কন্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ প্ৰেমিকৰ ভাৰাঘৰত আজি চিপ লৈ থকা অৱস্থাত কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।
কণ্ঠশিল্পীগৰাকীৰ প্ৰেমিক ঋতুপৰ্ণ দাসৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।
ইতিমধ্যে ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। প্ৰাথমিক তদন্তৰ অন্তত কন্ঠশিল্পীগৰাকীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও বৰ্তমানো ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা।
আনহাতে সোধ-পোচৰ বাবে ভঙাগড় আৰক্ষীয়ে কৰৱীৰ প্ৰেমিক ঋতুপৰ্ণ দাসক আটক কৰিছে। বৰ্তমান আৰক্ষীয়ে ঋতুপৰ্ণ দাসক ঘটনা সন্দৰ্ভত সোধ-পোচ অব্যাহত ৰাখিছে বুলি ভঙাগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ ৰাভাই জনায়।
ঋতুপৰ্ণ আৰু কৰৱীৰ মাজত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল। কিছুদিন পূৰ্বে কৰৱী ঋতুপৰ্ণৰ ৰূমত থাকিবলৈ লৈছিল, ঘৰলৈ ঘূৰি নোযোৱা হ’ল। মঙলবাৰে অৰ্থাৎ ৬ আগষ্টৰ নিশা দুয়োৰে মাজত কাজিয়া লগাত কৰৱীয়ে ভিতৰৰ ফালৰ পৰা দৰ্জাখন বন্ধ কৰি দিয়ে। পাছত পুৱাৰ ভাগত ঋতুপৰ্ণ দাসে বাহিৰৰ পৰা দৰ্জাখন বন্ধ থকা দেখি ককায়েকক খবৰ দিয়াৰ লগতে ভঙাগড় আৰক্ষীকো খবৰ দিয়ে। এই নৰ্থ ইষ্ট নাওক ভঙাগড় আৰক্ষীয়ে জনায়।
বৰ্তমান কৰৱীৰ পৰিয়ালে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। আৰু এই এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।