DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান,আপোনাৰ ফোনটোও হেকাৰে কৰিব পাৰে হেক! নিশ্চিত হ’বলৈ মন কৰক এই লক্ষণকেইটালৈ

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2021 6:13 pm
Fraud_Mgmt_PhoneHack
566
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছে ভাৰতকে ধৰি বিশ্বৰ বহু বচা বচা লোকৰ ফোন টেপিং কৰাৰ কথাই এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে।

বিভিন্ন উদ্দেশ্যলৈ এতিয়া হেকাৰে যিকোনো মানুহৰেই ফোন হেক কৰিব পাৰে। হেক হ’ব পাৰে মোৰ বা আপনাৰো ফোনটোও! কিন্তু কিদৰে জানিব আপোনাৰ ফোনটো হেক হোৱাৰ কথা ?

এয়া জানিবলৈ আপুনি আপোনাৰ ফোনটোৰ ক্ষেত্ৰত এই লক্ষণকেইটালৈ মন কৰক।
ফোন বেটাৰী সঘনাই নিস্তেজ হৈ পৰা
ফোন এটা হেক হোৱাৰ এটা প্ৰধান লক্ষণ হৈছে ফোনৰ বেটাৰী সঘনাই ল’ অৰ্থাৎ নিস্তেজ হৈ পৰা। ফোনৰ বেটাৰী যদি আপুনি ফোনটো বেছি ব্যৱহাৰ নকৰাৰ পিছতো ল’ হৈ পৰে তেন্তে বিষয়টোকলৈ আপুনি কিছু সতৰ্ক হোৱা উচিৎ হ’ব। এই ক্ষেত্ৰত আপুনি আপোনাৰ ফোনটোত কিবা অনাৱশ্যকীয় এপ নিজে নিজে সোমাই পৰিছে নেকি সেয়া পৰীক্ষা কৰক।
ফোনত ডাউনলোড নকৰা এপ
ফোন হেক কৰাৰ বাবে হেকাৰে আপোনাৰ মোবাইল ফোনটোত আপোনাৰ অজ্ঞাতেই কিছুমান ডাউনলোড
কৰা এপ সন্নিবিষ্ট কৰিব পাৰে। এনে এপৰ জৰিয়তে হেকাৰে আপোনাৰ ফোনৰ তথ্য এনে এপৰ জৰিয়তে হেক কৰিব পাৰে।
ফোনটো অতি বেছি মন্থৰ হৈ পৰিলে
আপোনাৰ ফোনটো যদি বিশেষ কোনো কাৰণ নোহোৱাকৈয়ে মন্থৰ হৈ পৰে তেন্তে আপুনি ফোনটো হেক হোৱাৰ আশংকা কৰাটো ভুল নহ’ব। এই ক্ষেত্ৰত হেকাৰে ব্যৱহাৰ কৰা মালৱেৰৰ বাবে ফোনটো মন্থৰ হৈ পৰিব পাৰে।
মোবাইল ডাটা অতি দ্ৰুতগতিত শেষ হ’লে
আপুনি মোবাইল ডাটা বিশেষ ব্যৱহাৰো কৰা নাই অথচ আপোনাৰ মোবাইলৰ ডাটা দ্ৰুত গতিত শেষ হৈ গৈছে। এনে পৰিস্থিতিত হেকাৰে আপোনাৰ ফোনটো হেক কৰাৰ আশংকা থাকে। হেকাৰে ব্যৱহাৰ কৰা বিভিন্ন এপে আপোনাৰ মোবাইলৰ ডাটা শেষ কৰিব পাৰে।
মোবাইল ফোনৰ স্ক্ৰীণত পপ আপ দেখিবলৈ পালে
আপোনাৰ মোবাইল ফোনৰ স্ক্ৰীণত যদি কেতবোৰ অবাঞ্চিত পপ আপ দেখিবলৈ পায় তেন্তে সেয়া ফোনটো হেক হোৱাৰ লক্ষণ হ’ব পাৰে। এই ক্ষেত্ৰত তেনে লিংকত কেতিয়াও ক্লিক নকৰিব।
গেলাৰীত আপুনি কেতিয়াও ডাউনলোড নকৰা অথবা নোতোলা ফটো আদি দেখিলে
আপুনি যদি ফোনৰ গেলাৰীত কেতিয়াও নোতোলা অথবা ডাউনলোড নকৰা ফটো আদি দেখিবলৈ পায় তেন্তে সেয়াও ফোনটো হেক হোৱাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ অৰ্থ হ’ল আপোনাৰ ফোনৰ কেমেৰাটো আন কোনোৱাই গোপনে ব্যৱহাৰ কৰি আছে।

ফ্লাছ লাইট অন হ’লে
আপুনি আপোনাৰ মোবাইল ফোনটোৰ ফ্লাছ লাইট অন নকৰাৰ পিছতো যদি সেয়া প্ৰায়ে নিজে নিজে অন হৈ যায় তেন্তে ফোনটো হেক হোৱাৰ ইও এটা লক্ষণ হ’ব পাৰে। অৰ্থাৎ আপুনি নজনাকৈয়ে আন কোনোৱাই আপোনাৰ ফোনটো ব্যৱহাৰ কৰি থাকিব পাৰে।
ফোনটো অত্যধিক গৰম হৈ থাকিলে
কোনো কাৰণ নোহোৱকৈয়ে যদি আপোনাৰ ফোনটো অত্যধিক গৰম হৈ পৰে তেন্তে ফোন হেক হোৱাৰ ইয়ো এটা লক্ষণ হ’ব পাৰে।ফোনটো ব্যনহাৰ নকৰাৰ পিছতো ফোনটো গৰম হৈ পৰাটো হেকিঙৰে লক্ষণ।
অজ্ঞাত নম্বৰলৈ ফোন কৰা দেখুৱালে
আপোনাৰ ফোনৰ কল হিষ্টৰীত যদি আপুনি কেতিয়াও ফোন নকৰা ফোন নম্বৰ দেখিবলৈ পায় তেন্তে এয়াও ফোন হেকিঙৰ লক্ষণ। তদুপৰি যদি আপোনাৰ ফোনৰ পৰা কোনো অজ্ঞাত লোকলৈ কোনো মেছেজ পঠিওৱা আপুনি দেখিবলৈ পায় সেয়াও ফোনটো হেক হোৱাৰ লক্ষণ হ’ব পাৰে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd