উত্তপ্ত উত্তৰাখণ্ডঃ ‘অবৈধ’ মাদ্ৰাছা উচ্ছেদৰ পিছতে সংঘৰ্ষৰ সূত্ৰপাত, ‘শ্বুট এট চাইট’ৰ আদেশ

Uttarakhand Haldwani Violence

সংঘৰ্ষজৰ্জৰ হৈ পৰিছে উত্তৰাখণ্ড। ৰাজ্যখনৰ হালদ্বাণীত আজি প্ৰশাসনে এখন অবৈধ মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছতে ভয়াৱহ সংঘৰ্ষৰ সূত্ৰপাত হৈছে। সংঘৰ্ষত আহত হৈছে আৰক্ষী জোৱানকে ধৰি প্ৰশাসনীয় বিষয়া তথা সাধাৰণ লোক।

মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছতে অঞ্চলটোত উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু উশৃংখল লোকসকলে আৰক্ষী বিষয়াৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ লগতে আৰক্ষীৰ বাহনকে ধৰি কেইবাখনো বাহনত অগ্নিসংযোগ কৰে।

এই সংঘৰ্ষত কেইবাজনো আৰক্ষী জোৱানৰ লগতে প্ৰশাসনিক বিষয়া আহত হয়। এই সংঘৰ্ষৰ পিছতে আৰক্ষীয়ে উশৃংখল দলটোৰ ওপৰত লাঠীচালনা কৰে। আৰক্ষীৰ লাঠীচালনাত কেইবাজনো লোক আহত হয়।

উশৃংখল লোকসকলে স্থানীয় এটা ট্ৰেন্সফৰ্মাৰতো অগ্নিসংযোগ কৰে, যাৰ ফলত অঞ্চলটোত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে। পৰিস্থিতি অতি ভয়াৱহ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত হালদ্বাণীলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হৈছে।

ইফালে ঘটনাক লৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মুখ্য সচিব আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে বৈঠকত মিলিত হয় আৰু অঞ্চলটোত সান্ধ্য আইন জাৰি কৰে।

এই সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ধামীয়ে লগতে ‘শ্বুট এট চাইট’ৰ আদেশ জাৰি কৰিছে। সংঘৰ্ষৰ সৃষ্টি কৰা তথা অগ্নিসংযোগ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে।