NORTHEAST NOW (Assamese)

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

August 13, 2022 8:54 am · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

এইবৰ্ষত দেশে স্বাধীন হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ আহ্বানত সমগ্ৰ দেশতে এই বৰ্ষৰ স্বাধীনতা দিৱস আজাদী কা অমৃত মহোৎসৱ হিচাপে পালন কৰিব।

ব্যতিক্ৰম নহয় শিৱসাগৰতো। শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত উলহ মালহেৰে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে।

ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেল পথাৰত ১৫ আগষ্টৰ দিনা অনুষ্ঠিত হবলগীয়া ৭৫ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব মন্ত্ৰী বিমল বৰাই।

ইপিনে বিগত কেইবা বছৰৰ পিছত এইবাৰ ৰাজ্যবাসীক স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বাধীনে)।

ইয়াৰ বাবে বিগত এক সপ্তাহ ধৰি সমগ্ৰ শিৱসাগৰত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে।

ফটো: নৰ্থইষ্ট নাও।

জিলাখনত যাতে স্বাধীনতা দিৱসৰ দিনা কোনো কূটাঘাত মূলক কাৰ্য সংঘটিত হব নোৱাৰে তাৰ বাবে নিশা পৰ্যন্ত আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে।

Related News