যাবলৈ ঠাই নাই, বাংলাদেশলৈ ঘূৰি নোযোৱালৈকে ভাৰততে থাকিব শ্বেখ হাছিনা!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ফটোঃ সংগ্ৰহীত।

সোমবাৰে ৪৫ মিনিটৰ নটিছত বাংলাদেশ এৰি  ভাৰতত উপস্থিত হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। কিছুদিন আগতে গম পোৱা গৈছিল যে হাছিনাই ভাৰতৰ পৰা আন কোনোবা দেশত ৰাজনৈতিক আশ্ৰয় ল’ব। কিন্তু শুকুৰবাৰে বাংলাদেশৰ সংবাদ মাধ্যমে দাবী কৰে যে আন কোনো দেশত নহয়, হাছিনা ভাৰততে থাকিব। তেওঁ ভাৰততো ৰাজনৈতিক আশ্ৰয় গ্ৰহণ নকৰে। ইয়াৰ পৰিৱৰ্তে ভাৰতৰ ভিছাৰ জৰিয়তে ইয়াত থাকিব।

বাংলাদেশৰ সংবাদ মাধ্যমৰ দাবী ‘আমি আমাৰ সূত্ৰৰ জৰিয়তে শ্বেখ হাছিনাৰ ৰাজনৈতিক আশ্ৰয়ৰ বিষয়ে জানিব পাৰিছো, মনত ৰাখিব এইটো চিএনএন নিউজ-১৮ ৰ এক্সক্লুছিভ প্ৰতিবেদন যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দীৰ্ঘদিনৰ বাবে ভাৰতত থাকিবলৈ ওলাইছে।’ ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে শ্বেখ হাছিনাই ব্ৰিটেইনত ৰাজনৈতিক আশ্ৰয় ল’বলৈ চেষ্টা কৰিছে। হাছিনাই ভিছাৰ জৰিয়তে ভাৰতত থাকিব। কাৰণ আমাৰ (ভাৰতৰ) কোনো শৰণাৰ্থী বা সাহায্যপ্ৰাৰ্থীৰ আইন নাই।’

লগতে পঢ়কঃ অসম্ভৱক সম্ভৱ কৰি তুলিলে অমনে! ১০ ঘন্টাত হ্ৰাস কৰিলে ৪.৫ কিলোগ্ৰাম, জিকিলে ব্ৰঞ্জৰ পদক

বাংলাদেশী সংবাদ মাধ্যমে লগতে দাবী কৰে যে, “হাছিনাই ব্ৰিটেইনত ৰাজনৈতিক আশ্ৰয় লোৱাৰ প্ৰচেষ্টা আপাততঃ বাতিল কৰা হৈছে। কাৰণ ব্ৰিটেইনৰ পৰা কোনো ইতিবাচক সঁহাৰি পোৱা নগ’ল। ইয়াৰ উপৰি আমেৰিকাইও তেওঁৰ ভিছা বাতিল কৰিছে। ইউৰোপৰ আন আন দেশসমূহে হাছিনাক আশ্ৰয় নিদিয়াৰ বাবে ব্ৰিটেইনক হেঁচা প্ৰয়োগ কৰিছে। অৱশ্যে ভাৰত চৰকাৰে শ্বেখ হাছিনাক জনাইছে যে তেওঁ ভৱিষ্যতৰ পৰিকল্পনাৰ সিদ্ধান্ত নোলোৱালৈকে ভাৰততে থাকিব পাৰিব।”

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক সমৰ্থন কৰিবলৈ সাজু ৰাষ্ট্ৰসংঘ। সোমবাৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই বাংলাদেশ এৰি যায়। ছাত্ৰ বিদ্ৰোহত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই দেশ এৰি ভাৰতলৈ যাবলৈ বাধ্য হৈছিল। তেওঁৰ অনুপস্থিতিত দিশহাৰা হৈ পৰিছে দলৰ নেতা-কৰ্মী। সংবাদ সংস্থা পিটিআইক দিয়া সাক্ষাৎকাৰত হাছিনাৰ পুত্ৰই বাংলাদেশলৈ উভতি অহাৰ কথা নিশ্চিত কৰিছে। হাছিনাৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে জানিবলৈ পুত্ৰ জয়ৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁ বৃহস্পতিবাৰে কয় যে বাংলাদেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হোৱাৰ লগে লগে শ্বেখ হাছিনা ঘূৰি আহিব।

লগতে পঢ়কঃ ব্ৰাজিলত বিমান দুৰ্ঘটনা, বিমানখনত থকা ৬২জন লোকৰে মৃত্যু

আন এটা সাক্ষাৎকাৰত জয়ে কয়, ‘হয়, সঁচা যে মই কৈছিলো যে তেওঁ বাংলাদেশলৈ ঘূৰি নাহে। কিন্তু যোৱা দুদিনত সমগ্ৰ দেশতে আমাৰ নেতা-কৰ্মীসকলৰ ওপৰত অহৰহ আক্ৰমণ চলি আহিছে। ফলত পৰিস্থিতি বহু সলনি হৈছে। এতিয়া আমি আমাৰ মানুহক সুৰক্ষিত ৰাখিবলৈ যি কৰিব লাগে কৰিবলৈ ওলাইছো; আমি তেওঁলোকক অকলে এৰি নাযাওঁ। আৱামি লীগ বাংলাদেশৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি ৰাজনৈতিক দল। গতিকে আমি আমাৰ মানুহৰ পৰা আঁতৰি যাব নোৱাৰো। গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লে তেওঁ নিশ্চিতভাৱে বাংলাদেশলৈ উভতি আহিব। আশাকৰোঁ তেওঁ সঁচাকৈয়ে নিজৰ কথাত অটল থাকিব’।