• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত CAA-বিৰোধী প্ৰতিবাদকাৰীৰ ঘৰলৈ গুলী; সন্দেহৰ আঙুলি বিজেপিৰ বিধায়ক মৃণাল শইকীয়ালৈ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
January 3, 2020 9:31 pm
Golaghat shots fired

গোলাঘাটত দুৰ্বৃত্তই নিক্ষেপ কৰা গুলী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটত CAA-বিৰোধী প্ৰতিবাদকাৰী আৰু বিজেপিৰ কৰ্মী-সমৰ্থক তথা CAA-ৰ সমৰ্থকৰ মাজৰ সংঘাতে বিপজ্জনক মোৰ লৈছে।

যোৱা নিশা CAA-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া ৰূপা আৰু প্ৰাঞ্জল ৰাজখোৱাৰ ঘৰলৈ অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰাৰ দৰে ঘটনাই ইয়াৰ গভীৰতাৰ ইংগিত দিছে।

Apply Now

CAA-বিৰোধী প্ৰতিবাদকাৰী বিনয় বৰুৱা নামৰ এজন লোকৰ মাৰুতি ভেনখনৰো ক্ষতিসাধন কৰে অচিনাক্ত দুৰ্বৃত্তই।

ৰাজখোৱা দম্পতী আৰু বৰুৱা, আটাইকেইজনেই CAA-বিৰোধী আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি আহিছে।

“মই যেতিয়া ঘৰৰ বাহিৰত গুলীৰ শব্দ শুনিছিলো তেতিয়া আলহীৰ লগত কথা পাতি আছিলো। প্ৰায় ১২ জাঁই গুলী চলোৱা হৈছে আৰু কিছুমান গুলী আমাৰ চোতালতো পৰিছে। ঘটনাৰ পিছত আমি জীৱনৰ শংকাত ভুগিছো। নিৰাপত্তাহীনতাত ভুগিছো”, ৰূপাই কয়, যি ঢেকীয়াল গাওঁ পঞ্চায়তৰো সভানেত্ৰী।

আনহাতে বিনয় বৰুৱাৰ ভাষ্যমতে, প্ৰতিবাদৰ এটা কাৰ্য্যসূচীৰ পিছত তেওঁ ভেনখন বাহিৰত ৰখাই ৰাজখোৱাৰ সৈতে কিবা কথা আলোচনা কৰিবলৈ তেওঁলোকৰ ঘৰত সোমাইছিল। দুৰ্বৃত্তই ভেনখনৰ ক্ষতিসাধন কৰে। গুলী সৰকি যায় গাড়ীখনৰ বডিৰ মাজেৰে।

“গোটেই ঘটনাটোত এটা সুপৰিকল্পিত ষড়যন্ত্ৰ আছে। সন্ত্ৰাসৰ, হিংসাৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্য আছে, যাতে আমাৰ প্ৰতিবাদী কণ্ঠক ৰোধ কৰিব খোজা হৈছে”, বৰুৱাই কয়।

“ইয়াৰ পূৰ্বেও CAA-বিৰোধী প্ৰতিবাদকাৰীক লক্ষ্য কৰি লোৱা হৈছে। যোৱা ১২ ডিচেম্বৰত মেৰামৰাস্থিত আমাৰ সদস্য নিতু শইকীয়া নামৰ এজন লোকৰ ঘৰলৈও গুলী চলোৱা হৈছিল। গোচৰ দিয়া হৈছিল যদিও আজিলৈকে আৰক্ষীয়ে একো নকৰিলে”, আছুৰ সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে কয়।

উল্লেখযোগ্য যে জিলাখনৰ খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই CAA-বিৰোধী প্ৰতিবাদকাৰীক বিভিন্ন প্ৰকাৰে হুমকি দি আহিছে। আনকি CAA-বিৰোধী প্ৰতিবাদকাৰীক ওলোটাই মাৰিবলৈ, ঘৰ জ্বলাবলৈও উচটনি দিয়াৰ অভিযোগ আছে বিধায়কজনৰ বিৰুদ্ধে।

এই গুলীচালনাৰ ঘটনাৰ আঁৰতো বিতৰ্কিত বিধায়কজন জড়িত আছে বুলি স্থানীয় লোকৰ অভিযোগ।

বিধায়কজনক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত স্মাৰকপত্ৰ দিয়া হৈছে, আছুৰ নেতাজনে কয়।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd