• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সিদ্ধু মুছেৱালা হত্যাত জড়িত পলাতক শ্বুটাৰক গ্ৰেপ্তাৰ কৰিলে পঞ্জাৱ আৰক্ষীয়ে: দুগৰাকী সহযোগীকো গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2022 6:53 am
Sidhu Moose Wala
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৯ মে’ত সংঘটিত হোৱা পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ড জড়িত আন এগৰাকী শ্বুটাৰক শনিবাৰে গ্ৰেপ্তাৰ কৰে পঞ্জাৱ আৰক্ষীয়ে। ইয়াৰ লগে লগে মুছেৱালা হত্যাকাণ্ডত জড়িত আটাইকেইগৰাকী অভিযুক্ত শ্বুটাৰকে ধৰিবলৈ সক্ষম হয় আৰক্ষী।

জনপ্ৰিয় গায়কগৰাকীক আঠগৰাকী শ্বুটাৰে হত্যা কৰিছিল বুলি আৰক্ষীয়ে পূৰ্বে উল্লেখ কৰাৰ লগতে ইয়াৰ সাতজনকেই গ্ৰেপ্তাৰ কৰা হৈছে বুলিও জানিবলৈ দিছিল। মুছেৱালাক গুলীয়াই হত্যা কৰাৰ পাছৰে পৰা দীপক মুণ্ডি নামৰ শ্বুটাৰগৰাকীয়ে আত্মগোপন কৰি আছিল।

Apply Now

কালি এক অভিযানৰ অন্তত দীপক মুণ্ডিক আৰক্ষীয়ে পশ্চিম বংগ-নেপাল সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে। পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধান গৌৰৱ যাদৱে এই কথা এক টুইটযোগে সদৰী কৰিছিল।

যাদৱে টুইটটোত উল্লেখ কৰা মতে পঞ্জাৱ আৰক্ষীয়ে কেন্দ্ৰীয় সুৰক্ষা সংস্থা আৰু দিল্লী আৰক্ষীৰ সৈতে এই যুটীয়া অভিযান চলাইছিল।

গ্ৰেপ্তাৰ হোৱা তিনিওগৰাকী অভিযুক্তই যোৱা কিছুদিনৰ পৰা চিগনেল এপৰ জৰিয়তে কানাডাস্থিত গেংষ্টাৰ গ’ল্ডি ব্ৰাৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰক্ষা কৰি আহিছিল বুলি তেওঁ লগতে সদৰী কৰিছিল।

উল্লেখ্য যে যোৱা ২৯ মে’ত পঞ্জাৱৰ মানচা জিলাত এটা বন্দুকধাৰী দলে মুছেৱালাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি মুছেৱালাক হত্যা কৰিছিল। তাৰ পিছতে এই গোচৰৰ দায়িত্বত থকা পঞ্জাৱ আৰক্ষী আৰু দিল্লী আৰক্ষীয়ে তাৎক্ষণিকভাৱে কেইবাগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

যোৱা ২০ জুলাইত অমৃতসৰৰ এক কাষৰীয়া অঞ্চলত পঞ্জাৱ আৰক্ষীৰ এনকাউণ্টাৰত মুছেৱালা হত্যাকাণ্ডত জড়িত দুগৰাকী গেংষ্টাৰ নিহত হৈছিল।

ইফালে শনিবাৰে দিল্লীৰ ৰোহিণী অঞ্চলৰ চেক্টৰ ৩৬ ত আৰক্ষীৰ সৈতে গ’ল্ডী ব্ৰাৰৰ গেঙৰ সদস্যৰ এক সংঘৰ্ষ হয়। ঘটনাস্থলীৰ পৰা তিনিজন সদস্যকো আটক কৰে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd