• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিৰ্ফ এক বন্দা কাফি হে – এখন ৰুচিসম্পন্ন চলচিত্ৰ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
July 2, 2023 9:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

    চিৰ্ফ এক বন্দা কাফি হে-অৰ্থাৎ,মাত্ৰ এজন ব্যক্তিয়েই যথেষ্ট। অন্যায়,অবিচাৰৰ বিৰুদ্ধে এখন যুঁজ। আৰু এনে এক যুঁজত এজন ব্যক্তিয়েই যুঁজ দি ন্যায়ৰ পথ প্ৰশস্ত কৰিব পাৰে। হয়,গত ২৩মে’ তাৰিখে মুক্তিপ্ৰাপ্ত বলীউডৰ এই ছবিখন এতিয়া দৰ্শকৰ বাবে জি-৫ ত উপলব্ধ। ছবিখনৰ পৰিচালনা-অপূৰ্ব সিঙ কাৰ্কীৰ। কাহিনী,চিত্ৰনাট্য লিখিছে-দীপক কিংগ্ৰানীয়ে। মূলতঃ এজন ধৰ্মগুৰু বা তথাকথিত স্বয়ম্ভু গডমেন”বাবা”ৰ বিৰুদ্ধে অহা ধৰ্ষণৰ গোচৰ কেন্দ্ৰীক আনুষঙ্গিক ঘটনাক লৈ এই ছবিখন। যদিওবা,কাহিনীভাগৰ কোনো সত্য ঘটনাৰ লগত সংগতি নাই বুলিছে,তথাপিও এই সমগ্ৰ ঘটনা স্বয়ম্ভু গডমেন আশাৰাম বাপুৰ বিষয়েই বুলি ছবিখন চাই থাকিলে,সকলোৱে বুজিব পাৰিব।

   ছবিৰ আৰম্ভণি হয়,২০১৩ চনত নতুন দিল্লীত নিশাৰ ভাগত এগৰাকী কিশোৰীয়ে পিতৃ-মাতৃসহ গডমেন বাবাৰ বিৰুদ্ধে এখন ধৰ্ষণৰ এজাহাৰ লিখাৰ দৃশ্যৰে। কিশোৰীয়ে এজাহাৰ দাখিল কৰা আৰু স্বাস্থ্য-পৰীক্ষা কৰিবলৈ নিবলৈ লোৱাৰে পৰা সমগ্ৰ ঠায়ে ঠায়ে এক হুলস্থূলীয়া পৰিবেশৰ আৰম্ভণি ঘটে। ন্যায়বিচাৰৰ এই প্ৰক্ৰিয়া ২০১৩ৰ পৰা আৰম্ভ হৈ ২০১৮পৰ্যন্ত চলে। বহু জটিলতাৰ মাজেৰে সমগ্ৰ ন্যায়-বিচাৰ প্ৰক্ৰিয়া চলে। কাহিনীৰ তড়িৎ গতি ,যদিও খুবেই সুচল এই গতি। আৰম্ভণিৰ কিছুসময়ৰ পিছতেই অতি সাধাৰণভাৱে কাহিনীলৈ মনোজ বাজপেয়ী অৰ্থাৎ গোচৰদাতাৰ উকীলৰ আগমন ঘটে। ক’তো কোনো নায়কোচিত,নায়িকাসুলভ কথা-পৰিস্থিতিৰ অৱতাৰণা নাই। আৰম্ভণিৰ কিছু দৃশ্যাংশই ঘটনাটো কি হৈছিলে-তাৰ বিৱৰণি দিয়াই দৃশ্যম-১ ছবিখনৰ কথা সুঁ‌ৱৰালে। চৰিত্ৰসমূহৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰথমেই নাম লব লাগিব মনোজ বাজপেয়ীৰ। অৰ্জুন কুক্ৰেটিৰ আলোকশিল্পৰ কাম ভাল। পোহৰৰ প্ৰয়োগ আৰু কেমেৰাৰ কৌণিক দিশৰ ব্যৱহাৰ ভাল। আদালত কক্ষত ধূঃসৰ আৰু হেলনীয়া পোহৰৰ প্ৰয়োগ পৰিস্থিতি সাপেক্ষ। আৰম্ভণিতেই স্বাস্থ্য-পৰীক্ষা কৰিবলৈ নিয়া কিশোৰীগৰাকীৰ পিছফালৰ পৰা তাইৰ আগফালৰ উজ্জ্বল পোহৰে কাহিনীৰ অন্তক প্ৰতীকাৰ্থত সূচাইছে। আনহাতে আদালত কক্ষত সোমোৱাৰ আগত মনোজ বাজপেয়ীৰ ক্ষেত্ৰতো একে শ্বটৰ ব্যৱহাৰ কৰা হৈছে। আদালতৰ বাদানুবাদৰ খেলাখন মনোগ্ৰাহী। এখন একেবাৰেই বিশুদ্ধ ৰূপত বাস্তৱধৰ্মী ছবি দেখিবলৈ পাব,য’ত সময়ৰ কোনো অপ-প্ৰয়োগ কৰা হোৱা নাই। কাহিনীকাৰৰ প্ৰংশসা কৰিবই লাগিব,যিদৰে সুমিত ক’টিয়ালৰ সম্পাদনাৰ। আৱহ সংগীতৰ ব্যৱহাৰো পৰিস্থিতি সাপেক্ষ। ২০১৮ত ন্যায়বিচাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা পৰ্যন্ত ছবিখন।

Apply Now

    ছবিখনৰ মধ্যমণি বা তাৰকা অৱশ্যেই মনোজ বাজপেয়ী। এসময়ত মনোজ বাজপেয়ীৰ দৃষ্টিৰেই আপুনি ছবিখনৰ লগত অধিক একাত্ম হৈ পৰিব। তেওঁ‌ৰ অনবদ্য,প্ৰাকৃতিক অভিনয় আৰু অভিব্যক্তি আনকালৰ দৰেই অনন্য। বাকী চৰিত্ৰবোৰৰ ক্ষেত্ৰত মাথোঁ অভিযোগকাৰী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰা অমৃতা চট্টোপাধ্যায়ৰ হে হে কিছু অভিনয়ৰ থল আছে,আৰু তেওঁ‌ ইয়াৰ সদ-ব্যৱহাৰ কৰিছে। এক কথাত ক’বলৈ গ’লে-২ঘন্টা ৭ মিনিটৰ এই ছবিখন চাই আপুনি নিৰাশ নহয়।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd