১৯৭৫ চনৰ ১৫ আগষ্ট। এখন অচিনাকি সৰু গাঁও ৰামগড়ে বলীউডৰ ইতিহাস সলনি কৰি দিছিল। ‘ঠাকুৰ’ৰ আহ্বানত জয় আৰু বীৰু নামৰ দুজন যুৱকে ডকাইত ধৰাৰ কাহিনীয়ে বলীউডত নতুন ইতিহাসৰ সৃষ্টি কৰিছিল। এই বছৰ সেই চিনেমা ‘শ্বোলে’ মুক্তি পোৱাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল। ভাৰতৰ ইতিহাসৰ অন্যতম চৰ্চিত হিন্দী চিনেমা মুক্তিৰ ৫০ বছৰৰ পাছত পুনৰ ডাঙৰ পৰ্দালৈ আহিছে।
১৯৭৫ চনত নিৰ্মিত ৰমেশ চিপ্পীৰ এই কালজয়ী চিনেমাখন এতিয়া সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা হৈছে। ইয়াত চিনেমাখনৰ প্ৰকৃত শেষ অংশ আৰু কিছুমান ডিলিট কৰা দৃশ্য অন্তৰ্ভুক্ত কৰা হৈছে। এই নতুন সংস্কৰণটো বৃহস্পতিবাৰে ইটালীৰ ব’ল’গনাৰ ইল চিনেমা ৰেট্ৰ’ভাটাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব। ইয়াক বৃহৎ মুকলি পৰ্দাত দেখুওৱা হ’ব, যিটো দৰ্শকৰ বাবে এক স্মৰণীয় অভিজ্ঞতা হ’বলৈ গৈ আছে।
এই চিনেমাখনৰ কাহিনী লিখিছে চেলিম-জাভেদে। ইয়াত অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ, হেমা মালিনী, জয়া ভাদুৰী, সঞ্জীৱ কুমাৰ আৰু আমজাদ খানে ‘গব্বৰ সিং’ৰ চৰিত্ৰত অভিনয় কৰিছে। যদিও ইয়াৰ কাহিনী পশ্চিমীয়া আৰু জাপানী চিনেমাৰ পৰা অনুপ্ৰাণিত, তথাপিও ইয়াক সম্পূৰ্ণৰূপে ভাৰতীয় পৰিৱেশত নিৰ্মিত।
২০৪ মিনিটৰ এই ছবিখনে ভাল আৰু বেয়াৰ মাজত চলি থকা পৰম্পৰাগত যুঁজখন দেখুৱাইছে। ৰামগড় নামৰ কাল্পনিক গাঁৱত দুজন চোৰ—জয় আৰু বীৰুক— এজন প্ৰাক্তন আৰক্ষী বিষয়া ঠাকুৰ বলদেৱ সিঙে ডকাইত গব্বৰ সিঙৰ বিৰুদ্ধে যুঁজিবলৈ নিযুক্তি দিয়ে।
মুক্তিৰ পিছত ‘শ্বোলে’ মুম্বাইৰ মিনাৰ্ভা হলত একেৰাহে পাঁচ বছৰ ধৰি চলিছিল। এই ছবিখনক বিবিচি ইণ্ডিয়াই ‘বেষ্ট ফিল্ম অৱ দ্য চেঞ্চুৰী’ হিচাপে ভোটদান কৰাৰ লগতে ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটে শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে ঘোষণা কৰে। ইয়াৰ গীত আৰু সংলাপৰ কেছেট আৰু ৰেকৰ্ড ডেৰ লাখতকৈও অধিক বিক্ৰী হৈছিল। ই কেৱল এখন ছবি নহয়, সংস্কৃতিৰ প্ৰতীক হৈ পৰিছে। ইয়াৰ সংলাপ বিয়াত কোৱা হয়, ৰাজনীতিত ব্যৱহাৰ কৰা হয়, আনকি বিজ্ঞাপনতো দেখা যায়।
‘“শ্বোলে” পৃথিৱীৰ অষ্টম আশ্চৰ্য্য,’ ধৰ্মেন্দ্ৰই কয়। অমিতাভ বচ্চনে কয়, ‘এই ছবিখন যে ইমান বিখ্যাত হ’ব সেই কথা মই শ্বুটিং কৰি থাকোঁতে গম পোৱা নাছিলো, কিন্তু মোৰ জীৱনৰ এটা স্মৰণীয় সময় আছিল।’ শিৱেন্দ্ৰ সিং ডুংগৰপুৰে কয় যে এই সংস্কৰণটোৱেই আটাইতকৈ প্ৰামাণিক আৰু সম্পূৰ্ণ। ইয়াত মূল শেষাংশ আৰু ডিলিট কৰা দৃশ্যবোৰ আছে।
প্ৰথম অৱস্থাত ঠাকুৰে ছবিখনৰ শেষত গব্বৰক হত্যা কৰিবলৈ ওলাইছিল। কিন্তু চেন্সৰ ব’ৰ্ডে ইয়াৰ বিৰুদ্ধে আপত্তি কৰে। তেওঁলোকে ভাবিছিল যে এজন প্ৰাক্তন আৰক্ষীয়ে এনেদৰে আইন নিজৰ হাতত ল’ব নোৱাৰে। সেই সময়ত দেশত জৰুৰীকালীন অৱস্থা আছিল, গতিকে চেন্সৰৰ নিয়ম অতি কঠোৰ আছিল। অৱশেষত ৰমেশ চিপ্পীয়ে ছবিখনৰ শেষাংশ সলনি কৰিলে, গব্বৰ ধৰা পৰে, হত্যা কৰা নহয়। তেতিয়াহে ছবিখনে চেঞ্চৰৰ ক্লিয়াৰেন্স লাভ কৰে।
এই ছবিখনৰ পুৰণি প্ৰিন্ট নষ্ট হৈছিল। কেমেৰাৰ নেগেটিভো বহু বেয়া আছিল। ২০২২ চনত ৰমেশ চিপ্পীৰ পুত্ৰ শ্বাহজাদ চিপ্পীয়ে ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যনৰ সৈতে যোগাযোগ কৰে। তেওঁ কয় যে মুম্বাইৰ এটা গুদামত কিছুমান বাকচ আছে। তাতেই ছবিখনৰ মূল কেমেৰা আৰু চাউণ্ড নেগেটিভ পোৱা গৈছে।
তাৰ পিছত ব্ৰিটেইনৰ পৰাও কিছুমান অতিৰিক্ত ৰিল লাভ কৰা হ’ল। ইটালীৰ ব্ৰিটিছ ফিল্ম ইনষ্টিটিউট আৰু লা ইমাজিনত ৰেট্ৰ’ভাটাৰ সহায়ত ছবিখনৰ সকলো অংশ জোৰা লগোৱা হয়। আনকি ছবিখনত ব্যৱহাৰ কৰা মূল কেমেৰাটোও উদ্ধাৰ কৰা হয়।
কিন্তু ‘শ্বোলে’ প্ৰাৰম্ভিক মুক্তিৰ সময়ত বিশেষ প্ৰশংসা লাভ কৰা নাছিল। বহু সমালোচকে ছবিখনক ব্যৰ্থ বুলি অভিহিত কৰিছিল। ইণ্ডিয়া টুডে ছবিখনক ‘নুমাই যোৱা কয়লা’ বুলি অভিহিত কৰিছিল।
ফিল্মফেয়াৰৰ এজন লেখকে কৈছিল, ‘এয়া প্ৰকৃততে ভাৰতীয়ও নহয়, পশ্চিমীয়াও নহয়।’
প্ৰথম সপ্তাহত নিমাত হৈ পৰিছিল দৰ্শক। অনুপমা চোপ্ৰাই তেওঁৰ কিতাপখনত লিখিছে, ‘দৰ্শক মনে মনে বহি আছিল—হাঁহিও নাছিল, কান্দনো, হাত চাপৰিও বজোৱা নাছিল।’ তৃতীয় সপ্তাহত দৰ্শকে সংলাপ ক’বলৈ আৰম্ভ কৰিছিল, অৰ্থাৎ বহুতে দ্বিতীয়বাৰৰ বাবে চাবলৈ আহিছিল।
এমাহৰ পিছত এখন সংলাপৰ ৰেকৰ্ড মুকলি কৰা হয়, যিটো অতি জনপ্ৰিয় হৈ পৰে। ইয়াৰ পিছত আৰু ছবিখনে ঘূৰি চাবলগীয়া নহ’ল। যদিও গব্বৰ সিঙৰ চৰিত্ৰটো ভয়ংকৰ আছিল, তথাপিও ই অতি জনপ্ৰিয় হৈ পৰিছিল।
‘শ্বোলে’ মিনাৰ্ভা হলত পাঁচ বছৰতকৈ অধিক সময় চলিছিল—তিনি বছৰ নিয়মীয়া শ্ব’ হিচাপে, দুবছৰ মেটিনি শ্ব’ হিচাপে। ২৪০ সংখ্যক সপ্তাহতো ছবিগৃহবোৰত ভিৰ হৈছিল। ২০১৫ চনত পাকিস্তানত মুক্তি পোৱা এই ছবিখনে তেতিয়াও বহু নতুন ছবিক পৰাস্ত কৰিছিল।
চলচ্চিত্ৰ বিতৰক শ্যাম শ্ৰফে কয়, ‘ব্ৰিটিছ সাম্ৰাজ্যৰ বিষয়ে কোৱাৰ দৰে “শ্বোলে”ৰ বিষয়েও ক’ব পাৰি – সূৰ্য্য কেতিয়াও অস্ত নাযায়।’ “শ্বোলে” এতিয়াও মানুহৰ মনত কিয় স্থান দখল কৰি আছে? অমিতাভ বচ্চনৰ উত্তৰ, ‘অন্যায়ৰ ওপৰত ন্যায় আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল তিনি ঘন্টাত ন্যায়ৰ জয়! যিটো আপুনি আৰু মই জীৱনত নাপাবও পাৰো।’