• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিতৰ্কিত ‘মাজুলী গাভৰু’ : ফেইচবুকৰ মাধ্যমেৰে অসমবাসীক ক্ষমা খুজিলে বাবুৱে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 19, 2019 8:07 pm
Babue Khyoma Khujile

বাবুৰ ফেইচবুক পোষ্ট

1.8k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ নতুনকৈ মুক্তি পোৱা ‘মাজুলী গাভৰু’ গীতক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল তাৰ পাছতে নিজৰ ফেইচবুক একাউন্টৰ জৰিয়তে ক্ষমা খুজিলে বাবুৱে।

উল্লেখযোগ্য যে ‘মাজুলী গাভৰু’ নামৰ গীতটোত মাজুলীৰ সত্ৰ-সংস্কৃতিক বিকৃতধৰণেৰে উপস্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বাবুৰ এই গীতটিৰ পাছতে চ’ছিয়েল মেডিয়াৰ জৰিয়তে বহুতে সমালোচনা কৰাৰ লগতে মাজুলীত বাবুৰ প্ৰৱেশ নিষিদ্ধ বুলি ঘোষণা কৰিছিল মাজুলীৰ একাংশ সচেতন জনতাই। আনকি কন্ঠশিলী বাবু বৰুৱাৰ বিৰুদ্ধে গোচৰ তৰাৰো হুংকাৰ দিছিল একাংশই।

তাৰ পাছতে বাবুৱে ফেইচবুকৰ জৰিয়তে ক্ষমা খুজি এইদৰে লিখে ‘মোৰ নতুন আধুনিক গীত “মাজুলী গাভৰু” ৰ Video ক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া মোৰ একান্তই অনিচ্ছাকৃত। কোনো ধৰ্মীয় পৰম্পৰাৰ অনুভূতিক আঘাত কৰাৰ দু: সাহস মই কেতিয়াও কৰা নাই বা আগলৈও নকৰোঁ।‘

‘যিহেতু”মাজুলী গাভৰু” গীত টিৰ Video টোৱে সত্ৰীয়া পৰম্পৰাৰ অনুভূতিত আঘাত হানিছে বুলি অভিযোগ উত্থাপিত হৈছে, সেয়ে মই অত্যন্ত ব্যথিত হৈছো আৰু এই Facebook মঞ্চৰ পৰাই এই অনিচ্ছাকৃত ভুলৰ বাবে সকলোৰে ওচৰত মই ক্ষমা ভিক্ষা প্ৰাৰ্থনা কৰিলোঁ লগতে গীত টিৰ Video টো উল্লেখিত YouTube channel ত সম্পাদনা কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ,’’ বাবুৱে লগতে লিখে।

অৱশ্যে, বাতৰি লিখালৈকে গীতটি YouTube channel টোৰ পৰা আঁতৰ কৰা নাই বাবুৱে।

বাবুৰ বিতৰ্কিত গীতটোৰ এটা অংশত মাজুলীৰ সত্ৰত মহিলাৰ প্ৰবেশ নিষিদ্ধ বুলি দেখুওৱাৰ লগতে মহিলাই সত্ৰত প্ৰবেশ কৰাৰ বাবে এটা পৰিয়ালক এঘৰীয়া কৰাৰ দৃশ্যও দেখুওৱা হৈছে।

ইয়াৰ লগতে এজন ভকতে এগৰাকী মহিলাক লঠিয়াই গুৰিয়াই উলিয়াই দিয়া গীতটিৰ ভিডিঅ’টোত দেখা গৈছে।

তদুপৰি সত্ৰীয়া পোচাক আৰু মাজুলীৰ মুখা শিল্পৰো বিকৃত উপস্থাপন হোৱাৰ অভিযোগ উত্থাপন হৈছে। গানৰ ভিচিঅ’টোত আছে মাজুলীৰ মুখা পিন্ধি ভিক্ষা খোজাৰ দৃশ্য।

শেহতীয়া আপডেট- নৰ্থ-ইষ্ট নাওত বাতৰিটো প্ৰকাশিত হোৱাৰ পাছতে কণ্ঠশিল্পী গৰাকীয়ে ইউটিয়ুবৰ পৰা বিতৰ্কিত গানটো ডিলিট কৰি দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd