• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্যামকানুক হিমন্তৰ মানুহে লগ কৰাৰ পিছতে বাতিল কৰিছে জামিন আবেদন : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2026 7:41 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি লখিমপুৰৰ বিহপুৰীয়াৰ পথালিপথাৰত বৰ অসমৰ সংকল্প লৈ অসম প্ৰদেশ কংগ্ৰেছে বিশাল জনসভা অনুষ্ঠিত কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত জনসভা জনসমুদ্ৰত পৰিণত হয়৷ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰে৷ গৌৰৱ গগৈয়ে জনসভাৰ মঞ্চৰ পৰা মই ৰাইজৰ সৈতে ঘৰুৱাভাবে কথা পাতিব বিচাৰিছো বুলি উল্লেখ কৰি কয় যে এইবাৰ অসমত যুঁজ এখন হ’ব৷ মানুহ আজি সভাবোৰত ডেৰ ঘণ্টা নহয় তিনি ঘণ্টা ৰৈ থাকিব পাৰো বুলি কোৱাৰ প্ৰসংগ উল্লেখ কৰি কয় যে মানুহে কৈছে যে কংগ্ৰেছ লাগে৷ আমি য’তে গৈছো মানুহে আমাক আদৰিছে, যুৱসকলে আদৰিছে, মহিলাসকলে আস্থাৰে আমালৈ বাট চাই থাকে, বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ প্ৰদান কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ভাবে কেৱল তেওঁৰ ওচৰতহে ক্ষমতা আছে৷

তেওঁ কয় ‘মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো সকলো মোৰ মতে হ’ব লাগিব৷’ ইমান অহংকৰ, ইমান সাহস৷ এইবাৰ অসমৰ জনসাধৰণে দেখুৱাই দিব তেওঁ কোনো ফেক্টৰ নহয়৷ বিজেপিৰ চৰকাৰে ডেৰ লাখ কোটি টকাৰ ঋণ লোৱাত প্ৰশ্ন উত্থাপন কৰি গৌৰৱ গগৈয়ে কয় যে এইখন চৰকাৰ ধৰুৱা হৈ গৈছে৷ ধাৰ মাৰিবলৈ টকা নাই৷ ধাৰ মাৰিবলৈ অসমৰ চাৰিওফালে মদৰ দোকান খুলিছে, চাৰিওফালে টোলগেট বহুৱাইছে৷ বসুন্ধৰাৰ যোগেদি মাটিৰ প্ৰিমিয়াম বঢ়াই দিছে৷ বঢ়াই দিয়াৰ কাৰণ ধাৰ মাৰিব লাগে৷ ট্ৰেফিকৰ জৰিমনা বঢ়াইছে ধাৰ মাৰিবলৈ৷ চৰকাৰী স্কুল বন্ধ কৰাৰ কাৰণ হৈছে শিক্ষকক দৰমহা দিবলৈ টকা নাই৷ যিজন মানুহ ইমান অহংকাৰী আৰু ক্ষমতাশালী বুলি ভাবে আজি মই সেইজনক কৈছো ‘হু ইজ হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা কোন হয়?’ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা চাওক বুলি কটুক্তি কৰি গৌৰৱ গগৈয়ে কয় যে প্ৰথমে আছু কৰিলে৷ তাৰ পিছত নিজক বচাবলৈ কংগ্ৰেছলৈ গ’ল৷ আকৌ এবাৰ নিজক বচাবলৈ গ’ল বিজেপিলৈ৷ কালি যেতিয়া বিজেপি ক্ষমতাৰ পৰা আতৰি যাব তেতিয়া তেওঁ বিজেপিৰ পৰা জাঁপ মাৰি দিব৷ আকৌ কংগ্ৰেছলৈ আহিব খুজিব৷ কিন্তু ৰাইজ আপোনালোকে কওক তেওঁক আকৌ ল’ব লাগে নেকি? আপোনালোকে ল’ব নালাগে বুলি কৈছে যিহেতু আৰু তেওঁক নলও৷ তেওঁ সদাই সোঁতৰ সৈতে গৈ থাকে৷ য’তে ক্ষমতা তেওঁ তাতেই থাকিব৷ যদি তেওঁ ইমানে ডাঙৰ ৰাজনীতিবিদ তেন্তে তেওঁ এবাৰ বিৰোধীত থাকি চাওক কিমান সাহস আছে৷ একে ছেকেণ্ডত সাহস নাইকীয়া হৈ যাব৷ ক্ষমতাত থকা দলৰ সৈতে আছে বাবে ডাঙৰ ডাঙৰ কথা৷ নহ’লে নিজক বচাবলৈ জাঁপ মাৰে৷ যিদিনা বিজেপি যাব সিদিনা আকৌ জাঁপ মাৰিব৷ কিন্তু ৰাইজ আপোনালোকে যিহেতু কৈছে সেইকাৰণে আমি দৰ্জা বন্ধ কৰি ৰাখিম৷ মোৰ এটা কথা মনত পৰিছে৷ যি কথা আমাৰ দলৰ জ্যেষ্ঠনেতাসকলে, দিল্লীৰ নেতাসকলে মোক কয়৷ তুমি যে হিমন্ত বিশ্ব শৰ্মাই ইমানকৈ কৈ থাকা৷ কিন্তু তুমি জানা নে তোমাৰ প্ৰয়াত পিতৃয়ে হিমন্ত বিশ্ব শৰ্মাক কিমান ৰক্ষণা-বেক্ষণ দিলে? মই কও যে সেই কথা মই জানো আৰু মোৰ পিতৃয়েও জানিছিল৷ যাৰ বাবে শেষত তৰুণ গগৈ দেৱে আপছোছ কৰিছিল৷ তেওঁক জ্যেষ্ঠসকলে কৈছিল যে তুমি সাৱধানে থাকিবা৷ হিমন্ত বিশ্ব শৰ্মাই এদিন বিশ্বাসঘাতকতা কৰিব৷ এজন পিতৃয়ে কৰাৰ দৰে হিমন্ত বিশ্ব শৰ্মাক তেখেতে মৰম কৰিলে৷ বিভিন্ন দিশৰ পৰা বচাই ৰাখিলে৷ সেইজন হিমন্ত বিশ্ব শৰ্মাই পিঠিত ডেগাৰ মাৰিলে৷ প্ৰয়াত তৰুণ গগৈয়ে দেৱে কৈছিল যে মই কেনেকৈ গম পাম, মই সহজ-সৰল আৰু সাধাৰণ মানুহ৷ মই কেৱল অসমখনত শান্তি আনিব বিচাৰো৷ অসমত কাম হোৱাটো বিচাৰিছিলো৷ বিশ্বাস কৰিছিল সেইজনক৷ খুলিবলৈ দিলো চেনেল৷ মই কেনেকৈ গম পাম যে এদিন তেৱেই মোৰ পিঠিত ডেগাৰ মাৰিব৷ তেওঁ শেষত আন এটা কথাও কৈছিলে যে মোক তেওঁ ডেগাৰ মাৰিলেই, সৰ্বানন্দ সোণোৱালকো ডেগাৰ মাৰিব৷ সেয়া হৈছে৷ ২০২১ চনত সেই কথা প্ৰমাণিত হ’ল৷ অসমৰ মানুহে সৰ্বানন্দ সোণোৱালক ভোট দিলে, মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালাক বুকুত ডেগাৰ মাৰি নিজেই মুখ্যমন্ত্ৰী হ’ল৷

Apply Now

গগৈয়ে লগতে অসমত বহু মুখ্যমন্ত্ৰী দেখা বুলি উল্লেখ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান মিছলীয়া মুখ্যমন্ত্ৰী মই কেতিয়াও দেখা নাই৷ মোক তেওঁ পাকিস্তানৰ সৈতে সম্পৰ্ক কৰিব বিচাৰে৷ এবছৰ হৈ গ’ল প্ৰমাণ দিব পাৰিলে৷ ১০ ছেপ্টেম্বৰত কিবা হ’ল নেকি? কিন্তু আমি কথা দি কথা ৰাখিলো৷ প্ৰতিমাহে ১০ তাৰিখত বিজেপিৰ মানুহ আমি কংগ্ৰেছ দলত যোগদান কৰি আহিছো৷ বহু মুখ্যমন্ত্ৰী দেখিলো৷ ইমান কেলেংকাৰীৰ সৈতে সম্পৰ্ক থকা মুখ্যমন্ত্ৰী দেখা নাই৷ গীৰ গাই চুৰি হৈছে৷ ধেমাজিত চাউল চোৰ ওলাইছে৷ ধেমাজি এফচিআইৰ পৰা চাউলচোৰ ওলাইছে৷ লখিমপুৰৰ মানুহে কয় দাদা জলজীৱন আঁচনিত ‘নল আছে জল নাই’৷ ৰঙানদী সমষ্টিত মানুহে ক’বলৈ আৰম্ভ কৰিছে যে দাদা বিজেপি অহাৰ পিছত আমাৰ গৰুবোৰ সুৰক্ষিত নহয়৷ গোহালিৰ পৰা গৰুবোৰ লৈ যায়৷ মেঘালয়ত ৩০-৪০ হাজাৰ টকাত বিক্ৰী কৰে৷ ৰঙানদীৰ মানুহ গৰুক লৈ চিন্তিত৷ তোমালোকে হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰা৷ আকৌ গৰু চিণ্ডিকেটৰ সৈতে জৰিত লোকক টিকট দিব বিচৰা৷ এয়া হৈছে হিন্দু ধৰ্মৰ প্ৰতি দায়বদ্ধতা৷ আজি মাজুলীৰ মানুহ মিটিঙলৈ আহিছে৷ আমি বহু মুখ্যমন্ত্ৰী দেখিছো৷ কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাজুলীত মাটি কিনা দেখা নাই৷ মই কালি মৰাণৰ সভাত সুধিছিলো যে মামীয়ে তিনিচুকীয়াত বাগান কিনিছে নেকি? ৰাইজে কৈছে কিনিছে? আজি ৰাইজে কৈছে মাজুলীত মাটি কিনিছে৷ আমি মাজুলীত মামীয়ে কিনা চাব যাম৷

ক্ষমতা ওচৰৰ পৰা দেখা বুলি কৈ প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে মোৰ প্ৰয়াত পিতৃ তিনিবাৰৰ মুখ্যমন্ত্ৰী৷ কেতিয়াও নিজৰ ল’ৰাৰ নামত কোম্পানী কিনা নাছিল, পৰিবাৰৰ নামত চেনেল খোলা নাছিল, বাগান লোৱা নাছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ ল’ৰাৰ নামত ১৭টা কোম্পানী আছে৷ অসমৰ যুৱক হতাশ, চাকৰি নাই৷ হাজিৰা কৰিবলৈ অৰুণাচল, তামিলনাডু, কেৰালালৈ যাব লাগে৷ আৰু তেওঁ নিজৰ ল’ৰাৰ নামত ১৭টা কোম্পানী খুলিছে৷ চাৰিওফালে মদ আৰু চিণ্ডিকেট৷ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী স্কুল বন্ধ কৰিছে৷ তেওঁ নিজৰ প্ৰাইভেট স্কুল খোলাত ব্যস্ত হৈ পৰিছে৷ লুই বাৰ্জাৰ, সাৰদা, গীৰ গাই কেলেংকাৰী, টাডাৰ গোচৰ, মানৱেন্দ্ৰ শৰ্মা হত্যাৰ কথাকে কওক৷ এনে এটা জঘন্য কাণ্ড নাই য’ত হিমন্ত বিশ্ব শৰ্মাৰ নাম নাই৷ আজি বসুন্ধৰাত মানুহে মাটি পোৱা নাই৷ মই টিভিৰ নিউজত দেখিছো যে বিজেপিয় কিছু মাটিৰ দালালক ধৰিছে৷ আমি আপত্তি কৰা নাই৷ কিন্তু অসমৰ ভিতৰত সকলোতকৈ বেছি ডাঙৰ মাটিৰ দালাল দিছপুৰতে বহি আছে৷ এতিয়া অসমৰ জনজাতিৰ ৪০ হাজাৰ বিঘা মাটি আদানি-আম্বানি, পতঞ্জলিক দি দিব৷ যিখন অসমক তৰুণ গগৈ দেৱে একতাৰে বান্ধি ৰাখিছিল৷ উন্নয়ন আৰু প্ৰগতিৰ পথেৰে আগুৱাই নিছিল৷ আজি সেই অসমত অভদ্ৰ ৰাজনীতি, অহংকাৰী ৰাজনীতি, ভয়-ভাবুকিৰ ৰাজনীতি চলিছে৷ সেইকাৰণে আমি নতুন বৰ অসম গঢ়াৰ সংকল্প লৈছো৷ যিখন বৰ অসমত অসমীয়া মানুহ প্ৰগতিশীল, উৎপাদনশীল হ’ব৷ অসমৰ উদ্যোগ এটা এটাকৈ বন্ধ হৈ গৈছে৷ চাহ উদ্যোগ, পাট-মুগাৰ উদ্যোগ বন্ধ কৰিছে৷ সৰু ঠিকাদাৰৰ কাম নাই৷ গোটেই কাম দিছপুৰৰ পৰা চলিছে৷ ৰাইজৰ বিশ্বাস লৈ আমি আগবাঢ়ি যাব লাগিব৷ বিজেপিয়ে ভয় কৰি ভোট কৰ্তন কৰিব খোজাৰ অভিযোগ উত্থাপন কৰি গগৈয়ে কয় যে আমাৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব খুজিছে৷ মই এই মঞ্চৰ পৰা সকলোকে আহ্বান জনাইছো৷ সকলোৱে নিৰ্বাচন আয়োগৰ ৱেবছাইটত যাওক৷ কাৰ নাম কাটিছে, কাক মৰা বুলি দেখাইছে, স্থানান্তৰিত হোৱা বুলি দেখাইছে সেই তথ্য উলিয়াওক৷ তালিকা ডাউনলোড কৰি মণ্ডলে মণ্ডলে গৈ পুনৰীক্ষণ কৰক৷ বহু ঠাইত জীৱিত মানুহক মৰা বুলি দেখাইছে৷ চৰকাৰী বিএলঅ’ক মৃত বুলি দেখাইছে৷ এই সময়ত আজি নিজে দায়িত্ব ল’ব লাগিব৷ আমি মানুহক সহায় কৰিব লাগিব৷ নিৰ্বাচন আহিব, নিৰ্বাচন যাব৷ কেতিয়াবা কংগ্ৰেছ জয়ী হ’ব, কেতিয়াবা হাৰিব৷ এতিয়া দেখিছো বিজেপি দল ক্ষমতাৰ বাবে ইমান লোভীয়া যে নিৰ্বাচনকো নিজৰ মতে ব্যৱহাৰ কৰিব বিচাৰিছে৷ বকোত নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত বিজেপিৰ মানুহ বহি আছে৷ ভিডিঅ’ কনফাৰেন্সত ভোট কাটিবলৈ নিৰ্দেশ দিছিল৷ এজাহাৰ দিয়া হ’ল৷ কিন্তু ব্যৱস্থা নল’লে৷ ফোন, লেপটপ জব্দ নহ’ল৷ ৰাইজ বিভ্ৰান্ত নহৈ একত্ৰিত হ’লে যিকোনা পৰ্যায়ত বিজেপিক হৰুৱাই কংগ্ৰেছৰ চৰকাৰ গঠন কৰিম৷

জুবিন গাৰ্গে ন্যায় লাভ নকৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে তীব্ৰ আক্ৰমণ কৰি কয় যে শ্যামকানু মহন্তৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ সম্পৰ্ক সেই কথা আমি নাজানো নেকি? আমি সকলো খবৰ ৰাখিছো৷ হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে যে আমি খবৰ ৰখা নাই৷ ৰাতি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ হৈ শ্যামকানু মহন্তক কোনে ল’গ পাবলৈ যায়৷ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া মতে কৰিবলৈ দিয়াৰ খবৰ আমি পাই আছো৷ জামিন আবেদন কৰি জামিনৰ আবেদন বাতিল কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ এজন মানুহ শ্যামকানুৰ ওচৰলৈ যোৱাৰ পিছতে জামিন আবেদন বাতিল কৰিলে৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থকা পৰ্যন্ত জুবিন গাৰ্গে ন্যায় নাপায়৷ আমি জুবিনদাৰ দৰে ন্যায়ৰ পক্ষত কাঞ্চনজংঘাৰ দৰে থিয় দিব লাগিব- কয় গৌৰৱ গগৈয়ে৷

সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা উপস্থিত থাকি বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে৷ ২০১৬ চনত বিজেপিয়ে ভিজন ডকুমেণ্টত কি কি প্ৰতিশ্ৰুতি দিছিল সেই কথা মনত পেলাই কয় যে বিজেপিয়ে জাটি, মাটি, ভেটি ৰক্ষা কৰাৰ লগতে বানমুক্ত, গৰাখহনীয়া মুক্ত, নিবনুৱা মুক্ত, কৃষকৰ উপাৰ্জন বৃদ্ধি হ’ব, শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধি হ’ব বুলি সপোন দেখুৱাইছিল৷ শৰাইঘাটৰ শেষ ৰণ হ’ব বুলি কৈছিল৷ কিন্তু সেয়া একোকে নহ’ল৷ সেইকাৰণে আজি কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ এই বিফলতাক ৰাইজৰ মাজলৈ নিবলৈ সাজু হ’ব লাগিব৷ বিশাল সভাত দলীয় কৰ্মীক সম্বোধন কৰি নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহঃ তত্ত্বাৱধায়ক মনোজ চৌহানে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কোনোৱেও ৰক্ষা কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰি কয় যে অসমৰ মানুহে কংগ্ৰেছক ভোট প্ৰদান কৰিবলৈ সাজু হৈছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে ভাষণ প্ৰদান কৰি কয় যে অসমৰ জনগণ সহজ-সৰল৷ মৰমেৰে জীয়াই থাকিবলৈ জানে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈয়ে এইখন ৰাজ্যত চম্ভালিছিল৷ অসমৰ জনগণে স্বাভিমানৰ সৈতে জীয়াই থাকে৷ স্বাভিমানত আঘাত কৰিলে বহি নাথাকে অসমৰ জনগন৷ অসমৰ জনগণে আগন্তুক নিৰ্বাচনত বৃহৎ পৰিৱৰ্তন কৰিবলৈ আগবাঢ়িছে বুলিও কয় তিৰ্কীয়ে৷ বিশাল সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ভাষণ প্ৰদান কৰি সকলো কংগ্ৰেছ কৰ্মীক আগন্তুক নিৰ্বাচনত মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়৷

সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহ, প্ৰাক্তন সাংসদ আৰ.পি শৰ্মা, কাৰ্যকৰী সভাপতি ৰজ’লীনা তিৰ্কী, ছত্তিশগড়ৰ বিনোদ বৰ্মা, উপ-সভাপতি ঘন বুঢ়াগোহাঁই, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সাধাৰণ সম্পাদক প্ৰেমলাল গুঞ্জু, শৈলেন সোণোৱালকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd