কৰ সংগ্ৰহত ব্যস্ত পৌৰসভা; এজাক বৰষুণতেই বুৰিল শিৱসাগৰ চহৰৰ বিভিন্ন স্থান

IMG-20191010-WA0011 2

এজাক বৰষুণতে ডুবিল শিৱসাগৰ চহৰৰ বহু অঞ্চল। ফটো : নৰ্থইষ্ট নাও

বৃহস্পতিবাৰে আবেলি অহা এজাক  বৰষুণত বুৰিল শিৱসাগৰ চহৰ কেইবাটাও অঞ্চলও। চহৰখনৰ বিভিন্ন বাট-পথৰ লগতে বিভিন্ন স্থানত  সোমাল বৰষুণৰ পানী।

চহৰখনৰ দ’লমুখ চাৰি আলি, হাস্পাতল ৰোড, থানামুখ, আমোলাপট্টী, কেন্দ্ৰীয় বজাৰ, অ’এনজিচি কলনি, মেলাচকৰ, কালিবাৰী, গণকপট্টী, ডিচি আৱাসৰ সন্মূখ  আদি অঞ্চল বৰষুণৰ পানীত বুৰ যায়।

কোনো কোনো অঞ্চলত একাঠু পৰ্যন্ত পানী হয়। তদুপৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ আৰু বাৰ এছ’চিয়েশ্যনৰ সন্মুখতো একাঠু পৰ্যন্ত পানী উঠে।

উল্লেখ্য যে, জনসাধাৰণৰ পৰা কেৱল কৰ সংগ্ৰহত ব্যস্ত থকা শিৱসাগৰ পৌৰসভাৰ অদূৰদৰ্শীতাৰ বাবেই আজি এজাক বৰষুণতেই সমগ্ৰ চহৰ পানীৰ তলত।

চহৰৰ প্ৰায় ভাগ  ৰাস্তা-ঘাট নতুনকৈ নিৰ্মাণ কৰা হৈছিল যদিও নলা-নৰ্দমা সমুহ শিৱসাগৰ পৌৰসভাই সময় মতে চফা নকৰাৰ বাবে বৰষুণৰ পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হয়। যাৰ বাবে এজাক বৰষুণতেই  কৃত্ৰিম বানপানী হয় চহৰখনত।

কেৱল কৰ সংগ্ৰহত ব্যস্ত শিৱসাগৰ পৌৰসভাই চফাই কৰ্মচাৰীক দৰমহা প্ৰদান নকৰাৰ বাবে বহু সময়ত কৰ্মচাৰীসকলে ধৰ্মঘটৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিছিল।যাৰ বাবে চহৰখন দূৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে গুৱাহাটীৰ পাছতে অসমৰ ভিতৰত সৰ্বাধিক কৰ সংগ্ৰহ কৰে শিৱসাগৰ পৌৰসভাই। তথাপিও চফাই কৰ্মী সকলক সময়মতে দৰমহা দিব নোৱাৰা শিৱসাগৰ পৌৰসভাই কিন্তু ৱাৰ্ড সদস্য সকলক সময়মতে দৰমহা দিব পাৰে।

স্বচ্ছতাৰ দিশত  ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰাৰ বাবেই গপতে গংগাটোপ হৈ থকা শিৱসাগৰ পৌৰসভাই  ঐতিহাসিক চহৰখনৰ অপৰিস্কাৰ নলা-নৰ্দমা চাফা নকৰাৰ বাবে পানী যাব নোৱৰাত এজাক বৰষুণতেই ৰাস্তা-ঘাট বুৰ যোৱাৰ লগতে মানুহৰ ঘৰ পৰ্যন্ত বুৰ গৈছে কৃত্ৰিম বানত।