কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া! গৱেষক দলৰ দাবী নসাৎ কৰিলে কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ-এ

কোভিড প্ৰতিষেধক কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ অহাৰ পিছতেই পোহৰলৈ আহিছিল কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা গৱেষণাত প্ৰকাশ পাইছিল যে কোভাক্সিন ভেকচিন লোৱাৰ পিছত এক তৃতীয়াংশ লোকেই পাৰ্শ্বক্ৰিয়াত ভুগিছে। এই পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে ষ্ট্ৰোক, স্নায়ুজনিত ৰোগ, তেজ গোত মৰা, ছালৰ ৰোগ, চকুৰ ৰোগ, মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা আদি।

কিন্তু হিন্দু বেনাৰস বিশ্ববিদ্যালয়ৰ এই দাবীক শেহতীয়াকৈ নসাৎ কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ বা আইচিএমআৰে।

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ দুজনী্যা গৱেষকৰ দলে প্ৰকাশ কৰা প্ৰতিবেদন সম্পৰ্কত আই চি এম আৰে কৈছে যে তেওঁলোকৰ পৰ্যবেক্ষণ ‘ভুল পদ্ধতি’ৰে কৰা হৈছে।

আইচিএমআৰৰ সঞ্চালক প্ৰধান ৰাজীৱ বাহলে কয় যে যিহেতু গৱেষকে প্ৰতিষেধক নোলোৱা ব্যক্তিৰ তথ্যৰ সৈতে সঠিক তুলনা কৰা নাই, সেয়েহে ইয়াৰ পাৰ্শ্বক্ৰিয়া কভিড-১৯ৰ ভেকচিন বা কোভেক্সিন ভেকচিনৰ সৈতে জড়িত কৰিব পৰা নাযায়।

লগতে তেওঁ দাবী কৰে যে গৱেষকসকলে একপক্ষীয় তথ্য সংগ্ৰহ কৰি কোভেক্সিন গ্ৰহণ কৰা লোকৰ শৰীৰত দীৰ্ঘম্যাদী প্ৰতিক্ৰিয়াৰ কথা কৈছিল। নিৰ্দিষ্ট সময়ৰ ভিতৰত কোভেক্সিন নোপোৱা লোকৰ পৰা তেওঁলোকে কোনো তথ্য সংগ্ৰহ কৰা নাছিল।

ইতিমধ্যে আইচিএমআৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ক ক্ষমা খোজাৰ দাবী জনাইছে। ইফালে ক’ভাক্সিন প্ৰস্তুতকাৰী ভাৰত বায়’টেকেও এই গৱেষণাৰ বিষয়ে মুকলিকৈ কৈছে। আন কেইবাখনো গৱেষণা পত্ৰৰ উদ্ধৃতি দি সংস্থাটোৱে কয় যে কোভাক্সিন ভেকচিনৰ ট্ৰেক ৰেকৰ্ড সম্পূৰ্ণ নিৰাপদ।