DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত প্লাষ্টিক-পলিথিন মুক্ত দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 20, 2019 6:29 am
IMG-20190919-WA0029

দুৰ্গা পূজাৰ প্ৰস্তুতি সন্দৰ্ভত শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক। ফটো: নৰ্থইষ্ট নাও

2.3k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক শাৰদীয়  দুৰ্গোৎসৱটি সম্পূৰ্ণৰূপে প্লাষ্টিক-পলিথিন মুক্ত ৰূপত তথা শান্তি- শৃংখলাৰ পৰিবেশত  সুকলমে অনুষ্ঠিত কৰাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে পূজা সমিতি সমূহক আহ্বান জনাইছে।

পূজা উদযাপনৰ ক্ষেত্ৰত সমিতি সমূহে মানি চলিব লগীয়া আইন-শৃংখলাজনিত বিভিন্ন দিক্ নিৰ্দেশনাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ বাবে বৃহস্পতিবাৰে উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত উপায়ুক্ত গৰাকীয়ে পূজা সমিতি সমূহে মণ্ডপ আৰু পূজাথলীৰ আশে পাশে পলিথিন, প্লাষ্টিকৰ সামগ্ৰী, কাপ-গিলাচ, বটল আদি যাতে ব্যৱহাৰ নকৰে তাৰ প্ৰতি চকু দিয়াৰ লগতে দেৱীৰ প্ৰতিমা নিৰ্মাণত প্ৰাকৃতিক ৰং আৰু প্ৰদুষণ নোহোৱা সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।

পূজা সমিতি সমূহক ৰাইজৰ মাজত প্লাষ্টিক-পলিথিনৰ কু-প্ৰভাৱৰ বিষয়ে পূজা পেণ্ডেল সমূহত অভিনৱ পদক্ষেপ গ্ৰহণৰ দ্বাৰা সজাগতা বৃদ্ধি কৰিবলৈ উপায়ুক্ত গৰাকীয়ে পৰামৰ্শ দিয়ে।

স্বচ্ছতাৰ দিশৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈও তেওঁ সমিতি সমূহক নিৰ্দেশ দিয়ে। দোকান-পোহাৰ সমূহকো য’তে ত’তে আৱৰ্জনা নেপেলাই পনীয়া আৰু শুকান আৱৰ্জনাৰ বাবে সুকীয়া ডাষ্টবিনৰ ব্যৱস্থা কৰিবলৈ তেওঁ  নিৰ্দেশ দিয়ে।

এই সন্দৰ্ভত পৌৰ সভাই সমিতি সমূহক ডাষ্টবিন যোগান ধৰিব বুলিও তেওঁ উল্লেখ কৰে।

পূজা সমিতি সমূহক পূজা উদযাপনৰ বাবে যাবতীয় অনুমতি আৰু আপত্তিবিহীন প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। পূজা সমিতি সমূহক মাইক ব্যৱহাৰৰ সময়সীমাৰ বিষয়ে উনুকিয়াই দিয়াৰ লগতে তেওঁ সমিতিসমূহক অগ্নিনিৰ্বাপকৰ সজুঁলিও মজুত ৰাখিবলৈ কয় ।

উপায়ুক্ত গৰাকীয়ে জিলা স্বাস্থ্য বিভাগক পূজাৰ কেইদিন চিকিৎসা বিভাগৰ দল মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

বিজয়া দশমী পৰ্যন্ত শান্তিপূৰ্ণ ভাৱে আৰু সুকলমে পূজা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াই উপায়ুক্ত গৰাকীয়ে প্ৰতিমা বিসৰ্জনৰ সময়তো শান্তি-শৃংখলা অটুট ৰাখি প্ৰশাসনক সহযোগিতা  আগবঢ়াবলৈ সমিতি তথা ৰাইজক আহ্বান জনায় ।

বিসৰ্জনৰ সুবিধা হোৱাকৈ দেৱীৰ মূৰ্তিৰ উচ্চতা ৬-৭ ফুটলৈ সীমিত ৰাখিবলৈও তেওঁ পূজা সমিতি সমূহক আহ্বান জনায়।

আনহাতে, পূজা শৃংখলাবদ্ধভাৱে চলাই নিবলৈ দায়িত্বশীল স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে মণ্ডপ সমূহত পুৰুষ- মহিলাৰ বাবে সুকীয়া প্ৰবেশ আৰু প্রস্থান পথৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই পৰামৰ্শ আগবঢ়ায়।

তদুপৰি, পূজামণ্ডপ সমূহত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ লগতে পূজা চৌহদ সমূহ চি চি টিভি কেমেৰাৰ আওতাত ৰাখিবলৈ তেখেতে সমিতি সমূহক নিৰ্দেশনা দিয়ে।

পূজা পেণ্ডেল আৰু দেৱীৰ মূৰ্তিৰ বাবে অহৰ্নিশে পহৰাৰ ব্যৱস্থা কৰিবলৈও তেখেতে সমিতি সমূহক পৰামৰ্শ আগবঢ়ায়।

স্বেচ্ছাসেৱী সকলৰ এক তালিকা প্ৰস্তুত কৰি এই তালিকা আৰক্ষীক প্ৰদান কৰিবলৈ আৰক্ষী অধীক্ষক গৰাকীয়ে পৰামৰ্শ দিয়ে। এই স্বেচ্ছাসেৱী সকলক সুৰক্ষা আৰু সতৰ্কতা মূলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলিও তেওঁ জনায়।

যান-বাহনৰ গতিবিধি নিয়ন্ত্ৰণ, ট্ৰেফিক ব্যৱস্থাপনা আৰু আৰক্ষীৰ টহলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

আৰক্ষী অধীক্ষক গৰাকীয়ে তেওঁৰ বক্তব্যত পূজা সমিতি আৰু ৰাইজক সুৰক্ষাৰ দিশৰ প্ৰতি সচেতনতা অৱলম্বন কৰিবলৈ কোৱাৰ লগতে যিকোনো ধৰণৰ সন্দেহজনক গতিবিধি, লোক বা বস্তু প্ৰত্যক্ষ কৰিলে ততাতৈয়াকৈ আৰক্ষী বা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd