• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱসৰ ল’ব ছোনিয়া গান্ধী! য়ুপিএৰ পৰৱৰ্তী অধ্যক্ষ হ’ব পাৰে শাৰদ পাৱাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 11, 2020 8:06 am

2 min read

WhatsApp Image 2020-12-11 at 7.36.44 AM

ছোনিয়া গান্ধীৰ সৈতে শাৰদ পাৱাৰ। ফাইল ফটো।

3.1k
VIEWS
Share on FacebookShare on Twitter

বয়সৰ লগে লগে শাৰীৰিক অসুস্থতাৰ বাবেই ৰাজনীতিৰ পৰা সম্পূৰ্ণ সন্যাস ল’ব ছোনিয়া গান্ধীয়ে। অহা জানুৱাৰিতেই তেওঁৰ স্থানত কংগ্ৰেছে এগৰাকী নতুন সভাপতি নিৰ্বাচন কৰিব।

ৰাহুল গান্ধীয়ে এতিয়াও কংগ্ৰেছ সভাপতিৰ দায়িত্ব ল’বলৈ সাজু নোহোৱাত কংগ্ৰেছে নিৰ্বাচনৰ পথেই ল’ব লাগিব।

সূত্ৰসমূহৰ মতে, দলৰ লগতে য়ুপিএ মিত্ৰজোঁটৰ নেতৃত্বৰ পৰা অব্যাহতি ল’ব বিচাৰিছে ছোনিয়া গান্ধীয়ে। ইয়াৰ পূৰ্বে কংগ্ৰেছ সভাপতি পদৰ পৰা পদত্যাগ কৰিলেও য়ুপিএৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি আছিল ছোনিয়া গান্ধী।

কিন্তু এইবাৰ তেওঁ সেই পদৰ পৰাও অব্যাহতি ল’ব বিচাৰিছে। সেয়েহে, তেওঁৰ স্থানত নতুন এগৰাকী অধ্যক্ষৰ সন্ধানত নামিছে বিৰোধী মিত্ৰজোঁটৰ নেতাসকল।

বাতৰি অনুসৰি, য়ুপিএৰ অধ্যক্ষ পদৰ প্ৰবল দাবীদাৰ হোৱাৰ দৌৰত সকলোৰে আগত আছে এনচিপি নেতা শাৰদ পাৱাৰ।

প্ৰকৃততে, ছোনিয়া গান্ধীৰ পাছত কংগ্ৰেছৰ বাকী নেতাসকলৰ আঞ্চলিক দলসমূহৰ সৈতে সম্পৰ্ক সিমান ভাল নহয়। সেইদৰে, ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধী নেতাৰ ৰূপত আগবঢ়াই দিয়াত বহুতৰে আপত্তি আছে।

তদুপৰি, বৰ্তমান কংগ্ৰেছ দলটো দুৰ্বল হৈ পৰালৈ চাই এগৰাকী সৰ্বসন্মত গ্ৰহণযোগ্য নেতাৰ সন্ধান কৰা হৈছে যিগৰাকীয়ে সকলোকে লগত লৈ আগবাঢ়িব পাৰে। এইক্ষেত্ৰত শাৰদ পাৱাৰকে বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা অধিক বুলি সূত্ৰসমূহে জনায়।

বিৰোধী শত্ৰু-মিত্ৰ সকলো দলৰে সৈতে শাৰদ পাৱাৰৰ সম্পৰ্ক ভাল। তদুপৰি, ছোনিয়া গান্ধীৰ পাছতেই তেওঁৱেই হৈছে বিৰোধী মিত্ৰজোঁটৰ আটাইতকৈ পুৰণি নেতা। বিভিন্ন দলৰ সৈতে সন্তুলন ৰক্ষা কৰি চলাৰ ক্ষেত্ৰত পাৱাৰৰ দক্ষতাও আছে।

সকলো দিশ চালিজাৰি চাই য়ুপিএৰ পৰৱৰ্তী কাণ্ডাৰী হিচাপে শাৰদ পাৱাৰকেই দায়িত্ব অৰ্পণ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। অৱশ্যে, অহা জানুৱাৰিতে এই সকলো কথা স্পষ্ট হৈ পৰিব।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd