• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড পৰিস্থিতিত কেনেদৰে পালন কৰা হ’ব স্বাধীনতা দিৱস? শিৱসাগৰত প্ৰস্তুতি সন্দৰ্ভত আলোচনা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 23, 2021 6:51 am
IMG-20210722-WA0016
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়।

উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্ত গৰাকীয়ে কয় যে, সমগ্ৰ বিশ্বজুৰি ক’ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনত এই ৰোগৰ গণসংক্ৰমণ ৰোধৰ স্বাৰ্থত সম্পূৰ্ণ ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা পালন কৰি আগন্তুক স্বাধীনতা দিৱস উদযাপন কৰা হ’ব।

Apply Now

উপায়ুক্ত গৰাকীয়ে জিলা পৰ্যায়ৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী সম্পৰ্কে অৱগত কৰি কয় যে, অহা ১৫ আগষ্টত পুৱা ৯ বজাত স্থানীয় বৰ্ডিং খেলপথাৰত মুখ্য অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হ’ব।

এই অনুষ্ঠানত মুখ্য অতিথিয়ে ভাষণ প্ৰদান কৰাৰ লগতে অসম আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ দ্বাৰা কুচ-কাৱাজ আৰু অভিবাদন জনোৱা হ’ব।

ক’ভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ ব্যাপক জনসমাগম বাৰণ কৰা হৈছে। এই অনুষ্ঠানত সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰাৰ উপৰিও চাবোন বা হেন্ড চেনিটাইজাৰেৰে হাত ধোৱাৰ ব্যৱস্থা মজুত ৰখাৰ লগতে অনুষ্ঠান থলীত আগতীয়াকৈ চেনিটাইজেচন ব্যৱস্থা কৰা হ’ব।

স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ লগত জড়িত শ্ৰমিক তথা অন্যান্য কৰ্মী সকলৰ আগতীয়াকৈ ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব।

স্থানীয় ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত  উপস্থিত ৰাইজে মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি উল্লেখ কৰাৰ লগতে উপায়ুক্ত গৰাকীয়ে আসন গ্ৰহণৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।

তেওঁ লগতে উল্লেখ কৰে যে, বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা তথা বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা ব্যক্তি সকলৰ নাম কেন্দ্ৰীয় অনুষ্ঠানত ঘোষণা কৰা হ’ব।

তেওঁ জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনলাইন যোগে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ।

স্বাধীনতা দিৱস উপলক্ষে অহা ১৫ আগষ্টত পুৱা ৫ বজাৰ পৰা ৬ বজালৈ প্ৰভাত ফেৰী, পুৱা ৬ বজাৰ পৰা ৭ বজালৈ দেশ প্ৰেমমূলক গীত-মাত প্ৰচাৰ, পুৱা ৭ বজাত নিজ নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭-৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী/বে-চৰকাৰী/অৰ্ধ-চৰকাৰী কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে পুৱা ৮:৩০ বজাত স্থানীয় পিয়লি ফুকন উদ্যান আৰু আনন্দৰাম বৰুৱা উদ্যানত শ্বহীদ তৰ্পণ কৰা হ’ব।

উপায়ুক্ত গৰাকীয়ে সংশ্লিষ্ট বিষয়া সকলক নিজ-নিজ দায়িত্ব সুচাৰুভাৱে সম্পন্ন কৰি আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়।

সভাত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে শান্তি-শৃংখলা তথা নিৰাপত্তাৰ দিশত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে অৱগত কৰে। তেওঁ জনসাধাৰণক যিকোনো ধৰণৰ সন্দেহজনক ব্যক্তি বা বস্তু পৰিলক্ষিত হ’লে ততালিকে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ কয়।

সভাত জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, অতিৰিক্ত আয়ুক্ত বিতোপন নেওগ, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক আৰু দীপাৱলী কুৰ্মীকে আদি কৰি বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়া সকল আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd