জুবিন গাৰ্গৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ পৰা অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ৰাজহুৱাভাৱে দূৰত্ব বজাই ৰখাৰ চেষ্টাচলাই আহিছে।
কিন্তু নিজৰ মোহিনী বানেৰে ৰজাঘৰক বশীকৰণ কৰা হাত দীঘল মহন্তই চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত প্ৰভাৱশালী পদবী অব্যাহত ৰাখিছে, যাক লৈ পৰিস্থিতি এতিয়াও অস্পষ্ট আৰু ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
চৰকাৰী তথ্য অনুসৰি শ্যামকানু মহন্তই ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (জিআইএছটি)ৰ ব’ৰ্ড অৱ গভৰ্ণৰৰ সদস্য হিচাপে তিনি বছৰীয়া কাৰ্যকালৰ বাবে মনোনীত হৈছিল।
অসম উচ্চ শিক্ষা (কাৰিকৰী) বিভাগে জাৰি কৰা অধিসূচনাখনত তেওঁক আই আই টি গুৱাহাটীৰ ডাঃ ৰঞ্জন তামুলী আৰু আই আই টি গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ দৰে বিশিষ্ট ব্যক্তিৰ কাষত ৰখাটোৱে ব’ৰ্ডখনৰ মৰ্যাদাৰ কথা তুলি ধৰে।
জিআইএছটিৰ উপৰিও মহন্ত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিতো আছে, আৰু তেওঁক অপসাৰণৰ বাবে কোনো আনুষ্ঠানিক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
বাতৰি অনুসৰি ২০২১ চনত তেওঁ নগাঁও বিশ্ববিদ্যালয়ত প্ৰফেছৰ অফ প্ৰেকটিছ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু কিছুদিন পূৰ্বে আনুষ্ঠানিকভাৱে অপসাৰণ কৰাৰ পূৰ্বে কাজিৰঙা বিশ্ববিদ্যালয়ৰ গভৰ্নিং ব’ডিৰো সদস্য আছিল।





