰত পুনৰ ভাৰতীয় নাবিকৰ জাহাজত আক্ৰমণ, নেপথ্যত এইবাৰো আমেৰিকা নেকি?

ওমানৰ সাগৰত পুনৰ ভাৰতীয় নাবিকৰ জাহাজত আক্ৰমণ, নেপথ্যত এইবাৰো আমেৰিকা নেকি?

June 11, 2026 5:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্সাৰৰ ঔষধক লৈ ডাঙৰ উদ্বেগ! মূল্য বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ, সংকটত কেমোথেৰাপি ৰোগী

কেন্সাৰৰ ঔষধক লৈ ডাঙৰ উদ্বেগ! মূল্য বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ, সংকটত কেমোথেৰাপি ৰোগী

June 11, 2026 6:56 pm
বিদ্যালয়ত গৰুৰ মাংস! হিন্দু বন্ধুক জোৰকৈ খুওৱাৰ চেষ্টা মুছলমান ছাত্ৰৰ, তাৰ পিছত…

বিদ্যালয়ত গৰুৰ মাংস! হিন্দু বন্ধুক জোৰকৈ খুওৱাৰ চেষ্টা মুছলমান ছাত্ৰৰ, তাৰ পিছত…

June 11, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd