NORTHEAST NOW (Assamese)

‘সমগ্ৰ দেশে কান্দি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কিয় হাঁহি আছে?’; কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন

April 20, 2021 7:29 pm · এন ই নাও নিউজ
Updated: April 20, 2021 7:32 pm
ফাইল ফ'টো

দেশত কৰোনা সংক্ৰমণৰ দ্বিতীয় ঢৌৱে আতংকৰ সৃষ্টি কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাই।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰি কয় যে মহামাৰীয়ে দেশখন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে আৰু কোনো ধৰণৰ চিকিৎসা সেৱা লাভ নকৰাকৈয়ে বহুলোকৰ মৃত্যু হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি প্ৰিয়ংকাই কয় ‘এতিয়া প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলোৱাৰ সময় নহয়, জনসাধাৰণৰ চকুৰ চকুপানী মচি মাৰাত্মক ভাইৰাছৰ পৰা সুৰক্ষিত কৰাৰহে সময়।’

তেওঁৰ দলে দৰিদ্ৰ লোকসকলক সহায় কৰি আহিছে বুলি দাবী কৰি প্ৰিয়ংকা গান্ধীয়ে আক্ৰমণাত্মকভাৱে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে “এতিয়া প্ৰচাৰ সভাত হাঁহি থকাৰ সময় নেকি?”

উল্লেখ্য যে দেশত কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে তড়িৎ গতিত সংক্ৰমণ ঘটাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল, য’ত হাজাৰ হাজাৰ জনতা উপস্থিত আছিল।

“এইটো আচৰিত যে এদিন আগতে কোনো কোভিড প্ৰট’ক’ল নথকা ৰাজহুৱা মঞ্চত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি তেওঁ হাঁহি আছিল। হাঁহিবলৈ কি আছে? সমগ্ৰ দেশে চকুপানী টুকিছে। চিকিৎসালয়ত বিচনাৰ অভাৱ, ঔষধৰ নাটনি হৈছে, শ্মশানবোৰ ভৰ্তি হৈ আহিছে, ফ্ৰণ্টলাইন কৰ্মীসকল ক্লান্ত হৈ পৰিছে…।” প্ৰধানমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এইদৰে কয়।

ইফালে কৰোনাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা চূড়ান্তভাৱে হতাশজনক বুলিও গুৰুতৰ অভিযোগ কৰিছে প্ৰিয়ংকা গান্ধীয়ে।

Related News