অসমত B. Pharm বা D. Pharm পাঠ্যক্ৰমত অধ্যয়নৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক!

অসমৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত যিসকল শিক্ষাৰ্থীয়ে বি ফাৰ্ম (B. Pharm) অথবা ডি ফাৰ্ম (D Pharm) পাঠ্যক্ৰম অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েঞ্চৰ এক শৈক্ষিক জাননীত এই কথা স্পষ্ট হৈ পৰিছে।

জাননী অনুসৰি, ২০২৪ বৰ্ষৰ বাবে প্ৰবেশ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ২৯ মে’, ২০২৪। এই পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলে শীঘ্ৰেই ইয়াৰ প্ৰবেশ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।

শৈক্ষিক জাননীখনত কোৱা হৈছে যে  ৭-১১-২০২৩ তাৰিখৰ অসম গেজেট অধিসূচনা নং MER 206054M36 অনুসৰি অসমৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠান দুয়োটাতে ২০২৪ বৰ্ষৰ ডিপ্ল’মা ইন ফাৰ্মাচী ( ডি ফাৰ্ম) আৰু বেচেলৰ ইন ফাৰ্মাচীত (বি ফাৰ্ম)ত নামভৰ্তিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েঞ্চে অহা ২৩-০৬- ২০২৪ ইং তাৰিখে প্ৰৱেশ পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে।

লগতে পঢ়কঃ নাছাই প্ৰকাশ কৰিলে একেৰাহে দুটাকৈ সৌৰ বিস্ফোৰণৰ ছবি; সৌৰ ধুমুহাৰ আশংকা বৃদ্ধি

সেই অনুসৰি, ২০২৪ বৰ্ষৰ বি ফাৰ্ম (B. Pharm) আৰু ডি ফাৰ্ম (D Pharm) পাঠ্যক্ৰমৰ ফাৰ্মাচীৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ পৰা আবেদন আমন্ত্ৰণ জনোৱা হৈছে।   

অনলাইন আবেদন প্ৰ-পত্ৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.ssuhs.in ত ১৪-০৫-২০২৪ ৰ পৰা ২৯-০৫-২০২৪লৈ উপলব্ধ হ’ব। ‘The requisite entran’ ফৰ্মৰ সৈতে দিয়া নিৰ্দেশনাসমূহ ভালদৰে পঢ়ি লৈ অনলাইন আবেদন প্ৰ-পত্ৰপূৰণ কৰিব লাগিব।

পৰীক্ষাৰ মাচুল Mon.refundablet বিশ্ববিদ্যালয়ৰ ৱেবছাইট tFee C01.th ত উপলব্ধ পেমেণ্ট গেটৱেৰ জৰিয়তে কেৱল অনলাইন মোডতহে পৰীক্ষাৰ্থীয়ে পৰিশোধ কৰিব লাগিব। যোগ্যতাৰ চৰ্তাৱলী আৰু প্রয়োজনীয়তাকে ধৰি প্রৱেশ পৰীক্ষাৰ বিশদ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www ssuhs in ত উপলব্ধ আছে।

অহা ২৩-০৬-২০২৪ তাৰিখে গুৱাহাটী, ডিব্ৰুগড়, চিলাপথাৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব। এডমিট কাৰ্ডসমূহ ১-৬-২০২৪ তাৰিখৰ পৰা www.ssuhs.in অনলাইনত উপলব্ধ হ’ব যিটো লগ ইন কৰাৰ পিছত ডাউনলোড কৰিব পাৰিব।

শিক্ষাৰ্থীসকলক তেওঁলোকে অনলাইন ফৰ্ম দাখিলৰ সময়ত ব্যৱহাৰ কৰা আবেদন নম্বৰ আৰু পাছৱৰ্ড লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে যাৰ অবিহনে তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব। আবেদনকাৰীসকলক বিশ্ববিদ্যালয়ৰ ৱেবছাইট www ssuhs in ত যিকোনো এই পৰীক্ষা সম্পৰ্কীয় আপডেটৰ বাবে  চকু ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।