NORTHEAST NOW (Assamese)

অপ্ৰতিৰোধ্য ক’ভিড পৰিস্থিতি! শিৱসাগৰত নতুনকৈ ১৮০ জন আক্ৰান্ত

May 23, 2021 7:48 am · পার্শ্বজোতি গগৈ

বিগত কিছুদিন ধৰি অপ্ৰতিৰোধ্য হৈ পৰিছে শিৱসাগৰৰ ক’ভিড পৰিস্থিতি। দৈনিক দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা। প্ৰতিদিনেই শিৱসাগৰত ক’ভিড আক্ৰান্তৰ সংখ্যাই নিজৰে ৰেকৰ্ড ভংগ কৰিছে।

শনিবাৰৰ দিনাই সৰ্বাধিক ১৮০ গৰাকীৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ। ইপিনে শনিবাৰে শিৱসাগৰত মাত্ৰ এজন ৰোগী মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এই দিনটোত ৯৮ গৰাকী লোক সুস্থ হৈ উঠিছে বুলি জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে।

জিলাখনত বৰ্তমানলৈকে ১০৮০ জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

ইয়াৰে ৭৯৫ জন লোক হোম আইছ’লেশ্যনত থকাৰ বিপৰীতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৯৪ জন,  চ্যুকাফা হাস্পাতালত ১৬জন, আমগুৰি চিএইচচিত ১৮ জন,  লিগিৰীপুখুৰী এচডিচিএইচত ৮ জন, অ’এনজিচি হাস্পাতালত ২২ জন আক্রান্ত চিকিৎসাধীন হৈ আছে।

সেইদৰে, অৰৱান মডেল হাস্পাতালত ৫ জন,  ডিমৌ পলিটেক্নিকত ৭৪ জন, ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতালত ২ জন,  চাহ বাগানৰ হাস্পাতালত ৭৪ জন আৰু বিভিন্ন ব্যক্তিগত চিকিৎসালয়ত ৩ জন ক’ভিড আক্ৰান্তই চিকিৎসা গ্ৰহণ কৰি আছে।

যোৱা ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে জিলাখনত ২৮৭৭জন লোক ক’ভিডত আক্ৰান্ত হৈছে।

Related News