NORTHEAST NOW (Assamese)

নাজিৰাৰ পৰা যোৰহাটলৈ কাৰ্য্যালয় স্থানান্তৰণ: অ’ এন জি চিৰ বিবৃতি

September 11, 2019 5:20 pm · অভীক চক্ৰবৰ্তী
Updated: September 11, 2019 5:33 pm
প্ৰতীকী ছবি।

অ’ এন জি চিৰ বিবৃতি মতে, শিৱসাগৰৰ নাজিৰাৰ পৰা যোৰহাটলৈ কাৰ্য্যালয় উঠাই নিয়াৰ কোনো পৰিকল্পনা প্ৰতিষ্ঠানটোৰ নাই।

প্ৰতিষ্ঠানটোৰ অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালক আৰু সম্পদ পৰিচালকৰ কাৰ্য্যালয়টো যোৰহাটলৈ উঠাই নিয়া হ’ব বুলি একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিছিল।

“অভিযানগত উদ্দেশ্যত সম্পদসমূহৰ নিৰীক্ষণ আৰু ব্যৱহাৰিতাৰ বাবে কাৰ্য্যালয়টো নাজিৰাতে থাকিব,” অ’ এন জি চিৰ স্পষ্টীকৰণ।

কিছুমান সংগঠনে বাতৰিটোত প্ৰতিক্ৰিয়া কৰাৰ বিপৰীতে শিৱসাগৰ চহৰত কাৰ্য্যবাহী সঞ্চালক আৰু সম্পদ পৰিচালকৰ আন এটা কাৰ্য্যালয়হে প্ৰতিষ্ঠানটোৱে স্থাপন কৰিব।

সেই কাৰ্য্যালয়টোও মূলতঃ নাজিৰাৰ পৰাই পৰিচালিত হ’ব। কিন্তু অভিযানগত প্ৰয়োজনত সময়ে সময়ে বিষয়াজন শিৱসাগৰ কাৰ্য্যালয়তো বহিব।

ভুল তথ্য প্ৰচাৰ এৰাই চলাৰ বাবে বাতৰি প্ৰকাশৰ পূৰ্বে কোম্পানিটোৰ পৰা খবৰৰ সত্যাসত্য নিৰূপণ কৰি লোৱাৰ বাবে সংবাদ মাধ্যমক অ’ এন জি চিয়ে আহ্বান জনাইছে।

লগতে পঢ়ক– যোৰহাটলৈ ONGCৰ অসম সম্পদৰ কাৰ্য্যালয় স্থানান্তৰণ কৰিলে ONGC বন্ধ কৰি দিয়াৰ হুংকাৰ ২৬ টা সংগঠনৰ যৌথ সংগ্ৰামী মঞ্চৰ

অসমত পৰৱৰ্তী ৫ বছৰত কৰিব লগা বিনিয়োগ সম্পৰ্কেও অ’ এন জি চিয়ে লগতে সদৰী কৰিছে।

পৰৱৰ্তী ৫ বছৰত নতুনকৈ ২২০টা তেল আৰু গেছৰ খাদ খন্দাৰ বাবে এই বিনিয়োগ কৰা হ’ব।

“অসমত পৰৱৰ্তী ৫ বছৰত ১৩০০০ কোটি টকাতকৈও অধিক ধন বিনিয়োগৰ বাবে অ’ এন জি চিয়ে অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে,” বিবৃতিত প্ৰকাশ।

কোম্পানিটোৱে প্ৰকাশ কৰা মতে, এই ধন “সন্ধান আৰু উৎপাদন”ৰ বাবে বিনিয়োগ কৰা হ’ব।

Related News