এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডত শিৱৰ সন্মুখত কোৰিয়াৰ কিম

কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিশ্ব চেম্পিয়ন বক্সাৰ চেন নিন চিনৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা লাভলিনাৰ

Shiva Thapa

শিৱ থাপা। ফটো উৎস : ইন্টাৰনেট

বেংককত আজিৰ পৰা আৰম্ভ হ’ব লগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে সাজু হৈ উঠিছে অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপাৰ লগতে লাভলিনা বৰগোহাঁই।

দহ দিনলৈকে চলিব লগীয়া এছিয়াৰ এই সৰ্ববৃহৎ বক্সিং প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত শিৱ থাপাই কোৰিয়াৰ কিম ওন হ’ৰ বিৰুদ্ধে বক্সিং ৰিঙত অৱতীৰ্ণ হ’ব।

অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে প্ৰতিযোগিতাখনত পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱা থাপাই ৬০ কিলোগ্ৰাম শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়াব।

উল্লেখ্য যে থাপাই ইতিপূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰি থৈছে। বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল।

আনহাতে বৃহস্পতিবাৰে প্ৰকাশ পোৱা ড্ৰ অনুসৰি অসমৰ আন এগৰাকী প্ৰতিভাৱান মহিলা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিশ্ব চেম্পিয়ন বক্সাৰ চেন নিন চিনৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে।

মন কৰিব লগীয়া যে ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হোৱা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনা বৰগোহাঁইয়ে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬৪ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখ্য যে প্ৰতিযোগিতাখনত মহিলাৰ ৮১ কেজি শাখাত প্ৰতিদ্বন্দ্বি কম হোৱাৰ বাবে ভাৰতৰ পূজা ৰাণীয়ে ছেমিত প্ৰৱেশ কৰিছে। সেয়ে পূজাৰ জৰিয়তে প্ৰতিযোগিতাখনত ভাৰতে প্ৰথমটো পদক নিশ্চিত কৰিবলৈ সক্ষম হয়।