মহম্মদ ইউনুছক দেশ আৰু জাতিৰ শত্ৰু আখ্যা দি তীব্ৰ আক্ৰমণ চলালে শ্বেইখ হাছিনাই। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্য উপদেষ্টা হিচাপে নিযুক্তি পোৱা মহম্মদ ইউনুছেই তেওঁক ক্ষমতাৰ পৰা উৎখাত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। ইউনুছৰ নেতৃত্বত চলি থকা চৰকাৰৰ ১৮ মাহৰ সময়ছোৱাত সমগ্ৰ বাংলাদেশ কাৰাগাৰত পৰিণত হোৱা বুলিও অভিযোগ উত্থাপন কৰে হাছিনাই।
পূৰ্বে ঘোষণা কৰা অনুসৰি শুকুৰবাৰে দিল্লীত ফৰেইন কলেজ ক্লাব অৱ চাউথ এছিয়াৰ উদ্যোগত আয়োজিত বাংলাদেশ বিষয়ক আলোচনা চক্ৰত শ্বেখ হাছিনাই অনলাইনযোগে যোগদান কৰে।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আৱামী লীগৰ নেত্ৰীগৰাকীয়ে ২০২৪ চনৰ ৫ আগষ্টৰ পৰা দিল্লীত উপস্থিত হৈ দেশ এৰি যোৱাৰ পিছৰে পৰা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে দেশবাসী আৰু আৱামি লীগৰ নেতা-কৰ্মীসকলক সম্বোধন কৰি আহিছে।
হাছিনাই নিয়মীয়াকৈ হোৱাটছএপ, টেলিগ্ৰাম আৰু চিগনেলৰ দৰে একাধিক প্লেটফৰ্মত দলৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ সৈতে কথা পাতে। ইয়াৰ উপৰিও শ্বেখ হাছিনাই আৱামী লীগৰ ফেচবুক পেজৰ নিয়মীয়া কাৰ্যসূচীত দায়মুক্তিত অংশগ্ৰহণ কৰে। অৱশ্যে তেওঁ ক’তো কেমেৰাৰ মুখামুখি হোৱা নাই।
শুকুৰবাৰৰ অনুষ্ঠানতো কেমেৰাৰ সন্মুখত দেখা পোৱা নগ’ল হাছিনাক। অৱশ্যে এইবাৰ প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে দিল্লীৰ এক অনুষ্ঠানত যোগদান কৰি বিদেশী সাংবাদিকৰ সন্মুখত দেশৰ ভয়াবহ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিছে৷
অৱশ্যে লক্ষণীয় যে হাছিনাই সেই অনুষ্ঠানত অনলাইনত উপস্থিত হোৱাৰ কথা তেওঁৰ ভাষণত উল্লেখ কৰা নাই। পূৰ্বতে ৰেকৰ্ডিং কৰা ভাষণ বজাইছিল নেকি সেয়াও স্পষ্ট হোৱা নাই। তাতোকৈ লক্ষণীয় কথাটো হ’ল হাছিনাই ভাষণৰ আৰম্ভণিতে “প্ৰিয় দেশবাসী, মই শ্বেখ হাছিনা” বুলিহে কয়, অনুষ্ঠানত উপস্থিত থকা সাংবাদিক আৰু অন্যান্য বক্তাসকলৰ উদ্দেশ্যি নহয়। অনুমান কৰা হৈছে যে কূটনৈতিক জটিলতাৰ পৰা হাত সাৰিবলৈ আৱামী লীগৰ নেতাগৰাকীক এই কৌশল গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।
দিল্লী অনুষ্ঠানৰ আয়োজক হৈছে দক্ষিণ এছিয়াৰ বিদেশী সংবাদদাতা ক্লাব আৰু আন্তৰ্জাতিক প্ৰেছ ক্লাব সংস্থা। আমন্ত্ৰণ পত্ৰত উদ্যোক্তাসকলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শ্বেখ হাছিনাক উল্লেখ কৰাটো তাৎপৰ্যপূৰ্ণ। শুকুৰবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপেও চিনাকি কৰাই দিয়া হয় হাছিনাক।
এই অনুষ্ঠানত হাছিনা চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হাছান চৌধুৰী নৌফেল, জনপ্ৰিয় অভিনেত্ৰী তথা বাংলাদেশৰ পৰিচালক ৰকেয়া প্ৰাচিয়েও অংশগ্ৰহণ কৰে। আন দুগৰাকী প্ৰাক্তন মন্ত্ৰী এ কে আব্দুল মোমেন আৰু আলী আৰাফাতে যোগদান কৰে এই অনলাইন অনুষ্ঠানত। আটাইকেইজনে পৰিসংখ্যাৰ উদ্ধৃতি দি বাংলাদেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰ ভৰিৰে মোহাৰি পেলোৱাৰ অভিযোগ উত্থাপন কৰে। সকলো বক্তাই সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতন আৰু অত্যাচাৰৰ কথা পৃথকে পৃথকে উল্লেখ কৰে। বাংলাদেশত সংখ্যালঘু লোকৰ জীৱন দুৰ্বিসহ কৰি তোলা হৈছে বুলিও হাছিনাই কয়।
চৰকাৰী ঘোষণা অনুসৰি অহা ১২ ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ভোটদানৰ কথা। ইয়াৰ প্ৰত্যুত্তৰত হাছিনাই নিজৰ সমৰ্থক আৰু ভোটাৰক নিৰ্বাচন বৰ্জন কৰিবলৈ কৈছে। এই বৈঠকত হাছিনাৰ ভাষণক লৈ বাংলাদেশ চৰকাৰে কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবনে নাই সেই সন্দৰ্ভত কৌতুহলৰ সৃষ্টি হৈছে।
অৱশ্যে ঢাকাৰ কূটনৈতিক মহলৰ একাংশৰ মতে তেওঁলোকে হয়তো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ভাষণক অতিৰিক্ত গুৰুত্ব নিদিয়ে। বাংলাদেশ প্ৰশাসনৰ মতে নিৰ্বাচনৰ সময়ত উত্তেজনা সৃষ্টিৰ বাবে দিল্লীত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বাংলাদেশ চৰকাৰে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে আপত্তি কৰা নাই। অৱশ্যে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হোছেইনে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত কোনো বক্তব্য দিয়াটো নিবিচাৰে।
শুকুৰবাৰে দিল্লীৰ অনুষ্ঠানত ভাষণ দি হাছিনাই মহম্মদ ইউনুছৰ পদত্যাগৰ দাবী জনাই নতুন চৰকাৰৰ অধীনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনায়। বাংলাদেশে যদি গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰিব বিচাৰে তেন্তে মহম্মদ ইউনুছে এতিয়াই ক্ষমতাৰ পৰা পদত্যাগ কৰিব লাগিব বুলিও তেওঁ কয়। ইউনুছৰ সময়ত সংঘটিত হোৱা হিংসা আৰু অগণতান্ত্ৰিক কাৰ্যকলাপৰ তদন্তৰ বাবে ৰাষ্ট্ৰসংঘৰ এটা দল পঠিয়াবলৈ দাবী জনায় আৱামী লীগৰ নেত্ৰীগৰাকীয়ে।





