SI কেলেংকাৰী: মূল অভিযুক্ত কুমুদ কলিতাক গ্ৰেপ্তাৰ, পাঁচ জনৰ জামিন নাকচ

a kumud

ৰাজ্য জুৰি জোকাৰণিৰ সৃষ্টি কৰা SI কেলেংকাৰীৰ মূল অভিযুক্ত কুমুদ কলিতাক যোৱা নিশা আৰক্ষীয়ে শুৱালকুছিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কলিতাৰ বিৰুদ্ধে প্ৰাৰ্থীৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ আছিল।

দীৰ্ঘদিন ধৰি তেওঁ পলাতক অৱস্থাত আছিল যদিও গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে যোৱা নিশা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইপিনে SI কেলেংকাৰীৰ পাঁচ জন অভিযুক্তৰ আজি জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ খণ্ডপীঠে পাঁচজন অভিযুক্ত ক্ৰমে সন্দীপ শৰ্মা,কুশল দাস,দেৱৰাজ দাস,তাৰিণিকান্ত বনিক্য আৰু অংকুজিৎ বৰুৱাৰ জামিন আবেদন নাকচ কৰে।

উল্লেখ্য CID য়ে SI নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত দিবন গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত ৩০ চেপ্টেম্বৰৰ নিশা প্ৰায় ১২ বজাত পাটচাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

এই কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ পাছতে দিবনে এক ফেচবুক পোষ্টযোগে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এই প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত থকা বুলি বিস্ফোৰক অভিযোগ তুলিছিল।

দিবন ডেকাৰ বিৰুদ্ধে একোখন প্ৰশ্নকাকত এক লাখ টকা ধনৰ বিনিময়ত কিছু সংখ্যক পৰীক্ষাৰ্থীৰ মাজত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।