NORTHEAST NOW (Assamese)

কি হ’ল ৰুজু হোৱা গোচৰ? গামোচাৰে মুখ ঢাকি জনচক্ষুত ধূলি দি জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়াত সিদ্ধাৰ্থ শৰ্মা

September 24, 2025 9:07 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 24, 2025 12:02 pm

জুবিন গাৰ্গৰ লগত থকা সকল আৰু নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ গাফিলতিৰ বাবেই ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি চৌদিশে অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তকে আদি কৰি কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে প্ৰায় ৬০ খন থানাত এজাহাৰ দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ গুণমুগ্ধ সকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তদন্তৰ দাবী জনাইছে।

ইয়াৰ মাজতে বহু লোকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাইজৰ হাতত গতাই দিবলৈ দাবী জনাইছে। ৰাইজৰ এই জোৰদাৰ দাবীৰ পিছত হিমন্ত বিশ্ব শৰ্মাই চিআইডিক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব অপৰ্ণ কৰে। লগতে, অভিযোগ উত্থাপন হোৱা সকলোকে গ্ৰেপ্তাৰ কৰি জেৰা আৰু তদন্তৰো আশ্বাস দিয়ে।

এই সকলো কথা বতৰা, ৰাইজৰ ক্ষোভ, সন্দেহ আৰু ৰহস্যৰ মাজতে মঙল বাৰে সোণাপুৰৰ হাতীমূৰাত জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়া পৰ্বত ভিআইপি লোকৰ লগত দেখা যায় জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক।  গামোচাৰে মুখ ঢাকি জনচক্ষুত ধূলি দি হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান আদিৰ উপস্থিতত তাত উপস্থিত থাকে সিদ্ধাৰ্থ শৰ্মা। এই অভিযোগ তাত সিদ্ধাৰ্থক দেখা পোৱা বুলি দাবী কৰা একাংশ ৰাইজৰ। অৱশ্যে এই অভিযোগ সঁচা নে মিছা তাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোহৰলৈ অহা নাই।

উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে জুবিনৰ বিহু ঘনিষ্ঠই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰিছে ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ। জুবিন গাৰ্গৰ অনুৰাগী, সহশিল্পী আদিক ৰুঢ় ব্যৱহাৰ কৰাৰ লগতে জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। ইয়াৰ উপৰিও জুবিন গাৰ্গক অতিপাত কষ্ট কৰি নিস্তেজ কৰি অনা বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে।

সেয়েহে প্ৰশ্ন হয়, সঁচাকৈ তাত উপস্থিত আছিল নেকি সিদ্ধাৰ্থ শৰ্মা? যদি জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত হৈছিল, তেন্তে ইমানবোৰ এজাহাৰ দিয়াৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা নহ’ল সিদ্ধাৰ্থ শৰ্মাক? কিয় এতিয়ালৈকে জেৰা কৰা হোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত থকা এজনো লোকক?

Related News