• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুটিনৰ নৈশ ভোজলৈ নিমন্ত্ৰণ শশী থাৰুৰক, নিমন্ত্ৰণ নাপালে খাৰ্গে, ৰাহুলে; ক্ষোভ প্ৰকাশ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2025 8:04 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভ্ৰমণকাৰী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সন্মানত শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত নৈশ ভোজত কংগ্ৰেছ নেতা তথা তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰ উপস্থিত থাকে। কিন্তু ৰাজ্যসভা আৰু লোকসভাৰ বিৰোধী দলপতি ক্ৰমে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক নিমন্ত্ৰণ নাপালে। কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধীকো নিমন্ত্ৰণ কৰা হোৱা নাছিল।

বিদেশী অতিথিৰ বাবে ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা এই ৰাষ্ট্ৰীয় নৈশ ভোজ গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আমন্ত্ৰিতসকলৰ তালিকা প্ৰস্তুত কৰে। খাৰ্গে আৰু ৰাহুলক নিমন্ত্ৰণ নকৰাৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে।

Apply Now

শুকুৰবাৰে সন্ধিয়া ভ্লাদিমিৰ পুটিনৰ সন্মানত আয়োজন কৰা নৈশ ভোজত তেওঁ আমন্ত্ৰণ পালে তেওঁ নিশ্চয় উপস্থিত থাকিব বুলি কয়। ইয়াৰ পিছত কংগ্ৰেছৰ পৱন খেৰা, জয়ৰাম ৰমেশ আৰু জ্যেষ্ঠ সাংসদ ছলমান খুৰশ্বিদে একেলগে থাৰুৰ আৰু কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে।

পৱন খেৰাই কয় যে নিমন্ত্ৰিতৰ তালিকা প্ৰস্তুত কৰা আৰু নিমন্ত্ৰণ গ্ৰহণ কৰা দল দুয়োটা পক্ষই নীতিহীন। আমন্ত্ৰণ গ্ৰহণ কৰাৰ পূৰ্বে দেশৰ ৰাজনৈতিক শিষ্টাচাৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগিছিল বুলি মন্তব্য কৰি কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁলোকক লক্ষ্য কৰি লয়। ৷

আনহাতে, জয়ৰাম ৰমেশে কয় যে বিৰোধী দলৰ নেতা আৰু বিদেশী অতিথিৰ মাজত সৌজন্য বৈঠকৰ ব্যৱস্থা কৰাটো ভাৰতত দীৰ্ঘদিনীয়া পৰম্পৰা। ইয়াৰ বাবে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ বাসগৃহত আয়োজন কৰা নৈশ ভোজকে ব্যৱহাৰ কৰা হৈছিল। তাত বিৰোধী দলৰ নেতাসকলে বিদেশী অতিথিৰ সৈতে মুখামুখিকৈ ​​কথা পতাৰ সুযোগ আছিল। এয়াই নেকি ৰাজনৈতিক সৌজন্যতা আৰু সন্মানৰ প্ৰশ্ন?

দুদিন পূৰ্বে ৰাহুল গান্ধীয়েও এই বিষয়ত মুখ খুলিছিল। তেওঁ কৈছিল যে মনমোহন সিংলৈকে সকলো প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলৰ নেতাক মাতি বিদেশী অতিথিৰ লগত চিনাকি কৰাই দিছিল। বৰ্তমান চৰকাৰে সেই পৰম্পৰাক উপহাস কৰিছে। কিন্তু ৰাহুলে গম পোৱা নাছিল যে দলটোৰ তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰক পুটিনৰ নৈশ ভোজলৈ নিমন্ত্ৰণ কৰা হৈছে।

দলৰ আক্ৰমণৰ সন্মুখত মুকলিকৈ মুখ খুলিছে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শশী থাৰুৰে। সংসদীয় বৈদেশিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ হিচাপে তেওঁক আমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰে। যদিও কংগ্ৰেছে ধাৰণা কৰে যে শশীৰ মোডী বন্দনাই এই সিদ্ধান্তৰ প্ৰকৃত কাৰণ আছিল।

এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কথাই প্ৰতি প্ৰশংসা কৰে। বিশেষকৈ যেতিয়া ইখনৰ পাছত সিখন দেশৰ সৈতে ভাৰতৰ সম্পর্ক জটিল হৈ পৰে, তেতিয়া কেন্দ্রীয় চৰকাৰৰ প্রশংসাত পঞ্চমুখ হৈ পৰে শশী থাৰুৰ৷

বিশেষকৈ নৰেন্দ্ৰ মোডীৰ ভূমিকাক তেওঁ বিশেষ গুৰুত্ব দিয়ে। এইজন জ্যেষ্ঠ কংগ্ৰেছ সাংসদ দলত ক্ৰমাৎ প্ৰশ্নৰ সন্মুখীন হৈছে। খাৰ্গে আৰু ৰাহুলক নিমন্ত্ৰণ নকৰাৰ বাবে কেন্দ্ৰক সমালোচনা কৰিছে প্ৰাক্তন বৈদেশিক মন্ত্ৰী ছলমান খুৰশ্বিদ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd