প্ৰয়াত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে। জুবিন গাৰ্গে দৰিদ্ৰ ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়োৱাৰ ধনৰ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে।
বাতৰি অনুসৰি, জুবিন গাৰ্গে ২৮৮ গৰাকী ৰোগীৰ চিকিৎসাৰ বাবে ধন প্ৰদান কৰিছিল। খবৰ অনুসৰি, ইয়াৰ পৰা প্ৰায় ৩০ লাখ টকা আত্মসাৎ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।
এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী দীপু কৰ্মকাৰে এছ আই টিক দিয়া ভাষ্য অনুসৰি জুবিন গাৰ্গে আৰ্থিক সহায় প্ৰদান কৰা প্ৰতিজন ৰোগীৰ পৰা সিদ্ধাৰ্থই ১০,০০০-১৫,০০০ টকা পৰ্যন্ত কমিছন লৈছিল।
কৰ্মকাৰে, লগতে অভিযোগ কৰে যে সিদ্ধাৰ্থ শৰ্মাই ২০১০ চনৰ পৰা ২০২৪ চনলৈকে ৰোগীসকলৰ পৰা প্ৰায় ৩০% কমিছন আদায় কৰি আহিছিল।
কৰ্মকাৰে সংবাদ মাধ্যমৰ আগত কয়, “এইটো বহু বছৰ ধৰি চলি আহিছে। ৰোগীৰ কল্যাণৰ বাবে থকা পুঁজিৰ ৩০% নিয়মিতভাৱে তেওঁৰ পকেটলৈ গৈছিল।”এই খবৰ পোহৰলৈ অহাৰ পিছত এতিয়া ক্ষোভৰ অগনি জ্বলিছে জুবিনপ্ৰেমী সকলৰ বুকুত। সকলোৱে তদন্ত ক্ষীপ্ৰ কৰি নজীৰবিহীন শাস্তি দিবলৈ দাবী জনাইছে।





