• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম শিল্পী কাননৰ উদ্যোগত শিল্পী সমাৰোহ

অসমৰ ত্ৰিশ গৰাকী বিশিষ্ট শিল্পী- সাহিত্যিকক সম্বৰ্ধনা

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
September 27, 2021 7:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম শিল্পী কাননৰ উদ্যোগত , মৰিগাঁও জিলা সমিতি আৰু বিষ্ণুজ্যোতি কলা পৰিষদৰ সহযোগিতাত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিলচাং বিহুতলিত অনুস্থিত হয় ‘শিল্পী সমাৰোহ’ ।

অসম শিল্পী কানন,মৰিগাঁও জিলা সমিতি আৰু শিলচাং অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াৰ “মতবিনিময় অনুষ্ঠান” কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটি শুভাৰম্ভ কৰে কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা অসম শিল্পী কাননৰ উপসভাপতি ড° দীপা বৰুৱাই ।

Apply Now

অনুষ্ঠানটি আঁত ধৰে অসম শিল্পী কাননৰ সম্পাদক দৰ্শন মহন্ত আৰু শিল্পী সাহিত্যিক মীনা বৰাই ।

বিয়লি দুই বজাৰ পৰা আৰম্ভ হোৱা শিল্পী সমাৰোহৰ মূল কাৰ্যসূচী উদ্বোধন কৰে মৌচমি কাকতিয়ে । নিদিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে পৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত তথা সাংস্কৃতিক কৰ্মী ড°কুশল হাজৰিকা, বিশিষ্ট গল্পকাৰ সাহিত্যিক শিৱানন্দ কাকতি আৰু শিক্ষাবিদ সমাজকৰ্মী ড° দীপশিখা ভাগৱতীয়ে ।

তিনিও গৰাকী বক্তাই সুধাকণ্ঠৰ ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু তেখেতৰ জীৱন দৰ্শন সম্পৰ্কে আলোকপাত কৰে । এই অনুষ্ঠানতেই অসম শিল্পী কাননৰ কেন্দ্ৰীয় সমিতিৰ আমন্ত্ৰণত আঠ গৰাকী ,মৰিগাঁও জিলা সমিতিৰ আমন্ত্ৰণত এঘাৰ গৰাকী আৰু শিলচাং অভ্যৰ্থনা সমিতিৰ আমন্ত্ৰণত ১২ গৰাকী সন্মানীয় শিল্পী ,সাহিত্যিক তথা বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্দ্ধিত বিশিষ্ট ব্যক্তি সকল হৈছে সাহিত্যিক ড°অমিয়া পাটৰ, একালৰ জনপ্ৰিয় বিহুৱতী দিপালী দাস মজুমদাৰ, সাহিত্যিক ড° নীৰলা দেৱী, সাহিত্যিক ৰানু নেওগ ভূঞা, সাংস্কৃতিক কৰ্মী ড° হেমন্ত কুমাৰ নাথ , সাহিত্যিক জেউতি হাজৰিকা, দ্বৈত কণ্ঠৰ শিল্পী পদুম বৰা, মুকাভিনয় শিল্পী কুমুদ চন্দ্ৰ বৰদলৈ , বিশিষ্ট সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মা, শিক্ষাবিদ নিলাক্ষী কাকতি, চিত্ৰ আৰু ভাস্কৰ্য শিল্পী দুলন চন্দ্ৰ নাথ, চেমনীয়া সাহিত্যিক কংকনা মেধি, অভিনেতা তথা চিকিৎসক ডা° শ্বাহিৰ আলম , সমাজ কৰ্মী বাবুল হুছেইন , ধাৰাবাহিকৰ প্ৰযোজক ইমৰাণ মালিক , কৌতুক শিল্পী পিতকন মান্তা, অনাতাঁৰ শিল্পী চেনীমাই বৰদলৈ, বাহী বাদক বুদ্ধেশ্বৰ বড়ো , তিৱা অনাতাঁৰ শিল্পী বৰ্মন পাটৰ, সাহিত্যিক ,নাট্যকাৰ তথা পৰিচালক কণ্ঠৈশ্বৰ ডেকা, সাহিত্যিক নোমল বৰদলৈ,অভিনেতা বীৰেণ বৰদলৈ , শিল্পী কন্টেশ্বৰ বৰদ,শিল্পী তপন বৰদলৈ ,শিল্পী বকিন্দ্ৰ কোৱৱ শংকৰী কৃষ্টিৰ সাধক প্ৰণৱ দাস আৰু শিল্পী লক্ষেশ্বৰ দাস ।

এই অনুষ্ঠানতৰ পাছতেই অনুষ্ঠিত হয় এখনি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন , লগতে আমন্ত্ৰণ শিল্পীৰ দ্বাৰা ভিন্নৰঙী সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল কৰি তোলে শিলচাং বিহুতলি।

এই সাংস্কৃতিক কাৰ্যসূচীত মুখ্য অতিথি শিল্পী ৰূপে উপস্থিত থাকে জনপ্ৰিয় ধাৰাবাহিক ‘বেহৰবাৰী আউটপষ্ট’ৰ সৰ্বজন প্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা(কে কে) । ইয়াৰ উপৰিও আমন্ত্ৰিত অতিথি শিল্পী ৰূপে উপস্থিত থাকে জনপ্ৰিয় সংগীত শিল্পী কৃষ্ণমণি নাথ আৰু চিত্ৰনাট্যকাৰ ,অভিনেতা পল্লৱ পৱন বৰা ।

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd