• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

শঙ্কৰ শইকীয়া by শঙ্কৰ শইকীয়া
July 10, 2025 6:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৬ জুলাই,২০২৫ তাৰিখে অনুষ্ঠিত হোৱা “সন্মিলিত নাগৰিক অভিৱৰ্তন”-এ এইটো কথা দৃঢ়ভাৱে প্ৰমাণ কৰিলে যে অসমৰ নাগৰিকে – (১) ভাজপা বিৰোধী এটা শক্তিশালী ঐক্য বিচাৰিছে। অসমৰ বৃহত্তৰ ৰাইজে বিচৰা ঐক্যৰ স্বাৰ্থত ৰাজনৈতিক দলবোৰৰ ভিতৰত থকা সকলোধৰণৰ মত পাৰ্থক্য পৰিত্যাগ কৰি ২০২৬-ৰ অসম বিধানসভা নিৰ্বাচনত ভাজপাক পৰাজিত কৰক!(২) এইক্ষেত্ৰত প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা ভাজপা বিৰোধী ঐক্য মঞ্চৰ হৈ মাত্ৰ এজনকৈহে প্ৰাৰ্থী প্ৰতিদ্বন্দিতাৰ বাবে প্ৰক্ষেপ কৰক  যাতে ভোট বিভাজন কমতকৈও কমকৈ হয়, অৰ্থাৎ প্ৰায় শূন্য হয় ! (কাৰণ ,অভিযোগ আছে যে শাসকীয় দলে ভোট বিভাজনৰ বাবে একোটা সমষ্টিত দহজনলৈকে নকল প্ৰাৰ্থী প্ৰক্ষেপ কৰে।

বিৰোধী ঐক্যৰ ক্ষেত্ৰত দুটা মত দেখা গৈছে – প্ৰথম মতটো হ’ল কংগ্ৰেছ, জাতীয় শিবিৰ খ্যাত অজাপ, ৰাইজৰ দল আৰু বাওঁ শিবিৰ ভাজপা-ক পৰাজিত কৰাৰ একমাত্ৰ- মাথোন একমাত্ৰ চৰ্তত ঐক্যবদ্ধ হৈ বহল ঐক্যমঞ্চ গঠন কৰক।

Apply Now

অসমৰ গণতান্ত্ৰিক ৰাইজে এই মতটো সমৰ্থন কৰে। কাৰণ ২০১৯, ২০২১ আৰু ২০২৪ চনত ঐক্যমঞ্চ গঠন নোহোৱা বাবে সাম্ভাব্য বিজয় হাতৰ পৰা পিছলি গ’ল! ইয়াৰ পুনৰাবৃত্তি হোৱাটো অসমৰ গণতান্ত্ৰিক ৰাইজে নিবিচাৰে। এতেকে , কংগ্ৰেছ এইটো জোঁটৰ অগ্ৰণী আৰু অনিবাৰ্য শক্তি হিচাপে  স্বীকৃত হওক!

দ্বিতীয় মতটো হ’ল – কংগ্ৰেছ আৰু ভাজপাৰ পৰা সমদূৰত অৱস্থান কৰা। মন কৰিবলগীয়া যে ২০১৯ আৰু ২০২১ আনকি ২০২৪-তো কংগ্ৰেছক বাদ দি কংগ্ৰেছ আৰু ভাজপাৰ বিৰুদ্ধে সমদূৰত্বত অৱস্থান কৰা তাত্বিকসকলৰ বাবে ভাজপাই ক্ষমতা দখল কৰাত সমৰ্থ হ’ল ।

আজি সামান্য দুগ্ধপোষ্য শিশুৱেও জানে যে সন্মুখত দুটা শক্তিশালী শত্ৰু থকা অৱস্থাত কোনো দুৰ্বল শক্তিয়ে দুয়োটা শক্তিশালী শত্ৰুৰ বিৰুদ্ধে যুঁজি কোনো পৰিস্থিতিতে জয়ী হ’ব নোৱাৰে! আজিৰ অসম তথা ভাৰতৰ প্ৰেক্ষাপটত এইটো ঠিক যে কংগ্ৰেছ আৰু ভাজপা দুটা প্ৰায় সমান ক্ষমতাশালী শক্তি।

যোৱা দিল্লী বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন ‘আপ’-এ কংগ্ৰেছৰ সৈতে জোঁটবন্ধন নকৰা বাবে ভোট বিভাজন হ’ল আৰু ভাজপাই অনায়াসে দিল্লীৰ ক্ষমতা দখল কৰিলে ! সেইদৰে, অসমৰ ক্ষেত্ৰতো কাক চকুত আঙুলি দি দেখুৱাব লাগে যে যোৱা ২০২১ চনত দখল কৰিবলগীয়া ক্ষমতা একমাত্ৰ বিৰোধী শক্তি জোঁটবন্ধন নোহোৱা বাবে ক্ষমতা দখল কৰি আজি ভাজপাই ইমান জনবিৰোধী কাম কৰিবলৈ সুবিধা পাইছে।

এই ক্ষেত্ৰত যিকেইটা ৰাজনৈতিক দলে কংগ্ৰেছ আৰু ভাজপাৰ পৰা সমদূৰত্বত অৱস্থান কৰা নীতিৰে ভোট বিভাজন কৰিছিল তেওঁলোক অৱধাৰিতভাবে দায়বদ্ধ হ’ব! অসমৰ ৰাইজে ইয়াৰ পুনৰাবৃত্তি হোৱাটো মুঠেও নিবিচাৰে!

 হৈ যোৱা “সন্মিলিত নাগৰিক অভিৱৰ্তন”ত দুটা কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে – (১) অখিল গগৈয়ে কৈছে যে ‘ৰাইজৰ দল’ক ২ খন আসন দিলেও আপত্তি নাই আৰু ২৫ খন দিলেও আপত্তি নাই।  (২) গৌৰৱ গগৈয়ে কৈছে-আমি যাতে ২০২১-ৰ ভুল নকৰোঁ। আমি ভাবোঁ অখিল গগৈয়ে সময়তকৈ আগেয়ে কথাখিনি ক’লে – কাৰণ জোঁটবন্ধনৰ কথা আগত, আসনৰ কথা পিছত! জোঁটবন্ধনেই যদি নহয় আসনৰ ভাগ বাটোৱাৰাৰ কথা পাতিলে কি হ’ব ? 

গৌৰৱ গগৈয়ে সঁকীয়াই দিছে যে জোঁটবন্ধনৰ ক্ষেত্ৰত আমি সতৰ্ক হ’ব লাগিব। আমিও বিশ্বাস কৰোঁ -২০২৬-ৰ বাবে প্ৰস্তাৱিত ৰাজনৈতিক দলৰ জোঁটবন্ধন ল’ৰা ধেমালিৰ কথা নহয় ! ইয়াৰ ওপৰতেই অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে ! আমি সামগ্ৰিকভাবে ইতিহাসৰ এক অত্যন্ত জটিল সন্ধিক্ষণত অৱস্থান কৰিছোঁ। এটা ভুল খোজে আমাক শতিকা পিছুৱাই নিব পাৰে !

এই ক্ষেত্ৰত কোনো দ্বিমত থাকিব নোৱাৰে যে কংগ্ৰেছ আৰু ভাজপাৰ পৰা সমদূৰত্ব অৱস্থান কৰি আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অৰ্থই হ’ল মুখেৰে ভাজপাৰ বিৰোধিতা কৰি আঁৰ কাপোৰৰ আঁৰেৰে ভাজপাক ৰঙা-ঠগা পাৰি ক্ষমতাৰ সন্মুখলৈ আদৰি অনা!

আজিৰ প্ৰেক্ষাপটত অসমত ভাজপাৰ বিৰুদ্ধে কংগ্ৰেছকে প্ৰমুখ্য কৰিহে ভাজপা বিৰোধী শিবিৰ গঢ়ি তুলিব লাগিব। ৰাইজে আজিকালি ৰাজনৈতিক দলৰ আৰু নেতাবোৰৰ কৌশলী দুতলীয়া কথাবোৰ ঠেকা খাই খাই ধৰিব পৰা হৈছে। দুতলীয়া ৰাজনৈতিক দলবোৰকো সতৰ্ক কৰি দিয়াটো সময়ৰ দাবী যে ৰাইজক প্ৰতাৰণা কৰিলে এদিন প্ৰতাৰণাৰ ফল ভুগিব লাগিবই, ৰাইজেই এই প্ৰতাৰণাৰ সমুচিত প্ৰত্যুত্তৰ দিব।

শঙ্কৰ শইকীয়া

শঙ্কৰ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd