দেশ কপোঁৱা শ্বিনা বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী পুনৰ সংবাদ শিৰোনামলৈ আহিছে।কাৰাগাৰৰ ভিতৰত কোনেও ইন্দ্ৰাণীক পিন্ধাব পৰা নাই সেউজীয়া ৰঙৰ শাড়ী।
মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা ইন্দ্ৰানী মুখাৰ্জীয়ে সেউজীয়া শাড়ী নিপিন্ধো বুলি আকোঁৰগোঁজ হৈ থাকি এই বিষয়ত নিৰ্দেশ দিবলৈ চিবিআইৰ বিশেষ আদালতত আবেদনো জনাইছে।
চিবিআইৰ বিশেষ আদালতে এই বিষয়ত ৫ জানুৱাৰীত শুনানি গ্ৰহণ কৰিব। কিন্তু কিয় ইন্দ্ৰানীয়ে কাৰাগাৰত সেউজীয়া শাড়ী পিন্ধিবলৈ অস্বীকাৰ কৰিছে?
দৰাচলতে কাৰাগাৰত সেইসকল অপৰাধীকহে সেউজীয়া শাড়ী পিন্ধিবলৈ দিয়া হয় যিসকলক ইতিমধ্যে আদালতে দোষী সাৱস্ত্য কৰি শাস্তি গোষণা কৰিছে।
কিন্তু কন্যা হত্যাৰ গোচৰত যিহেতু ইন্দ্ৰানী মুখাৰ্জীক আদালতে এতিয়ালৈকে দোষী সাৱস্ত্য কৰা নাই সেয়ে তেওঁ অপৰাধীয়ে পিন্ধা সেউজীয়া শাড়ী পিন্ধিবলৈ অস্বীকাৰ কৰিছে।
উল্লেখ্য ২০১২ চনত শ্বিনা গৰা হত্যাকাণ্ডই সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছিল।
অভিযোগ অনুসৰি সেই বছৰৰে ২৪ এপ্ৰিলৰ দিনা শ্বিনা বৰাক তেওঁৰ মাতৃ ইন্দ্ৰানীয়ে হত্যা কৰি মুম্বাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ ৰাইগড়ত পুতি থৈছিল।২০১৫ চনত ইন্দ্ৰানীৰ গাড়ী চালক শ্যাম ৰায়ক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল আৰু আৰক্ষীয়ে ইন্দ্ৰানীৰ লগতে তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না,পিটাৰ মুখাৰ্জী আদিক গ্ৰেপ্তাৰ কৰিছিল।
বোম্বে উচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত ২০১৫ চনৰ পৰা কাৰাগাৰাত বন্দী হৈ থকা ষ্টাৰ ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী পীটাৰ মুখাৰ্জীৰ জামিন মঞ্জুৰ কৰে।
মুখাৰ্জীক ২ লাখ টকাৰ বণ্ডৰ বিনিময়ত মুকলি কৰি দিয়া হয়। তেওঁক লগতে আদালতে তেওঁৰ পাছপ’ৰ্ট আৰক্ষীক সমৰ্পন কৰিবলৈকো নিৰ্দেশ দিয়ে।
২০১২চনত তেওঁৰ প্ৰাক্তন পত্নী ইন্দ্ৰাণী মুখাৰ্জীৰ কন্য শ্বীনা বৰাক হত্যাৰ ষড়যন্ত্ৰত গ্ৰহণ কৰা ভূমিকাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২০১৫চনৰে পৰা পীটাৰ মুখাৰ্জী কাৰাবন্দী হৈ আছিল।
কন্যা শ্বিনা বৰাৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে
বহু কেইজন বন্দী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা কৰি চি বি আইৰ বিশেষ আদালতত ৪৫ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন জনাইছিল। কিন্তু আদালতে ইন্দ্ৰাণীৰ আবেদন নাকচ কৰিছিল।
সেউজীয়া শাড়ী নিপিন্ধিবলৈ কৰা আবেদন সন্দৰ্ভত আদালতে কেনে সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব।