NORTHEAST NOW (Assamese)

চৰকাৰৰে ঘনিষ্ঠ ৰৌ-বৰালি জালত নপৰাকৈয়ে সামৰণি SI কেলেংকাৰীৰ তদন্তৰ!

December 18, 2020 8:46 pm · কল্পজ্যোতি শইকীয়া

SI কেলেংকাৰীৰ ৰৌ-বৰালি প্ৰকৃততে প্ৰশান্ত কুমাৰ দত্ত বা দ্বিবন ডেকা হয়নে? নে এওঁলোককে মূল অভিযুক্ত কৰি চৰকাৰৰে ঘনিষ্ঠ বহুতকে সাঙুৰি নোলোৱাকৈ সামৰণি পৰিল SI কেলেংকাৰীৰ তদন্ত।

সংবাদ মাধ্যমৰ জৰিয়তে এই কেলেংকাৰীৰ সৈতে জৰিত থকা বুলি এমেনটকৰ স্বত্বাধিকাৰী প্ৰাঞ্জল বৰুৱা আৰু তেওঁৰ সতীৰ্থ কোচবিহাৰৰ কৌশিক চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। কিয়নো পৰীক্ষা অনুষ্ঠিত কৰা তথা প্ৰশ্নকাকত প্ৰস্তুত কৰা অন্যতম ব্যক্তিগত কোম্পানী এমেনটেকৰ স্বত্বাধিকাৰী প্ৰাঞ্জল ওৰফে বটল আৰু কৌশিককে ধৰি কোনো এজনকো বৰ্তমানলৈকে গ্ৰেপ্তাৰ নকৰিলে আৰক্ষী অথবা চিআইডিয়ে।

অথচ ৮৭ দিনৰ তদন্তৰ অন্তত ৫০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰি ৩৬ জনক অভিযুক্ত সজাই আজি কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশ আদালতত দাখিল কৰা হ’ল ২৬২১ পৃষ্ঠাৰ শ্বাৰ্জ শ্বীট।

সুত্ৰ অনুসৰি অক্ষয় টেলি কমিউনিকেশ্যন আৰু এমেনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেড মিলি বঙাইগাওঁত SI পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল।

প্ৰশ্ন হৈছে, সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন হোৱাৰ পাছতো কাৰ আশীৰ্বাদপুষ্ট এই প্ৰাঞ্জল বৰুৱা আৰু কৌশিক চৰকাৰ? কিয় তদন্তৰ শেষলৈকে আওতালৈ  নাহিল প্ৰাঞ্জল-কৌশিক?

কিছুসংখ্যক লোকে দাবী কৰা মতে ছয়মাইল অঞ্চলতে বৰ্তমানো ঘুৰা-ফুৰা কৰি আছে অভিযুক্ত প্ৰাঞ্জলে। আনকি নিজৰ মালিকাধীন এটা ৱেব পৰ্টেলো ইতিমধ্যে আৰম্ভ কৰিছে প্ৰাঞ্জলে।

শুকুৰবাৰে এক সংবাদ মেল যোগে আদালতত শ্বাৰ্জ শ্বীট দাখিল কৰাৰ কথা সদৰি কৰে চি আই ডিৰ চিআইডিৰ আৰক্ষী মহা পৰিদৰ্শক সুৰিন্দৰ সিঙে । এই কেলেংকাৰীৰ সময়ত  অসমৰ বিভিন্ন ঠাইৰ পৰা ৬,২৬,৬৯,৪৪০ টকা উদ্ধাৰ হৈছিল। ৩২টা মোবাইল ফোন, ১১ টা ভিডিঅ’ ৰেকৰ্ডাৰ, ৫ টা লেপটপ আৰু ১০খন গাড়ীয়ো জব্দ হৈছিল এই কেলংকাৰীৰ সময়ত।

এই কেলেংকাৰীৰ তদন্তত অভিযুক্তসকল ক্ৰমে প্ৰাশান্ত কুমাৰ দত্ত , কুমাৰ সঞ্জিত কৃষ্ণ,. সৰোজ শৰ্মা, ৰুবুল হাজৰিকা, দিবন ডেকা, অক্ষয় চন্দ বেইদ, হিৰক জ্যোতি বৰুৱা, কুশল দাস, ৰূপম ডেকা, ৰূপম দাস, তৰণী কান্ত বণিক্য, প্ৰদীপ মজুমদাৰ, দেৱৰাজ দাস, জয়দীপ বৰুৱা, মনিজিত বৰা, ঋতুৰাজ বৰা, জিতু মিকিৰ, মহ. আনোৱাৰ আলী, প্ৰিয়া নাথ গগৈ @ জিণ্টু গগৈ, দিলিপ গগৈ, অভিজিত বড়ো, ম্ৰিণাল কুমাৰ নাথ, কাকুমণি নাথ, কুমুদ কলিতা, জিণ্টু নাথ, সুব্ৰত চৰকাৰ, সুকন্যা চৰকাৰ, জুগামী ব্ৰহ্ম, সঞ্জিৱ কুমাৰ শৰ্মা, কুমুদ গোশ্বামী, প্ৰাঞ্জল কুমাৰ শৰ্মা, প্ৰণৱ বৰা, অলকেশ বৈশ্য, বিমল থাপা, অশোক দাস আৰু ধ্ৰুৱজ্যোতি দাস।

আনহাতে, এই কেলেংকাৰীৰে নাম সাঙুৰ খোৱাৰ পাছতো প্ৰাঞ্জল বৰুৱাক কিয় শ্বাৰ্জ শ্বীট দাখিল কৰালৈকে সোধ-পোচ কৰা নহ’ল বুলি সুৰিন্দৰ সিঙক আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ দায়সৰা মন্তব্য কৰা পৰিলক্ষিত হ’ল।

‘CRPC ৰ ধাৰা ১৭৩ অনুসৰি যদিও আমি শ্বাৰ্জ শ্বীট দাখিল কৰিলো তথাপি আৰক্ষীৰ অধিকাৰ আছে যদি তেওঁলোকে কিবা অতিৰিক্ত তথ্য লাভ কৰে তেন্তে আমি পুনৰ অতিৰিক্ত শ্বাৰ্জশ্বীট দাখিল কৰিব পাৰিম।‘ কোনোদিনে সোধ-পোছ কৰিবলৈ মাতি ননা প্ৰাঞ্জল বৰুৱা সন্দৰ্ভত এনেদৰে মন্তব্য কৰে সুৰিন্দৰ সিঙে।

আনহাতে, কি প্ৰাথমিক সুত্ৰৰ পৰা এই কেলেংকাৰী সংঘটিত হ’ল বা মুল অভিযুক্ত বা দোষী কোন বুলি সাংবাদিকে সোধাত সিঙে কয় ‘যেতিয়া এটা কেলেংকাৰী বা অপৰাধ সংঘটিত হয় তেতিয়া এজন লোকে অকলে সেই কেলেংকাৰী সংঘটিত নকৰে। কেলেংকাৰী হ’বলৈ এজনতকৈ বেছি লোকৰ প্ৰয়োজন হয়। গতিকে আমি কোন মূল অভিযুক্ত এইধৰণে বিশ্লেষণ কৰিলে নহ’ব। যি যি কেলেংকাৰী সংঘটিত কৰিছে সকলোকে একেলগে অভিযুক্ত বুলি ধৰো।‘

ইপিনে. তদন্তৰ সময়ত ৩৬ গৰাকী লোকক অভিযুক্ত সজোৱা হ’ল যদিও মোবাইল জব্দ হ’ল মাত্ৰ ৩২ টাহে। যিহেতু মোবাইলৰ জৰিয়তেই এই প্ৰশ্নকাকতসমূহ ভাইৰেল হৈছিল গতিকে কিয় আৰু কি পৰিস্থিতিত চাৰিটাকৈ মোবাইল জব্দ নহ’ল এই তদন্তত? এই প্ৰশ্ন কৰিছে সচেতন মহলে।

এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নৃপেন মালাকাৰে কয় ‘অভিযুক্ত যদি ৩৬ গৰাকী হয় আৰু যিহেতু প্ৰশ্নকাকত মোবাইল ফোনযোগে বিয়পি পৰিছিল বুলি প্ৰথম অভিযুক্তই প্ৰথমতেই কৈছিল কিন্তু এতিয়ালৈকে চাৰিটা মানুহৰ মোবাইল জব্দ কৰা নাই। কোন চাৰিজনৰ মোবাইল জব্দ কৰা নাই সেই কথা সংবাদমেলত কিয় উল্লেখ নকৰিলে?’

তদুপৰি ‘কোন চাৰিজনৰ মোবাইল জব্দ নকৰিলে?’ বুলি প্ৰশ্ন কৰি মালাকাৰে লগতে কয় ‘কেৱল সঞ্জিত কৃষ্ণৰ মোবাইলেই জব্দ নকৰাই নহয়, হয়তো ৰুবুল হাজৰিকাৰো মোবাইল জব্দ নকৰিব পাৰে, পি.কে. দত্তৰো মোবাইল জব্দ নকৰিব পাৰে!, যদি ৩৬ গৰাকী লোকৰ মোবাইল জব্দ নকৰে গোটেই বিষয়টোৱেই বেলেগ ফাললৈ গতি কৰিব। কিয়নো গোটেই গোচৰটোত IT Section অন্তৰ্ভুক্ত হৈছে।মোবাইল ফোন নথকা মানুহ এই কেলেংকাৰীত জৰিত হ’ব নোৱাৰে। তেওঁলোকে বুদ্ধি কৰি গোটেই বিষয়টো এৰাই চলিছে।‘

ইপিনে, প্ৰাথমিক উৎসটো কি এই কেলেংকাৰীৰ? এনেদৰে প্ৰশ্ন কৰি মালাকাৰে কয় ‘তেওঁলোকে সংবাদমেলত এই কথাও উল্লেখ নকৰিলে। আজিৰ দিনটোত শ্বাৰ্জ শ্বীট দাখিল কৰা বুলি কৈছে মানে ইয়াৰ অৰ্থ হৈছে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ। এই শ্বাৰ্জশ্বীটত ৩৬ টা মোবাইল জব্দ কৰাৰ কথাটো কিয় উল্লেখ কৰিব নোৱাৰিলে?’

ইপিনে নাম সাঙুৰ খোৱা প্ৰাঞ্জল বৰুৱা আৰু কৌশিক চৰকাৰক কিয় এতিয়ালৈকে সোধ-পোছ কৰা নহ’ল বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘কৌশিক চৰকাৰ আৰু প্ৰাঞ্জল বৰুৱাক সোধ-পোছ কৰিলেই সমগ্ৰ কেলেংকাৰীৰ আচল ৰহস্য ওলাই পৰিব নেকি?’

আনহাতে, ৰাজ্য চৰকাৰে কা বিৰোধী আন্দোলনৰ সময়ত ঘোষণা কৰা ৫৫ হাজাৰ নিযুক্তিৰ কথাটো গাপ দিবলৈকে এনেধৰণৰ কেলেংকাৰীৰ ভেকু-ভাওনা কৰা বুলি অভিযোগ তুলি মালাকাৰে লগতে কয় ‘নিৰ্বাচনলৈ মাজত মাথো তিনিমাহ। গতিকে অসমৰ ৰাইজক স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি দিয়া বুলি দেখুৱাবলৈকে বা ৫৫ হাজাৰ নিযুক্তি বিষয় এৰাই চলিবলৈ এনেধৰণে লেহেমীয়া গতিৰে তদন্ত কৰি গোটেই নিযুক্তি বিষয়টো ভেকু-ভাওনাত পৰিণত কৰিব বিচাৰিছে।‘

ইয়াৰোপৰি, চৰকাৰৰ বহু বৰমুৰীয়া বিষয়া এই কেলেংকাৰীত জৰিত থাকিব পাৰে বুলি অভিযোগ তুলি তেওঁ লগতে কয় ‘প্ৰতিবন্ধী নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱা বুলি মুখ্যমন্ত্ৰীৰ আগত বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো আজিলৈকে কোনোধৰণৰ তদন্ত নকৰিলে। আৰক্ষী প্ৰশাসনৰ বৰমুৰীয়াৰ নাম আহিব বাবেই তদন্ত প্ৰক্ৰিয়াটোক ভেকো-ভাওনাৰ ৰূপ দিব বিচৰা হৈছে।‘

ইপিনে, আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰক ১০০ শতাংশই সোধ-পোছ কৰাৰ দায়িত্ব আছিল বুলি দাবী কৰি মালাকাৰে লগতে কয় ‘তেওঁৰ হাতৰ পৰাই প্ৰশ্নকাকতসমূহ বিভিন্ন জিলালৈ গৈছিল যদিও তেওঁক তদন্তৰ আওতালৈ ননাটোতে ৰাইজে বুজি উঠিব তদন্ত কেনেধৰণৰ হৈছে।‘

Related News