DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব; চকুলো টুকি নেদেখুৱাও : অখিলৰ পত্নী গীতাশ্রী

অকলে আছোঁ, জীৱনৰ কঠোৰ অভিজ্ঞতাই এই বয়সতে ক্ষিপ্ত কৰি তোলা ল'ৰাটোক বুকুত সাৱটি: গীতাশ্রী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 12, 2020 10:08 am
WhatsApp Image 2020-07-12 at 9.26.29 AM

কৃষক নেতা অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী। ফাইল ফটো।

27.7k
VIEWS
Share on FacebookShare on Twitter

দুদিন পূৰ্বে নিগেটিভ তথা দুদিন পাছত পজিটিভ ওলোৱা অখিল গগৈৰ পত্নী গীতাশ্রী তামুলী এতিয়া অধিক চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

নিৰুপায় অখিল পত্নীয়ে ফেচবুক পোষ্টযোগে নিজৰ মনৰ ভাৱখিনি দাঙি ধৰা পৰিলক্ষিত হ’ল।

নিশা দিয়া এটা ফেচবুক পোষ্টত তেওঁ লিখি কয়, “অৱশেষত অপেক্ষাৰ অন্ত হ’ল। তেওঁলোকে নিজৰ পৰা জনাব নোৱাৰিলে। আমাৰ অধিবক্তাই সোধাত উত্তৰ আহিল, ‘পজিটিভ’! আগৰেই পজিটিভ আছিল নেকি? দিল্লীৰ ৰিপৰ্টত কি আহিল? জনাব নোৱাৰিলে। শুনামতে, পৰহিৰ পৰা জি এম চি এইচৰ বিচনা পাৰিয়েই আছে। কৃতজ্ঞ!অতি কৃতজ্ঞ!”

ইপিনে, তামুলী ৰাজনীতি কৰা মানুহ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “শিক্ষকতা কৰোঁ। মই আন সাধাৰণ মানুহবোৰৰ দৰে কাৰোবাৰ জী, পত্নী আৰু মাতৃ। মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব। আপোনালোকৰ দায়িত্বত আছিল, হে মহামহিম কাৰাগাৰ কৰ্তৃপক্ষ, হে মাননীয় গৃহমন্ত্ৰী মহোদয়!”

তদুপৰি “চকুলো টুকি নেদেখুৱাওঁ” বুলি উল্লেখ কৰি তামুলীয়ে লগতে কয়, “মানৱীয় আবেগৰ দোহাই, অধিকাৰৰ দোহাই। মাতৃ, ভগ্নী, জী, পিতৃ, সন্তান, আৰু সকলো সমব্যথী মানুহৰ শুকাই শিল হোৱা চকুপানীবোৰৰ দোহাই!”

আনহাতে, উক্ত ফেচবুক পোষ্টৰ জৰিয়তে কয়দীসকলক উপযুক্ত চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় অখিলৰ পত্নীয়ে।

“হয়তো জনমত গঠন নোহোৱা হ’লে, NIAৰ আদালতত আবেদন নজনোৱা হ’লে গোটেই কাৰাগাৰখনৰ মানুহবোৰ অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিলেহেঁতেন!” পোষ্টটোত এইদৰে লিখিছে তামুলীয়ে।

ইপিনে, অখিলৰ কথা কি ক’ম? বুলি উল্লেখ কৰি তেওঁ কয়, “বহু পুৰণা চিকিৎসকে জানে। সাধাৰণ ভাইৰেল জ্বৰতো বছৰি এবাৰ বা দুবাৰ চিকিৎসালয়ত থাকিব লগা হয়। ২০০৩ৰ পৰা চলি থকা ‘য’তে ৰাতি ত’তে কাটি’ জীৱনে শৰীৰ ভংগুৰ কৰি পেলাইছে।”

“লকডাউন! অকলে আছোঁ। জীৱনৰ কঠোৰ অভিজ্ঞতাই এই বয়সতে ক্ষিপ্ত কৰি তোলা ল’ৰাটোক বুকুত সাৱটি। এতিয়া ওলাই যাব নোৱাৰো। মানুহজনক ভালকৈ চাব! অনুনয় নহয়, মানৱীয়তাৰ দাবী, অধিকাৰৰ দাবী!” চৰকাৰৰ স্বাস্থ্য বিভাগলৈ আহ্বান জনাই তামুলীয়ে এইদৰে কয়।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd