গুৱাহাটীত চুটি ছবি প্ৰতিযোগিতা, ইউটিউবৰ পৰা সংগৃহীত ধন ক’ভিড-১৯ আক্ৰান্তক দিয়া হ’ব

Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

ক’ভিড-১৯ৰ বিৰুদ্ধে লকডাউনৰ মাজতে গুৱাহাটীত এক চুটি ছবি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰতিযোগিতাখনত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।

তাৰোপৰি নিৰ্বাচিত চুটি ছবিসমূহ ইউটিউবত দিয়াৰ জৰিয়তে সংগৃহীত ধন ক’ভিড-১৯ আক্ৰান্তলৈ আগবঢ়োৱা হ’ব।

লকডাউনৰ সময়ত মানুহক ঘৰৰ ভিতৰতে থকাত উৎসাহিত কৰাৰ বাবে এই ছবি প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।

আৰু সেয়ে ইয়াত দাখিল কৰিবলগা ছবিৰ প্ৰাথমিক চৰ্ত হৈছে ছবিসমূহ ঘৰৰ চৌহদতে শ্বুটিং কৰা হ’ব লাগিব।

“আইডিয়াটো হৈছে লকডাউনৰ সময়ত মানুহক তেওঁলোকৰ ঘৰৰ ভিতৰতে জৰিত কৰি ৰখা আৰু লগতে কিছু ধনাত্মক কামক উৎসাহ দিয়া,” দি নিউজ মিলৰ বাতৰিত ছবি নিৰ্মাতা তথা প্ৰতিযোগিতাৰ আয়োজক গুৱাহাটীৰ কাৰ্নেল ফিল্ম প্ৰডাকচনৰ স্বত্বাধিকাৰী কংকন ডেকাৰ উদ্ধৃতি।

ছবিৰ আন কিছুমান চৰ্ত হৈছে—দৈৰ্ঘ্য সৰ্বাধিক ১৫ মিনিট, ষ্টক ফুটেজ বা আগৰ ফুটেজ ব্যৱহাৰ কৰিব নোৱাৰিব।

তাৰোপৰি ছবিত ব্যৱহৃত সংগীতৰ ক্ষেত্ৰত কোনো কপিৰাইট বা লাইচেন্সজনিত সমস্যা থাকিব নালাগিব।

ছবিৰ বিষয়বস্তু বা ভাষা নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই। কিন্তু অসমীয়া, হিন্দী বা ইংৰাজীৰ বাহিৰে আন ভাষাত নিৰ্মিত ছবিত চাবটাইটল থাকিব লাগিব।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা দীপ চৌধুৰী, সমালোচক বিতোপন বৰবৰা আৰু গৱেষক পাৰ্থজিত বৰুৱা প্ৰতিযোগিতাখনৰ বিচাৰকৰূপে থাকিব।