• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসংগ : শিশু নিৰ্যাতন; ফেইচবুকত কল্পনা পাটোৱাৰীৰ চাঞ্চল্যকৰ ভিডিঅ’ই সৃষ্টি কৰিছে বিতৰ্কৰ||Video||

কল্পনা পাটোৱাৰীয়ে শিশু কল্যাণ কমিতিৰ বিৰুদ্ধে অনা অভিযোগ নস্যাৎ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 6, 2019 1:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা গৈ ভোজপুৰী সংগীতৰ জৰিয়তে মুম্বাইত প্ৰতিষ্ঠা লাভকৰা কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে আজি পুৱা প্ৰায় ৯ বজাত ফেইচবুকযোগে এটা চাঞ্চল্যকৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

ভিডিঅ’টোত এগৰাকী ৭ বছৰীয়া শিশু কন্যাক লৈ টনা আজোৰা চলোৱা দৃষ্টিগোচৰ হৈছে।

Apply Now

ভিডিঅ’টোত শিশু কন্যা গৰাকীক কল্পনা পাটোৱাৰীয়ে নিজৰ ভাগিনীয়েক বুলি পৰিছয় দিছে।

ভিডিঅ’টোত পাটোৱাৰীয়ে উল্লেখ কৰা অনুসৰি কিছুদিন পূৰ্বে শিশুটিয়ে নিজৰ মাতৃক হেৰুৱাইছিল। পাছত আইতাক আৰু মাহীয়েকৰ লগত থকা শিশুটিক পিতৃৰ পৰিয়ালে টানি আজুৰি নিবলৈ চেষ্টা কৰাৰ দৃশ্য ভিডিঅ’টোত দেখা গৈছে।

অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ আৰু শিশু কল্যাণ সমিতিয়ে আইনৰ দোহাই দি কন্যা শিশুটিক মানসিকভাৱে নিৰ্য্যাতন চলোৱা অভিযোগ উত্থাপন কৰিছে কল্পনা পাটোৱাৰীয়ে।

‘মোৰ ভন্টি ৩ তাৰিখে ঢুকাই থাকিলে বেংগলুৰুত। তাই এজনী ৭ বছৰীয়া ছোৱালী এৰি থৈ গৈছে। মাতৃৰ মৃত্যুৰ পাছত তাই চক পাই মাহী মাহী বুলি আমাৰ লগত আছে। তাই বাপেকৰ ওচৰলৈ যাবলৈ নিবিচাৰে। সেইকাৰণে মাকৰ ফালৰ পৰা ছোৱালীজনীক জিম্মাত ল’বলৈ আমি আবেদন কৰিলো। তাইৰ আবেগৰ আইন আছে নে নাই, তাই মাইনৰ। আমি কৈছো আমি বুজাই বঢ়াই ভালদৰে পঠাম। কিন্তু CWC য়ে কৈছে শিশুটোক চাইল্ড হোম বা বাপেকৰ ওচৰত থ’ব। অভিভাৱক মানে কি পেটৰ পৰা জন্ম দিয়া নেকি? অভিভাৱকটো বহুত ডাঙৰ শব্দ। তাই আমাৰ লগত থাকিব বিচাৰিছে। আমিও বুজাই বঢ়াই তাইক পঠাই দিম। কিন্তু বাপেকে কথাটো বুজা নাই।’ ভিডিঅ’টোত পাটোৱাৰীয়ে এইদৰে কয়।

ইপিনে, কল্পনা পাটোৱাৰীয়ে ভিডিঅ’টোত উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে শিশু অধিকাৰ আয়োগৰ অধ্যক্ষ ড০ সুনীতা চাংকাকতিয়ে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত চাংকাকতিয়ে শিশু কল্যাণ কমিটিৰ বিৰুদ্ধে কল্পনা পাটোৱাৰীয়ে অনা অভিযোগ নস্যাৎ কৰি তেওঁ কয় ‘শিশু কল্যাণ কমিটিয়ে কেতিয়াও এনে কাম কৰিব নোৱাৰে আৰু কৰিবও নোৱাৰে। কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে আমি গোচৰ দিব পাৰো, কিয় তেওঁ ছোৱালী এজনীয়ে কান্দি থকা ভিডিঅ’ ফেইচবুক য়ুটিউবটত দিয়াটো সঠিক হোৱা নাই। যিবিলাক কাম কৰাৰ অধিকাৰ নাই সেইবোৰ তেওঁ কৰি আছে।’

‘৪-৫ দিন পূৰ্বে পাৰ্থ মহন্ত নামৰ মানুহ এজন আমাৰ আয়োগৰ ওচৰলৈ আহিছিল। তেওঁৰ পত্নী ঢুকোৱাত ছোৱালীজনীক আইতাকৰ ঘৰত ৰাখিছিল। তেওঁৰ ছুটী শেষ হোৱাত বেংগলুৰুলৈ উভতি যাবলৈ ওলোৱাত ছোৱালীজনীকো লগত লৈ যাব বিচাৰিছিল। কিন্তু আইতাকৰ ঘৰত ছোৱালীজনী বাপেকক নেদেখুৱালে। তাৰ পাছত তেওঁ স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কোনো সহাৰি নাপাই শিশু অধিকাৰ আয়োগৰ কাষ চাপিছিল।‘

‘আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াটো হ’ল ছোৱালীজনীৰ বাপেক বায়’ল’জিকেল দেউতাক হয়, শিশু অধিকাৰ অনুসৰি ছোৱালীজনী বাপেকে লাভ কৰিব। যদি বাপেক শাৰিৰীকভাৱে অক্ষম, বা অৰ্থনৈতিকভাৱে জুৰুলা হয়, তেতিয়াহে ছোৱালীজনীৰ সম্পৰ্কৰ কোনো আইতাক বা অন্য কোনো পৰিয়ালৰ সদস্যই পাব। তেতিয়া আমি ছোৱালীজনীক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিলো।’ চাংকাকতিয়ে লগতে কয়।

অৱশ্যে আয়োগৰ সদস্যই ছোৱালীজনীক তেওঁলোকৰ অধীনলৈ আনিব খোজাত ছোৱালীজনী তেওঁলোকৰ লগত নাহো বুলি ক’লে বুলিও চাংকাকতিয়ে জনায়।

তেওঁ আৰু কয় ‘ছোৱালীজনীৰ জৱানবন্দী ল’বলৈ আমি আমাৰ কাৰ্য্যালয়লৈ আনিব বিচাৰিছিলো আৰু কল্পনা পাটোৱাৰীকো যোগাযোগ কৰি কথাখিনি বুজাই দিছিলো। তেওঁলোকে ছোৱালীজনীক নপঠিয়ালে আৰু ঘৰত মতা মানুহ নাই বুলিও ক’লে। তেওঁলোকে ছোৱালীজনীক আমাৰ কাৰ্য্যালয়লৈ কিছু সময়ৰ বাবে নানিলে আৰু আমাকো এইক্ষেত্ৰত সহায়-সহযোগ নকৰিলে।’‘

তাৰ পাছত কলকাতাৰ মুখ্য কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰি আয়োগৰ বিষয়ববীয়া সকলে নিজে গৈ ছোৱালীজনীৰ জৱানবন্দী ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।

‘তাত ছোৱালীজনীৰ লগত কথা পাতি গম পালো ছোৱালীজনী সৰু গতিকে দেউতাৱক অফিচলৈ যোৱাৰ পাছত তাই অকলে থাকিবলগীয়া হ’ব, গতিকে তাই দেউতাৱকৰ লগত যাব খোজা নাই। ছোৱালীজনীৰ আইতাকেও আৰু ককাক অৰ্থ্যাৎ কল্পনা পাটোৱাৰীৰ মাক দেউতাকে ছোৱালীজনীক ৰাখিব খোজা নাছিল। তেওঁলোক বয়সস্থ গতিকে ছোৱালীজনীৰ দায়িত্ব ল’ব খোজা নাছিল,’ চাংকাকতিয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd