DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১২০০ সন্তানৰ ‘মাতৃ’ তেওঁ; ২০ বছৰ বয়সতে শ্মশানত কটাইছিল নিশা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2019 12:55 pm
thumb_555_082419084541

ফটো : ছনী টিভিৰ সৌজন্যত

12.4k
VIEWS
Share on FacebookShare on Twitter

বিগ বি অমিতাভ বচ্চনৰ মেগা শ্ব’ ‘কৌন বনেগা ক্ৰৌড়পতি-১১’ত শুকুৰবাৰে কৰ্মবীৰ বিশেষ খণ্ডটিত ভাগ লয় সমাজ সেৱিকা সিন্ধুতাই সপকালে।

শ্ব’টোত অমিতাভ বচ্চনে নিজে থিয় হৈ তেওঁক আদৰণি জনায়। অমিতাভে তেওঁ ভৰি চুই সেৱা কৰে আৰু তেওঁক হটছীটত বহুৱায়।

সিন্ধুতাইৰ জীৱন এক সংঘাতপূৰ্ণ পৰিক্ৰমাৰে পাৰ হৈ অহা জীৱন।

কে বে চিত সিন্ধুতাইয়ে নিজৰ কাহিনী বৰ্ণনা কৰোতে সকলো দৰ্শকৰে গাৰ নোম সিঁয়াৰি উঠে।

তেওঁ কয়, ‘’মই ২০ বছৰ বয়সৰ যেতিয়া আছিলো আৰু মোৰ কন্যা মমতাৰ বয়স আছিল ১০ বছৰ। সেই সময়ত মোৰ শহুৰৰ পৰিয়ালে মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। মোৰ মায়েও মোক ঘৰৰ পৰা উলিয়াই দিছিল। তেওঁ মোক বিচৰা নাছিল। মই কি কৰিম ভাবিব পৰা নাছিলো, ইমান কণমানি ছোৱালীজনীক লৈ মই ক’লৈ যাওঁ। মোৰ হাতত খোৱাবোৱা-থকামেলাৰ কাৰণে একো নাই। তেতিয়া মই ৰে’লত ঘুৰিবলৈ ধৰিলো। জীয়াই থকাৰ বাবে মই ৰে’ল গান গোৱা আৰম্ভ কৰিলো।‘’

‘’মোৰ ঘৰ নাছিল। ভিক্ষাৰীসকলৰ লগত খানা খাইছিলো। দিনটো কিবাকৈ পাৰ হৈ যায়, কিন্তু ৰাতিটোৰ বাবেহে চিন্তা হয়। মোৰ বয়স তেতিয়া ২০ বছৰ। পুৰুষলৈ ভয় লাগিছিল। ক’লৈ যাম বুজিব পৰা নাছিলো, সেয়ে মই শ্মশানলৈ গৈ শুইছিলো। কিয়নো নিশা তালৈ কোনো নাহে। মৃত্যুৰ পাছতহৈ তালৈ মানুহ আহে। আকৌ কোনোৱে নিশা মোক তাত দেখিলে ভূত ভূত বুলি চিঞৰি পলাইছিল।‘’

kbc1-1566624106
ফটো : ছনী টিভিৰ সৌজন্যত

এয়াই শেষ নহয়। তেওঁ আগলৈ কৈ গ’ল,’’শ্মশানত থকা এজনী মাইকী মানুহে কি কৰিব পাৰে। মই ভোকাতুৰ আছিলো, গতিকে আনৰ ভোকৰ যন্ত্ৰণা মই বুজি পাওঁ। মই খানা ভগাই খাইছিলো আৰু অনাথসকলৰ ‘মা’ হৈ গ’লো।‘’

সিন্ধুতাইয়ে সকলো অনাথ শিশুৰ চোৱাচিতাৰ কাম আৰম্ভ কৰি দিলে। কিন্তু তেওঁ যেতিয়া এই কাম আৰম্ভ কৰিলে তেতিয়া প্ৰথমতে তেওঁৰ মনলৈ আহিল যে তেওঁৰ নিজৰ কন্যাজনী যদি তেওঁৰ সৈতে থাকে তেতিয়াহ’লে আন শিশুবোৰে তেওঁলোকৰ সৈতে ভেদভাৱ কৰা বুলি ভাবিব পাৰে, সেয়েহে প্ৰথমতেই তেওঁ নিজৰ কন্যা মমতাক নিজৰ পৰা নিলগাই ৰাখিলে।

উল্লেখযোগ্য যে সিন্ধুতাইক অনাথৰ মাতৃ বুলি কোৱা হয়। সিন্ধুতাইয়ে যেতিয়া কোনো অনাথ শিশুক পথৰ দাঁতিত কান্দি থকা দেখে, তেতিয়াই তাক নিজৰ কৰি লয়।

সিন্ধুতাইৰ পৰিয়ালত ২০৭গৰাকী জোৱাই, ৩৬গৰাকী বোৱাৰী আৰু ৪৫০টিতকৈয়ো অধিক নাতি-নাতিনী তথা ১২০০তকৈয়ো অধিক শিশু আছে।

সিন্ধুতাইয়ে ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰৰ উপৰি এতিয়ালৈকে ৭৫০ টা বঁটা লাভ কৰিছে। এতিয়াও তেওঁ নিজৰ কাম নিৰৱিচ্ছিন্নভাৱে কৰি আহিছে।

কে বি চিৰ শ্ব’টোত সিন্ধুতাইয়ে তেওঁৰ জৈৱিক কন্যা মমতাৰ সৈতে হট্শ্বীটত বহিছিল।

Recent News

teen kills one-year-old girl

জিঘাংসু প্ৰতিশোধ: এটা চৰৰ প্ৰতিশোধ ল’বলৈয়ে এবছৰীয়া কন্যা শিশুক পানীত পেলাই হত্যা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd