হৰিদ্বাৰত এনকাউণ্টাৰত নিহত বাবা তাৰচেম সিং হত্যাৰ মূল অভিযুক্ত অমৰজিৎ সিং ওৰফে বিট্টু

ফটোঃ সংগ্ৰহীত।

উত্তৰাখণ্ড আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছে অমৰজিৎ সিং ওৰফে বিট্টু। নানকমট্টা গুৰুদ্বাৰৰ ‘কৰসেৱা’ৰ মুৰব্বী বাবা তাৰচেম সিঙৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল শ্বুটাৰ বিট্টু।

বাতৰি অনুসৰি, মঙলবাৰে পুৱা হৰিদ্বাৰৰ ভগৱানপুৰ অঞ্চলত উত্তৰাখণ্ড বিশেষ টাস্ক ফ’ৰ্চৰ সৈতে হোৱা এক এনকাউণ্টাৰত বিট্টু নিহত হয়।

উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অভিনৱ কুমাৰে সংবাদ সংস্থা এ এন আইক জনোৱা মতে, ১ লাখ টকা মূৰৰ দাম ঘোষণা কৰা শ্বুটাৰ অমৰজিৎ সিং নিহত হৈছে আৰু তেওঁৰ সহযোগীগৰাকীয়ে পলায়ন কৰে।

পলাতক অভিযুক্তক বিচাৰি উলিয়াবলৈ উত্তৰাখণ্ড বিশেষ টাস্ক ফ’ৰ্চ আৰু হৰিদ্বাৰ আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰিছে বুলিও শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ আৰক্ষীয়ে জনোৱা মতে, অমৰজিৎ সিঙৰ বিৰুদ্ধে ১৬টাতকৈও অধিক গোচৰ ৰুজু হৈ আছে।

লগতে পঢ়কঃ আমেৰিকাত পুনৰ উদ্ধাৰ ভাৰতীয় ছাত্ৰৰ মৃতদেহঃ এমাহ ধৰি হৈ আছিল নিৰুদ্দেশ

উল্লেখ্য যে যোৱা ২৮ মাৰ্চত উধম সিং নগৰৰ নানকমট্টা গুৰুদ্বাৰত বাইক আৰোহী দুজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল নানকমট্টা গুৰুদ্বাৰৰ মুৰব্বী বাবা তাৰচেম সিঙক। হত্যাকাণ্ডৰ কেইদিনমান পিছতে নানকমট্টা থানাত প্ৰাক্তন আই এ এছ বিষয়া হৰবংশ সিং চুঘ আৰু প্ৰীতম সিং আৰু বাবা অনুপ সিং নামৰ আন দুজন লোকৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হয়।

কৰসেৱাৰ এগৰাকী সেৱক জছবীৰ সিঙে অভিযোগ কৰে যে চুঘে এফআইআৰত নাম উল্লেখ কৰা আন দুজন লোকৰ সৈতে তাৰচেম সিঙক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। বাতৰি অনুসৰি তেওঁ হত্যাৰ ষড়যন্ত্ৰত আন লোক জড়িত থকাৰ দাবীও কৰিছে।

ইয়াৰ পূৰ্বে ৰাজ্য আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সম্পূর্ণ তদন্ত চলাই থকাৰ লগতে আন অভিযুক্তৰ সন্ধানত উত্তৰ প্রদেশ আৰু পঞ্জাৱত অভিযান চলাই থকা বুলি উল্লেখ কৰিছিল৷

লগতে পঢ়কঃ ইজৰাইলত কাৰাবন্দী হৈ থকা পেলেষ্টাইনী লেখক-অধিকাৰ কৰ্মী ৱালিদ ডাক্কাৰ মৃত্যু

তদুপৰি, এই গোচৰৰ সৈতে জড়িত আৰু তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, তেওঁলোক অপৰাধীক কাম দিয়া, সামগ্ৰী যোগান ধৰি, অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি অপৰাধ সংঘটিত কৰাত জড়িত আছিল।