• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুধাকণ্ঠৰ সমাধিৰ পৰা দীঘলীপুখুৰীলৈকে কা-বিৰোধী সমদল শিল্পী সমাজৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 5, 2020 9:45 pm
Silpi Samaj takes out anti-CAA rally in Guwahati

দেওবাৰে গুৱাহাটীত শিল্পী সমাজৰ প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিল্পী সমাজে কা-বিৰোধিতাৰে দেওবাৰে গুৱাহাটীত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ পৰা দীঘলীপুখুৰীলৈকে বিশাল এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ, সম্পাদক লুৰিণজ্যোতি গগৈ আৰু যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে সমদলটোৰ নেতৃত্ব দিয়ে।

Apply Now

ইপিনে, সমদলৰ আৰম্ভণিতে সুধাকন্ঠৰ সমাধিক্ষেত্ৰৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী সভাতে শিল্পী জুবিন গাৰ্গক কণ্ঠশিল্পী অজয় ফুকনে “জাতীয় নায়ক”ৰূপে ঘোষণা কৰে।

ফুকনে কয় যে অসমবাসীৰ অনুৰোধক্ৰমে তেওঁ গাৰ্গক “জাতীয় নায়ক” বুলি ঘোষণা কৰিছে।

“যিগৰাকী শিল্পীয়ে অসমৰ বানপানীৰ সময়ত বা যিকোনো পৰিস্থিতিতে সদায় আগৰ পৰা নেতৃত্ব লৈ আহিছে। অসমীয়া জাতিৰ বিপদৰ সময়ত তেওঁ আগত থাকে। এনেকুৱা এজন লোকেই জাতীয় নায়ক হোৱাটো প্ৰয়োজন বুলি অসমবাসীয়ে কৈছে। মোক অসমবাসী ৰাইজে আহ্বান জনাইছে জুবিন গাৰ্গক আমি জাতীয় নায়ক হিচাপে বিচাৰো। সেয়েহে মই এই ঘোষণা কৰিছো। ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ পৰা জাতীয় নায়ক উপাধি উঠাই লোৱা হ’ল, তেওঁ এতিয়া জাতীয় খলনায়ক হ’ল,” ফুকনে কয়।

কা-ৰ বিৰুদ্ধে উদাত্ত ভাষণ প্ৰদান কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হ’বলৈ কেতিয়াও দিয়া নহ’ব বুলি মন্তব্য কৰে।

“কেৱল মাত্ৰ অসমীয়া মানুহৰ ভৱিষ্যত অন্ধকাৰৰ মুখলৈ থেলি দিয়াই নহয়, ভাৰতীয় মানুহৰ সমন্বয় আদৰ্শ, ভাৰতীয় মানুহৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ, সমাজ, সংস্কৃতি, সভ্যতা আৰু ৰাজনৈতিক ভৱিষ্যতৰ বাবে এই আইন অত্যন্ত ভয়াৱহ,” গগৈয়ে কয়।

ইপিনে, অসমৰ জনসাধাৰণক গণতান্ত্ৰিক আন্দোলনৰ পন্থা ল’বলৈ আহ্বান জনাই গগৈয়ে লগতে কয়, “গণতান্ত্ৰিক অহিংস আন্দোলনৰ যি শক্তি সেই শক্তি আন কোনো সংগ্ৰামত নাই। পৃথিৱীৰ সমাজ পৰিৱৰ্তনৰ ইতিহাসত যিমানবোৰ গণতান্ত্ৰিক সংগ্ৰাম চলিছে তাত সকলোৱে নিজৰ শক্তি প্ৰতিষ্ঠা কৰি আহিছে।”

“অসমত অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণ, খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত নোহোৱালৈকে এই সংগ্ৰাম চলিব আৰু এই সংগ্ৰাম অসমীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম,” গগৈয়ে কয়।

ইপিনে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে অহা ১০ জানুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া খেল’ ইণ্ডিয়া কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰিবলৈ আহিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব।

“আমি খেলপ্ৰিয় মানুহ। আমাৰ বাবে হিমা দাস, ৰিয়ান পৰাগ যিমান প্ৰিয় ভাৰতবৰ্ষৰ অন্য খেলুৱৈসকলো আমাৰ বাবে প্ৰিয়। কিন্তু আমি কেতিয়াও এই সময়ত কোনো কাৰণত অসমলৈ নৰেন্দ্ৰ মোদীৰ আগমন বিচৰা নাই। আমি আপোনাক ঘিণ কৰো, আমি আপোনাক বিৰোধিতা কৰো। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ ৰূপান্তৰিত কৰি আপুনি প্ৰথমবাৰলৈ অসমলৈ অহাৰ পৰিকল্পনা কৰিছে। নৰেন্দ্ৰ মোদী অসমলৈ অহা দিনটোত ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহিব লাগিব আৰু আমাৰ খং, ক্ষোভ তথা অসমীয়া জাতিটোক আমি কিমান ভাল পাওঁ নৰেন্দ্ৰ মোদীক বুজাই দিব লাগিব,” চাংমায়ে কয়।

আনহাতে, কা-বিৰোধী আন্দোলনৰ সমান্তৰালকৈ কৰ্ম আন্দোলনো চলাই যাবলৈ যুৱ প্ৰজন্মক আহ্বান জনায় গৰিমা শইকীয়া গাৰ্গে।

গৰিমা শইকীয়া গাৰ্গে ভাষণ প্ৰসংগত কয়, “এই আন্দোলন দীঘলীয়া হ’ব। কিমান দিনলৈ চলিব সেয়া আমি নাজানো। কা আমাক নালাগে কিন্তু এতিয়া আমাক কাম লাগে। কা-বিৰোধী আন্দোলনৰ সমান্তৰালকৈ কৰ্মৰ আন্দোলনো কৰিব লাগিব। নতুন প্ৰজন্মই এই কথা বুজিব লাগিব বহিৰাগতই আহি ভূমি দখল কৰাৰ সুবিধা কিয় পালে?”

ইপিনে, প্ৰতিবাদী সমদলৰ অন্তত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই “আন্দোলন দীঘলীয়া হ’ব” বুলি মত প্ৰকাশ কৰি অহা ৯ জানুৱাৰিত কা-ৰ বিৰুদ্ধে আছুৰ উদ্যোগত হ’’লগীয়া “ৰণশিঙা’’ কাৰ্য্যসূচীলৈ সকলো লোককে পৰম্পৰাগত বাদ্যযন্ত্ৰ লগত লৈ লতাশিল খেলপথাৰলৈ আহিবৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd