DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

শ্বীনা বৰা হত্যাকাণ্ড : মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2022 2:23 pm
Indrani Mukerjea granted bail
187
VIEWS
Share on FacebookShare on Twitter

শ্বীনা বৰা হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক আজি উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কয় যে শ্বীনা বৰা হত্যাকাণ্ড গোচৰৰ বিচাৰ সোনকালেই সম্পূৰ্ণ কৰা সম্ভৱ নহ’ব।

বিচাৰপীঠে জামিন মঞ্জুৰ কৰাৰ সময়ত কয়, “আবেদনকাৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ হ’ল যে তেওঁ পিটাৰ মুখাৰ্জী আৰু তেওঁৰ আগৰ পত্নীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ সৈতে তেওঁৰ জীৰ লিভ-ইন সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি হত্যাৰ পৰিকল্পনা কৰিছিল।”

“আমি গোচৰটোৰ গুণাগুণৰ ওপৰত কোনো মন্তব্য কৰা নাই। আনকি যদি ৫০ শতাংশও সাক্ষীক গোচৰৰ সাক্ষ লোৱা হয়, তেতিয়াও সোনকালে বিচাৰ শেষ নহ’ব। বিচাৰ আদালতৰ সন্তুষ্টি সাপেক্ষে মুখাৰ্জীক জামিনত মুক্তি দিয়া হ’ব। পিটাৰ মুখাৰ্জীৰ ওপৰত আৰোপ কৰা একেই চৰ্ত মুখাৰ্জীৰ ওপৰত আৰোপ কৰা হ’ব।”— ন্যায়াধীশ বি আৰ গাভাই আৰু এ এছ বোপান্নাক লৈ গঠিত বিচাৰপীঠে কয়।

উল্লেখ্য যে ২০১৫ চনৰ আগষ্টত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ইন্দ্ৰাণী মুখাৰ্জীক মুম্বাইৰ বাইকুল্লা মহিলা কাৰাগাৰত ৰখা হৈছে।

হত্যাৰ গোচৰৰ বিচাৰ চলাই থকা চিবিআইৰ এখন বিশেষ আদালতে কেইবাবাৰো মুখাৰ্জীৰ জামিন প্ৰত্যাখ্যান কৰিছিল।

২০১২ চনৰ এপ্ৰিলত ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ তেতিয়াৰ গাড়ীচালক শ্যামবৰ ৰায় আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাই ২৪ বছৰীয়া শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

প্ৰাক্তন মিডিয়া বেৰন পিটাৰ মুখাৰ্জীকো ষড়যন্ত্ৰৰ অংশ হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২০ চনৰ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd