• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দোকান-পোহাৰ লণ্ডভণ্ড,জ্বলালে গাড়ী; শ্বিলঙত সান্ধ্য আইন জাৰি

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , December 13, 2019 4:00 pm

2 min read

3a-1-1140x570

বৃহস্পতিবাৰে শ্বিলঙত বাহনৰ জুই নুমুৱাবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। ফটো: নৰ্থইষ্ট নাও

3.8k
VIEWS
Share on FacebookShare on Twitter

শ্বিলঙৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত বৃহস্পতিবাৰে মেঘালয়ৰ ৰাজধানী চহৰখনত সান্ধ্য আইন জাৰি কৰা হৈছে।

বৃহস্পতিবাৰে হঠাতে পৰিস্থিতিৰ অৱনতি ঘটে আৰু ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। দুস্কৃতিকাৰীয়ে হিংসাত্মক ৰূপ লৈ বাহনত অগ্নিসংযোগ কৰাৰ লগতে মটফ্ৰান অঞ্চলৰ পৰা আৰম্ভ কৰি খানদাই লেড অঞ্চললৈ থকা কিছুমান দোকান লণ্ডভণ্ড কৰে।

সংসদৰ দুয়োখন সদনতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ গৃহীত হোৱাৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ মাজতে এই ঘটনাবোৰ সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, এদল দুস্কৃতিকাৰীয়ে হঠাতে দোকানবোৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু উমছ’হছুম অঞ্চলৰ মাজেৰে গৈ হনুমানবক্স মতিলাল মাৰ্চেন্ট শ্বপৰ সন্মুখত ৰখাই থোৱা এখন বাহনত অগ্নিসংযোগ কৰে।

বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩বজাৰ পৰা ঘটনাটো আৰম্ভ হয়।দুস্কৃতিকাৰীয়ে হনুমানবক্স মতিলাল মাৰ্চেন্ট শ্বপৰ মালিকৰ ML05-N-6001নম্বৰৰ গাড়ীখনত পেট্ৰ’ল বোম নিক্ষেপ কৰিছিল।

এখন অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপিত কৰে যদিও গাড়ীখন বিধ্বস্ত হয়।

ইয়াৰ পাছতে দুস্কৃতিকাৰীয়ে খানদাই লেড অঞ্চললৈ যায় আৰু ড্ৰিমলেণ্ড চিনেমা হলৰ বিপৰীতে থকা এখন দোকানৰ কাপোৰত জুই লগাই দিয়ে।

Shillong-curfew-1140x885

ৰাস্তাত লণ্ডভণ্ড কৰা দোকানৰ গ্লাছ সিচৰতি হৈ পৰে।

এই ঘটনাৰ বাতৰি বিয়পি পৰাৰ পাছতে অঞ্চলটোৰ আতংকিত লোকসকলে দোকান পাহাৰ বন্ধ কৰি দিয়ে।

বজাৰ সমাৰ কৰিবলৈ গৈ থকা লোকসকলে লক্ষ্যহীনভাৱে দৌৰিবলৈ আৰম্ভ কৰে।

ততাতয়াকৈ সুৰক্ষা বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

মটফ্ৰান অঞ্চল আৰু খানদাই লেড অঞ্চলত আৰক্ষী মোতায়েন কৰা হৈছে।

ইয়াৰ পাছতে জইয়’ লেংছনিনাঙত এখন মটৰবাইক আৰু জইয়’ৰ প্ৰেছবাইটেৰিয়ান চাৰ্চৰ সমীপত এখন মাৰুতি ভান জ্বলাই দিয়ে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd