• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন; ছেবা সংস্কাৰৰ দাবীত ২৮ এপ্ৰিলত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী

বিধানসভাত ছেবা সংস্কাৰৰ গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপনৰ বাবে বিৰোধী বিধায়কক ধন্যবাদ জ্ঞাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2023 6:41 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেবা-ৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনাস্থা তথা দীৰ্ঘদিন ধৰি ক্ৰমাগতভাৱে জাতীয় অনুষ্ঠান ছেবাক ধ্বংস কৰাৰ চক্ৰান্তৰ  বিৰুদ্ধে ৰাজ্যৰ ছাত্ৰ যুৱ সংগঠন একত্ৰিত হৈ শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসম গঠন কৰে। এই মঞ্চত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এছ এফ আই, নিখিল ভাৰত ছাত্ৰ সন্থা, ছাত্ৰ যুৱ সংগ্ৰাম সমিতি,নিখিল ভাৰত যুৱ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন, ইণ্ডিয়ান ষ্টুডেন্ট অৰ্গেনাইজেচন,জাতীয় যুৱ শক্তি সন্মিলিত হয়।

ইয়াৰ পাছতে আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংগঠন কেইটাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদমেলত সংগঠন কেইটা আন্দোলন কাৰ্যসূচী ঘোষণা কৰে। ঘোষণা অনুসৰি অহা ২৮ এপ্ৰিল তাৰিখে ছেবা ৰক্ষাৰ দাবীত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতেই এই মঞ্চত অংশগ্ৰহণ কৰা প্ৰত্যেকটা ছাত্ৰ-যুৱ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক আশ্বস্ত কৰিব পৰাকৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল, বৰং তুলুঙা আৰু পাতল কথা কৈয়ে বিষয়টো লঘু কৰিবলৈ প্ৰয়াস কৰা দেখা গ’ল।

Apply Now

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ দায়িত্ব ছেবাৰ লগতে অসমৰ শিক্ষা বিভাগৰো। পূৰ্বতে অনুষ্ঠিত হোৱা গণিত আৰু ইংৰাজী পৰীক্ষাৰ প্ৰশ্নকাকতৰ ক্ষেত্ৰতো ফাদিল হোৱাৰ কথা পোহৰলৈ আহিছে,কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। আগতেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী গৰুৱে খোৱাৰ নিচিনা ঘটনা সংঘটিত হৈছে। বছৰ ধৰি বছৰ এনে ঘটনা হোৱাৰ পিছতো অসমৰ শিক্ষা বিভাগে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে মাধ্যম বিতৰ্ক, চৰকাৰী মাধ্যমৰ বিদ্যালয়ত মাচুল লোৱা, বিদ্যালয় বন্ধ কৰা, পদ বিলুপ্তিকৰণ কৰাতহে ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগ।

অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তুলিব বিচৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি আছে।

এহাতে ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰা আৰু মহাবিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নত নকৰাকৈয়ে বিশ্ববিদ্যালয় ঘোষণা কৰিছে,আনহাতে এইবাৰ বাজেটত শিক্ষাৰ শিতানত ৫০০কোটি টকা হ্ৰাস কৰিছে।

ছেবাৰ দৰে এটা জাতীয় অনুষ্ঠানক সঠিক ৰূপত কাৰ্যক্ষম কৰি ৰখাৰ দায়িত্ব শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ। এনে এক সময়ত বিষয়টোৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক আশ্বস্ত কৰিব পৰা মন্তব্য দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা অন্যান্য বিভাগীয় মন্ত্ৰী বিধায়কৰ দায় সৰা মন্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয়।

আনহাতে লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ অঞ্চলত শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ কৰা  ছাত্ৰ – ছাত্ৰীসকলৰ ওপৰত পুলিচে যি অকথ্য নিৰ্যাতন চলালে তাৰ বিৰুদ্ধে “শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ,অসমে” তীব্ৰ প্ৰতিবাদ জনাইছে। প্ৰয়োজন সাপেক্ষে মঞ্চই এই ক্ষেত্ৰত মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিব।

 ২০০০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিসংগতি হৈছিল।সেইবাৰ নতুন পাঠক্রমৰ পাঠ্যপুথিৰ পৰা প্ৰশ্ন আহিব লাগিছিল, কিন্তু প্ৰশ্ন আহিল পুৰণি পাঠপুথিৰ পৰা। ছেবাই সেই প্ৰশ্নকাকতৰ পৰীক্ষা বাতিল কৰি সেই পৰীক্ষা নতুনকৈ পাতে আৰু তাৰ লগত জড়িত দুজনকৈ বিষয়াক কঠোৰতম শাস্তি বিহে। আনকি তাৰ বাবে পৰিষদৰ অধ্যক্ষ গৰাকীকো দায়িত্বৰ পৰা অব্যাহতি দিয়ে। এনেবোৰ ঘটনাৰ পৰা এতিয়াৰ ছেবা কৰ্তৃপক্ষ তথা অসম চৰকাৰে নিশ্চয় শিকিবলগীয়া আছে।

এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠিত এক উচ্চ পৰ্যায়ৰ তদন্ত কমিটিৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্ত কৰক, ছেৱাৰ অধ্যক্ষ আৰু সচিবে অনতিপলমে  দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক মাৰ পিট কৰা ধলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ ওপৰত ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক।

অসমৰ জাতীয় অনুষ্ঠান ছেৱাক ধ্বংস কৰাৰ চক্ৰান্ত বন্ধ কৰা আৰু সংস্কাৰৰ মাজেদি ছেৱাৰ প্ৰতি অসমৰ মানুহৰ আস্থা ঘুৰাই অনাৰ ব্যৱস্থা কৰাৰ দাবীত অহা ২৮এপ্ৰিল তাৰিখে শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত হ’বলগীয়া আন্দোলনত সকলো দল,সংগঠন, শিক্ষাবিদ তথা সাধাৰণ ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd