বিএনপিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যুত সেই দেশৰ আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গভীৰ শোক প্ৰকাশ কৰিছে।
শোক বাৰ্তাত আৱামী লীগৰ সভানেত্ৰীগৰাকীয়ে কয় যে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা আন্দোলনত খালেদা জিয়াৰ অৱদান অপৰিসীম। তেওঁৰ মৃত্যুত বাংলাদেশৰ বৰ্তমানৰ ৰাজনীতি আৰু বিএনপি নেতৃত্বৰ অপূৰণীয় ক্ষতি হ’ল। বেগম খালেদা জিয়াৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো।
হাছিনাই শোক বাৰ্তাত লগতে কয় যে তেওঁৰ পুত্ৰ তাৰিক ৰহমান আৰু বাকী শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আশা কৰো সৰ্বশক্তিমান আল্লাহে তেওঁৰ পৰিয়ালৰ সদস্য আৰু বিএনপি পৰিয়ালৰ সকলোক এই শোক সহ্য কৰিবলৈ সহায় কৰিব।
উল্লেখ্য যে হাছিনা আৰু আৱামি লীগৰ নেতৃত্বই আৰম্ভণিতে খালেদাৰ সংকটজনক অৱস্থাত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি দেশ-বিদেশৰ বহু দল আৰু ব্যক্তিয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰি বাৰ্তা প্ৰেৰণ কৰিলেও হাছিনা মৌন হৈ আছিল।
আৱামি লীগ আৰু শ্বেখ হাছিনাৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত হাছিনাই এটা সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খালেদাৰ শাৰীৰিক অৱস্থাৰ কথা উল্লেখ কৰি আশু আৰোগ্য কামনা কৰিছিল।




