NORTHEAST NOW (Assamese)

মুছলমানৰ বিৰুদ্ধে উচতনিমূলক ছবি: ছিংগাপুৰত নিষিদ্ধ হ’ল বলিউডৰ দ্য কাশ্মীৰ ফাইলছ্

May 10, 2022 4:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 10, 2022 4:09 pm

ভাৰতবৰ্ষত বহুল জনপ্ৰিয়তা অৰ্জন কৰা বলিউডৰ চলচ্চিত্ৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক মুছলমানসকলৰ বিৰুদ্ধে উচতনিমূলক তথা একপক্ষীয় চিত্ৰায়নৰ বাবে ছিংগাপুৰত নিষিদ্ধ কৰা হৈছে।

আন্ত: ৰাষ্ট্ৰীয় সংবাদ সংস্থা CNN-ৰ প্ৰতিবেদন অনুসৰি ছিংগাপুৰৰ কৰ্তৃপক্ষই মুছলমানসকলৰ বিৰুদ্ধে উচতনিমূলক আৰু কাশ্মীৰত চলি থকা সংঘৰ্ষত হিন্দুসকলক অত্যাচাৰ কৰাৰ একপক্ষীয় চিত্ৰায়নৰ বাবে শ্ৰেণীভুক্ত কৰিবলৈ অস্বীকাৰ কৰিছে।

চলিত বৰ্ষৰ ১১ মাৰ্চ মত মুক্তিপ্ৰাপ্ত বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ১৯৯০ ৰ দশকত কাশ্মীৰ উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ ওপৰত আধাৰিত।

ছিংগাপুৰ ইনফোকম মিডিয়া ডেভেলপমেণ্ট অথৰিটি (IMDA), সংস্কৃতি, সম্প্ৰদায় আৰু যুৱ মন্ত্ৰালয় (MCCY) আৰু গৃহ মন্ত্ৰালয়ে এক যুটীয়া বিবৃতি জাৰী কৰি চিনেমাখন নিষিদ্ধ ঘোষণা কৰে।

“চিনেমাখনে বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা সৃষ্টি কৰাৰ সম্ভাৱনা আছে। লগতে আমাৰ বহুজাতিক আৰু বহুধৰ্মীয় সমাজত সামাজিক সংহতি আৰু ধৰ্মীয় সম্প্ৰীতি ব্যাহত কৰাৰ সম্ভাৱনা আছে।”— বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে।

চলচ্চিত্ৰ শ্ৰেণীবিভাজন নিৰ্দেশনাৱলীৰ অধীনত ছিংগাপুৰত জাতিগত বা ধৰ্মীয় সম্প্ৰদায়ক অৱমাননা কৰা যিকোনো চলচ্চিত্ৰৰ শ্ৰেণীবিভাজন কৰিবলৈ অস্বীকাৰ কৰা হয়।

কংগ্ৰেছ সাংসদ শশী থাৰুৰে এই নিষেধাজ্ঞা বিবৃতিৰ এটা অংশ সংযোগ কৰি টুইটাৰযোগে কয়, “ভাৰতৰ শাসকীয় দলৰ দ্বাৰা প্ৰচাৰিত চলচ্চিত্ৰ টুইটাৰযোগে ছিংগাপুৰত নিষিদ্ধ কৰা হৈছে।”

আনহাতে থাৰুৰৰ টুইটৰ পিছতে চলচ্চিত্ৰ খনৰ পৰিচালক বিবেক অগ্নিহোত্ৰী অগ্নিহোত্ৰীয়ে টুইট কৰি ছিংগাপুৰক বিশ্বৰ আটাইতকৈ প্ৰতিক্ৰিয়াশীল চেঞ্চৰ বুলি অভিহিত কৰে।

উল্লেখ্য যে দ্য কাশ্মীৰ ফাইলছে ভাৰতবৰ্ষত শাসকীয় বিজেপি দল তথা চৰকাৰৰ পৰা বিশেষ পৃষ্ঠপোষকতা লাভ কৰিছিল। বিজেপি শাসিত কেইবাখনো ৰাজ্যই চিনেমাখনক মনোৰঞ্জন কৰৰ পৰা ৰেহাই দিছিল।

Related News