• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পৰ শুল্ক জোকাৰণি চম্ভালি ল’লে জিএছটি-এ, শ্বেয়াৰ বজাৰত আশাৰ বতৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 11:50 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘টেৰিফ বোমা’ৰ সৈতে মোকাবিলা কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শক্তিশালী আহ্বান। কিন্তু কেন্দ্ৰৰ জি এছ টিয়ে পুনৰবাৰ শ্বেয়াৰ বজাৰত নতুন আশাৰ বতৰা দিলে। জি এছ টি কাউন্সিলে নতুন কৰ গাঁথনি ঘোষণা কৰাৰ এদিন পিছতে শ্বেয়াৰ বজাৰত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয়।

বৃহস্পতিবাৰে বজাৰ মুকলি হোৱাৰ লগে লগে ষ্টক সূচকাংক ধুমুহাময় গতিৰে বৃদ্ধি পাবলৈ ধৰিলে। আজি পুৱা বজাৰ মুকলি হোৱাৰ এঘণ্টাৰ ভিতৰতে চেন্সেক্সে ৭০০ পইণ্ট জপিয়াই ৮১ হাজাৰ পইণ্টৰ সীমা অতিক্ৰম কৰে। এই প্ৰতিবেদন লিখাৰ সময়লৈকে চেন্সেক্স ৮১ হাজাৰ পইণ্টৰ ওপৰত গৈ আছে। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ নিফটি সূচকাংকতো আজি উত্থান দেখা যায়। এই প্ৰতিবেদন লিখাৰ সময়লৈকে নিফ্টীয়ে ১৫৬ পইণ্ট বৃদ্ধি পাই ২৪,৮৭০ পইণ্টৰ ওচৰত আছে। ১৬টা গুৰুত্বপূৰ্ণ খণ্ডৰ অধিকাংশই লাভজনক।

Apply Now

ইয়াৰ পূৰ্বে যোৱা মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক কাৰ্যকৰী হোৱাৰ পূৰ্বে আৰু পাছত শ্বেয়াৰ বজাৰত বৃহৎ হ্ৰাস দেখা গৈছিল। মুঠ ১০ লাখ কোটি টকাৰ মূলধন বজাৰৰ পৰা নোহোৱা হৈ গ’ল। বিনিয়োগকাৰীয়ে আজি জি এছ টি বোনাছৰ জৰিয়তে সেই জোকাৰণি কিছু পৰিমাণে ক্ষতিপূৰণ কৰিবলৈ সক্ষম হ’ব। দৰাচলতে জ্ঞাত সূত্ৰৰ মতে জি এছ টি হ্ৰাস কৰি ঘৰুৱা বজাৰত চাহিদা বৃদ্ধি কৰাটোৱেই মোডী চৰকাৰৰ লক্ষ্য। ইয়াৰ এটা উদ্দেশ্য হৈছে আমেৰিকাৰ শুল্কৰ সৈতে মোকাবিলা কৰা। বজাৰত সামগ্ৰীৰ দাম কমি গ’লে মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় বৃদ্ধি পাব। তেনে ক্ষেত্ৰত শ্বেয়াৰ বজাৰত বিনিয়োগৰ পৰিমাণো বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। সেই সম্ভাৱনা প্ৰথম দিনাই বাস্তৱত পৰিণত হ’ল।

মন কৰিবলগীয়া যে, বুধবাৰে জি এছ টি পৰিষদৰ বৈঠকৰ পাছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গাঁথনিত বৃহৎ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে। জি এছ টিৰ গাঁথনিৰ পৰিৱৰ্তন মূলতঃ মধ্যবিত্ত শ্ৰেণীক মনত ৰাখি কৰা হৈছে। সেইবাবেই বেছিভাগ খাদ্যৰ দাম কমি যাব। স্বাস্থ্য বীমা আৰু জীৱন বীমাৰ ওপৰত সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে জি এছ টি। লগতে ৩৩টা জীৱন ৰক্ষাকাৰী ঔষধৰ জি এছ টি শূন্যলৈ হ্ৰাস কৰা হৈছে। ৰুটি, পনিৰ, গাখীৰৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত লোৱা হৈছে। এই খাদ্য সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ জি এছ টি নাথাকিব। অনুমান কৰা হৈছে যে নতুন জি এছ টি গাঁথনিত ১৭৫ টা সামগ্ৰীৰ মূল্য হ্ৰাস পাব পাৰে। তেল, ঘিউ, মাখন, পনীৰ, নুডলছ, চানাচুৰ, নিমকি, ভূজিয়া, বিস্কুট, পাস্তা, চচ আদিৰ ওপৰত জি এছ টিৰ হাৰ ১৮ আৰু ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।অৰ্থাৎ এই খাদ্য সামগ্ৰীৰ দাম হ্ৰাস পাব। খাদ্য সামগ্ৰীৰ উপৰিও চাবোন, চেম্পু, ব্ৰাছ, শ্বেভিং ক্ৰীম, বাচন-বৰ্তন, চিলাই মেচিন, ট্ৰেক্টৰ, কীটনাশক, আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। কৃষিজাত সামগ্ৰীৰ ওপৰত জি এছ টি হ্ৰাস কৰিলে পাচলিৰ দামও হ্ৰাস পাব। চিকিৎসা ক্ষেত্ৰত ব্যৱহৃত কেইবাটাও সামগ্ৰী যেনে থাৰ্মোমিটাৰ, মেডিকেল গ্ৰেড অক্সিজেন, টেষ্ট কিট, গ্লুক’মিটাৰ, গ্লাছ আদিৰ ক্ষেত্ৰতো জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। এইবাৰ মাৰ্বল, শিল, চামৰাৰ সামগ্ৰী, আৰু হস্তশিল্পৰ ক্ষেত্ৰতো জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd