• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাবলৈ ঠাই নাই, বাংলাদেশলৈ ঘূৰি নোযোৱালৈকে ভাৰততে থাকিব শ্বেখ হাছিনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2024 1:39 pm
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ফটোঃ সংগ্ৰহীত।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ৪৫ মিনিটৰ নটিছত বাংলাদেশ এৰি  ভাৰতত উপস্থিত হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। কিছুদিন আগতে গম পোৱা গৈছিল যে হাছিনাই ভাৰতৰ পৰা আন কোনোবা দেশত ৰাজনৈতিক আশ্ৰয় ল’ব। কিন্তু শুকুৰবাৰে বাংলাদেশৰ সংবাদ মাধ্যমে দাবী কৰে যে আন কোনো দেশত নহয়, হাছিনা ভাৰততে থাকিব। তেওঁ ভাৰততো ৰাজনৈতিক আশ্ৰয় গ্ৰহণ নকৰে। ইয়াৰ পৰিৱৰ্তে ভাৰতৰ ভিছাৰ জৰিয়তে ইয়াত থাকিব।

বাংলাদেশৰ সংবাদ মাধ্যমৰ দাবী ‘আমি আমাৰ সূত্ৰৰ জৰিয়তে শ্বেখ হাছিনাৰ ৰাজনৈতিক আশ্ৰয়ৰ বিষয়ে জানিব পাৰিছো, মনত ৰাখিব এইটো চিএনএন নিউজ-১৮ ৰ এক্সক্লুছিভ প্ৰতিবেদন যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দীৰ্ঘদিনৰ বাবে ভাৰতত থাকিবলৈ ওলাইছে।’ ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে শ্বেখ হাছিনাই ব্ৰিটেইনত ৰাজনৈতিক আশ্ৰয় ল’বলৈ চেষ্টা কৰিছে। হাছিনাই ভিছাৰ জৰিয়তে ভাৰতত থাকিব। কাৰণ আমাৰ (ভাৰতৰ) কোনো শৰণাৰ্থী বা সাহায্যপ্ৰাৰ্থীৰ আইন নাই।’

লগতে পঢ়কঃ অসম্ভৱক সম্ভৱ কৰি তুলিলে অমনে! ১০ ঘন্টাত হ্ৰাস কৰিলে ৪.৫ কিলোগ্ৰাম, জিকিলে ব্ৰঞ্জৰ পদক

Apply Now

বাংলাদেশী সংবাদ মাধ্যমে লগতে দাবী কৰে যে, “হাছিনাই ব্ৰিটেইনত ৰাজনৈতিক আশ্ৰয় লোৱাৰ প্ৰচেষ্টা আপাততঃ বাতিল কৰা হৈছে। কাৰণ ব্ৰিটেইনৰ পৰা কোনো ইতিবাচক সঁহাৰি পোৱা নগ’ল। ইয়াৰ উপৰি আমেৰিকাইও তেওঁৰ ভিছা বাতিল কৰিছে। ইউৰোপৰ আন আন দেশসমূহে হাছিনাক আশ্ৰয় নিদিয়াৰ বাবে ব্ৰিটেইনক হেঁচা প্ৰয়োগ কৰিছে। অৱশ্যে ভাৰত চৰকাৰে শ্বেখ হাছিনাক জনাইছে যে তেওঁ ভৱিষ্যতৰ পৰিকল্পনাৰ সিদ্ধান্ত নোলোৱালৈকে ভাৰততে থাকিব পাৰিব।”

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক সমৰ্থন কৰিবলৈ সাজু ৰাষ্ট্ৰসংঘ। সোমবাৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই বাংলাদেশ এৰি যায়। ছাত্ৰ বিদ্ৰোহত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই দেশ এৰি ভাৰতলৈ যাবলৈ বাধ্য হৈছিল। তেওঁৰ অনুপস্থিতিত দিশহাৰা হৈ পৰিছে দলৰ নেতা-কৰ্মী। সংবাদ সংস্থা পিটিআইক দিয়া সাক্ষাৎকাৰত হাছিনাৰ পুত্ৰই বাংলাদেশলৈ উভতি অহাৰ কথা নিশ্চিত কৰিছে। হাছিনাৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে জানিবলৈ পুত্ৰ জয়ৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁ বৃহস্পতিবাৰে কয় যে বাংলাদেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হোৱাৰ লগে লগে শ্বেখ হাছিনা ঘূৰি আহিব।

লগতে পঢ়কঃ ব্ৰাজিলত বিমান দুৰ্ঘটনা, বিমানখনত থকা ৬২জন লোকৰে মৃত্যু

আন এটা সাক্ষাৎকাৰত জয়ে কয়, ‘হয়, সঁচা যে মই কৈছিলো যে তেওঁ বাংলাদেশলৈ ঘূৰি নাহে। কিন্তু যোৱা দুদিনত সমগ্ৰ দেশতে আমাৰ নেতা-কৰ্মীসকলৰ ওপৰত অহৰহ আক্ৰমণ চলি আহিছে। ফলত পৰিস্থিতি বহু সলনি হৈছে। এতিয়া আমি আমাৰ মানুহক সুৰক্ষিত ৰাখিবলৈ যি কৰিব লাগে কৰিবলৈ ওলাইছো; আমি তেওঁলোকক অকলে এৰি নাযাওঁ। আৱামি লীগ বাংলাদেশৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি ৰাজনৈতিক দল। গতিকে আমি আমাৰ মানুহৰ পৰা আঁতৰি যাব নোৱাৰো। গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লে তেওঁ নিশ্চিতভাৱে বাংলাদেশলৈ উভতি আহিব। আশাকৰোঁ তেওঁ সঁচাকৈয়ে নিজৰ কথাত অটল থাকিব’। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd