‘শিক্ষক দিৱস’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰিব ঐক্যমঞ্চই

শিক্ষকৰ সৰলতাৰ সুযোগলৈ ৰাজ্যৰ ৩২ হাজাৰ ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক প্ৰতাৰণা কৰাৰ বাবেই অহা ৫ ছেপ্তেম্বৰৰ শিক্ষক দিৱসটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰিব অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।

ৰাজ্য চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগ কৰি ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলক প্ৰতাৰণা কৰাৰ প্ৰতিবাদত অহা ৫ ছেপ্তেম্বৰত পালন কৰিব লগা “প্ৰতাৰণা দিৱস”ৰ প্ৰস্তুতি সন্দৰ্ভত আজি বৰপেটা প্ৰেছ ক্লাবত ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত ঐক্যমঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ছবেদ ভূঞাৰ লগতে কেইবাগৰাকী নেতাই অংশ গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

বছৰ বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক কৰ্মচাৰীসকলক আভুৱা ভাঁৰিবলৈ চৰকাৰে “প্ৰাদেশিকীকৰণ বিধেয়ক- ২০১৬” প্ৰণয়ন কৰা বুলি ঐক্যমঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ছবেদ ভূঞাই মন্তব্য কৰে ৷

লগতে দুবছৰ পূৰ্বে ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছত অনুমোদন লাভ কৰা এই আইনখন অনুসৰি বৰ্তমানলৈ কিমান সংখ্যক শিক্ষক কৰ্মচাৰী উপকৃত হ’ল তাৰ উত্তৰ পাবলৈ অহা ৫ ছেপ্তেম্বৰত “ৰাজভৱন চলো” কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি নেতা গৰাকীয়ে সদৰী কৰে ৷

ঐক্যমঞ্চৰ বৰপেটা জিলা সমিতিৰ মুখ্য সম্পাদক আমিৰুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ঐক্যমঞ্চৰ নেত্ৰী বিপ্ৰাজিতা নাৰ্জাৰী, সভাপতি মণ্ডলীৰ সদস্য আব্দুল হামিদ শিকদাৰ,যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসৰ লগতে ঐক্যমঞ্চৰ কেইবাগৰাকী নেতা আৰু শিক্ষক কৰ্মচাৰী উপস্থিত থাকে ৷