সোণাৰিত বিজেপি নেতাৰ গুণ্ডাগিৰি, আৰক্ষীক কিদৰে দিলে ধমক চাওঁ আহক ভাইৰেল ভিডিঅ’ত

ৰাজ্যত আইন শৃংখলা এতিয়া আৰক্ষী নে বিজেপি নেতাৰ হাতত?

বিজেপি নেতাৰ গুণ্ডাগিৰিৰ এটা ভাইৰেল ভিডিঅ’ই আকৌ এবাৰ ৰাজ্যত বিজেপি নেতা-কর্মীৰ বাঢ়ি অহা অতপালিৰ কথা প্ৰমাণ কৰিছে।যান-বাহন আইন ভংগকলৈ হোৱা সংঘাতত এজন কৰ্তব্যৰত আৰক্ষী বিষয়াক ভাবুকি প্ৰদান কৰিছে এইজন স্বয়ম্ভু বিজেপি নেতাই। চৰাইদেই জিলাৰ সোণাৰিত সংঘটিত হৈছে এই ঘটনা।

অভিযোগ অনুসৰি অনুপ সিং ৰাজপুৰোহিত নামৰ এজন বিজেপি নেতা তথা এ পি ডি চি এলৰ অধ্যক্ষই সোণাৰিৰ ন’ পাৰ্কিং জ’নত নিজৰ গাড়ীখন ৰখাইছিল। কৰ্তব্যৰত এজন আৰক্ষী বিষয়াই যান-বাহন আইন উলংঘা কৰা বাবে গাড়ীখনৰ চালকজনক জৰিমনা বিহে। কিন্তু গাড়ীখনৰ চালক জনে জৰিমণা দিবলৈ অমান্তি হয়।

ঘটনা সন্দৰ্ভত গাড়ী চালকজনে ৰাজপুৰোহিত নামৰ  তথাকথিত গেৰুৱা নেতাজনক অৱগত কৰাৰ পাছত খঙত অগ্নিশৰ্মা হৈ আৰক্ষী চকীলৈ খেদি যায় নেতাজনে। সোণাৰি আৰক্ষী চকীলৈ গৈ যান-বাহন আৰক্ষী পৰিদৰ্শকজনক ভাবুকি প্ৰদান কৰি থানাৰ ভিতৰতে কৰ্তব্যৰত বিষয়াজনৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় নিজকে বিজেপিৰ প্ৰতাপী নেতা হিচাপে জাহিৰ কৰা অনুপ সিং ৰাজপুৰোহিত নামৰ ব্যক্তিজনে। বিজেপি নেতাজনৰ আৰক্ষীক ভাবুকি প্ৰদানৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সোণাৰি আৰক্ষী চকীত বিজেপি নেতাই কৰা এই অভব্য আচৰণৰ পিছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাই আহোম যুৱ পৰিষদ, অসম জাতীয় গণ মঞ্চই আৰক্ষী চকীৰ ভিতৰত বিজেপি নেতাৰ গুণ্ডাগিৰিৰ কাৰ্য্যক ধিক্কাৰ দিছ। সদৌ অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদে ঘটনা সংঘটিত হৈ যোৱাৰ পাছতো এতিয়ালৈ বিজেপি নেতাজনৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰা বাবে আশ্চৰ্য প্ৰকাশ কৰি অনতি পলমে দোষীক শাস্তি বিহাৰ বাবে দাবী উত্থাপন কৰে।