DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

অন্ত পৰিল কণ্ঠৰ মায়াময় যাদুৰ লহৰ: অনুৰাগীক শোকাহত কৰি বিদায় ল’লে কেকেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2022 8:20 am
Bollywood singer Krishnakumar Kunnath, popularly known as KK, is no more
158
VIEWS
Share on FacebookShare on Twitter

কেকে আৰু নাই! শেষ হৈ গ’ল সেই যাদুকৰী কণ্ঠ! নেপথ্যৰ সেই ‘অলবিদা অলবিদা’ গানৰ দৰেই সংগীত জগতৰ কোটি কোটি অনুৰাগীক শোকাহত কৰি ‘অলবিদা’ ক’লে কেকেই। যাদুকৰী কণ্ঠৰে সংগীতৰ মঞ্চখনক কল্লোলিত কৰি তোলা কৃষ্ণকুমাৰ কুন্নাথ, প্ৰতিজন অনুৰাগীৰ হেঁপাহৰ কেকেৰ কণ্ঠ ৰুদ্ধ হ’ল চিৰদিনৰ বাবে।

মঙ্গলবাৰে নিশা কলকাতাত এক সংগীতানুষ্ঠান প্ৰদৰ্শনৰ পিছতে চিৰদিনৰ বাবে চকু মুদিলে কেকেই।

হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৫৩ বছৰ বয়সতে অকাল মৃত্যুক আঁকোৱালি ল’লে সেউজ কণ্ঠৰ শিল্পীগৰাকীয়ে।

কলকাতাৰ নজৰুল মঞ্চত সংগীতানুষ্ঠানৰ পিছতে কেকে হঠাতে বাগৰি পৰে। লগে লগে তেওঁক স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু কলকাতাৰ চিএমআৰআই চিকিৎসালয়ৰ চিকিৎসকসকলে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখ্য যে মৃত্যুৰ অলপ সময় পূৰ্বে কেকেই নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত কলকাতাৰ নজৰুল মঞ্চত তেওঁৰ সংগীতানুষ্ঠানৰ ফটো পোষ্ট কৰিছিল।

বিংশ শতিকাৰ শেষ সময়ছোৱাত অভিষেক ঘটোৱাৰ পিছতে ভাৰতীয় চলচ্চিত্ৰ জগতখনৰ আটাইতকৈ বহুমুখী প্ৰতিভাৰ গায়ক হিচাপে পৰিগণিত হৈ পৰিছিল এই দৰদী কণ্ঠৰ কণ্ঠশিল্পী গৰাকী।

হিন্দীৰ উপৰি কেকেই তামিল, তেলেগু, কানাড়া আৰু বাংলা, গুজৰাটীকে ধৰি কেইবাটাও ভাৰতীয় ভাষাৰ সংগীতত কণ্ঠদান কৰিছিল। অসমীয়া ভাষাৰ গানতো কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে।

বিজ্ঞাপনৰ জিংগলৰ বাবে গান গাই কেৰিয়াৰ আৰম্ভ কৰা কেকেই এ.আৰ. ৰহমানৰ চাউণ্ডট্ৰেৰ যোগেৰে বলীউডত আত্মপ্ৰকাশ কৰে। ১৯৯৯ চনত তেওঁ ‘পল’ শীৰ্ষক তেওঁৰ প্ৰথম এলবাম মুকলি কৰে।

উক্ত এলবামৰ “পল” আৰু “য়াৰো” গানকেইটাই ভাৰতীয় সংগীতপ্ৰেমী সকলক বিশেষভাৱে আকৰ্ষণ কৰে। ইয়াৰ পাছতে জনপ্ৰিয় হৈ পৰে কেকে।

তাৰ পিছতে প্ৰতিজন সংগীতপ্ৰেমী লোকৰ হৃদয়ত স্থান পায় কেকেই। উপহাৰ দিয়ে এটাৰ পাছত আন এটাকৈ জনপ্ৰিয় গান। অৱশ্যে শেহতীয়া দশকটোত কেকেই লাভ নকৰিলে তেনে উচ্চস্তৰীয় সুযোগ।

আৰু অৱশেষত মঙ্গলবাৰে মাজনিশা সকলোকে হতচকিত কৰি বিদায় ল’লে মহাতাৰকা গৰাকীয়ে। তেওঁৰ গানৰ সেই ‘হাম ৰহে য়া না ৰহে কল, কল য়াদ আয়েংগে য়ে পল’ কলিৰ দৰেই প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ হৃদয়ত বহি ৰ’ব কেকে।

Recent News

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd